Rupaliparda.com
সুকন্যা বৰুৱাৰ সুন্দৰ চিত্ৰাংকনঃ আকৰ্ষিত দৰ্শক- 1

সুকন্যা বৰুৱাৰ সুন্দৰ চিত্ৰাংকনঃ আকৰ্ষিত দৰ্শক-

এবিধ মাৰাত্মক বেমাৰ আৰু লাখ লাখ লোকৰ মৃত্যু। চকুৰ পলকতে যেন দেশৰ মানুহবোৰ উফৰাই টানি নিছে ই নিজৰ মাজলৈ। বহু দেশৰ চৰকাৰে হাত থিয় কৰিছে; যৎপৰোনাস্তি চেষ্টাৰ পিছতো যেন বেয়া পৰিস্থিতিয়ে বাট ভেঁটি ধৰিছে। চীনৰ উহান বজাৰৰ পৰা আহি ই সকলোকে নিজৰ আগ্ৰাসনলৈ আনিলে; কিন্তু হঠাতে এনে পৰিস্থিতি কিয়? এয়া এতিয়াও এক প্ৰশ্ন! আমি যদি ক’ৰৱাত অনুভৱ কৰিব বিচাৰো, তেতিয়াহ’লে ক’ব লাগিব যে; সৰ্বশ্ৰেষ্ঠ মানৱে প্ৰকৃতিক দিয়া কষ্টক যেন পুনৰাবৃত্তি কৰি প্ৰকৃতিয়ে এইবাৰ কষ্ট দিছে মানৱক। বৰ্তমান প্ৰকৃতি শান্ত হৈ থকা নাই; মানৱৰ পৰা উঠি-পৰি কাঢ়ি লৈছে সকলোবোৰ। ইয়াৰ পৰিণাম কি হ’ব? এনে এক কথাকে সুন্দৰ চিত্ৰৰে প্ৰকাশ কৰিছে অভিনেত্ৰী সুকন্যা বৰুৱাই।

সুকন্যা বৰুৱাৰ সুন্দৰ চিত্ৰাংকনঃ আকৰ্ষিত দৰ্শক- 2
সুকন্যা বৰুৱাৰ সুন্দৰ চিত্ৰাংকনঃ আকৰ্ষিত দৰ্শক- 3


বহু দিনৰ পৰাই অভিনয়ৰ লগতে তেওঁ নিজেই অংকন কৰা চিত্ৰসমূহ পোষ্ট কৰিছিল চচিয়েল মিডিয়াত। ইয়াৰ মাজতেই প্ৰকৃতিক কেন্দ্ৰ কৰি অঁকা এই ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আচুৰ্য্য বৰপাত্ৰৰ “মলয়া বাইদেউৰ জীয়েক হেনো পলাই গ’ল” শীৰ্ষক গীতটিৰ পৰা দৰ্শকৰ মাজত চিনাকী হৈ পৰা এই গৰাকী অভিনত্ৰীৰ বৰ্তমান অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। চচিয়েল মিডিয়াত যদি অসমীয়া নৱ প্ৰজন্মৰ অভিনেত্ৰীৰ ভিউৱাৰচ গণনা কৰো তেনেহ’লে সুকন্যাৰ নাম শীৰ্ষত পোৱা যাব বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব।

https://www.instagram.com/p/B-XT00vAjw8/?utm_source=ig_web_copy_link


বিগত দিনত “সোণচেং”, “জিন্দ মাহী” ইত্যাদি গীতত দেখিবলৈ পোৱা সুকন্যা আহিবলগীয়া সময়ত আন কেইবাটাও গীতত অভিনয় কৰা দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.