“কভিড-১৯” ৰ ফলত হোৱা ২১ দিনীয়া লক-ডাউনে যদিও জনসাধাৰণক উক্ত মহামাৰীৰ পৰা বচাবলৈ সক্ষম হৈছে তৎস্বত্বেও এই ২১ দিনীয়া বন্ধই বহু শ্ৰমিকৰ দিনে কৰা আয় খিনিত এতিয়া প্ৰশ্ন হৈ ৰৈছে। দিন হাজিৰা কৰি খোৱা শ্ৰমিকসকলে নিশ্চিত ভাৱে ২১ দিনীয়া বন্ধৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে। এনেক্ষেত্ৰত বলীউড ক্ষেত্ৰত কৰ্মৰত বহু ৱৰ্কাৰচক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বি-টাউনৰ পৰিচালক ও অভিনেতা। “ফেডাৰেচন অৱ ৱেষ্টৰ্ন ইণ্ডিয়া চিনে এম্পলইজ” চমুকৈ “FWICE” ৰ সাধাৰণ সম্পাদক অশোক দুবে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰ অনুসৰি ক’ব পাৰি যে বিভিন্ন বলীউড অভিনেতা তথা পৰিচালকে শ্ৰমিক সকলক সহায় আগবঢ়াইছে।

এনেক্ষেত্ৰত, পৰিচালক ৰোহিট চেট্টীয়ে যোৱা ৩০ মাৰ্চ তাৰিখে ফিল্ম ফেডাৰেশ্বনৰ ২৫ হাজাৰ শ্ৰমিকৰ বাবে ৫১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে এতিয়া আকৌ ৫১ লাখ টকাৰ অনুদান আগবঢ়াবলৈ আগবাঢ়ি আহিছে অভিনেতা অজয় দেৱগন। ইয়াৰ উপৰিও ছলমান খান ফিল্মসে ২৫ হাজাৰ শ্ৰমিকৰ একাউট নম্বৰ খোজাত সম্পাদক অশোক দুবেই এই একাউন্ট নম্বৰ সমূহ দুই-এদিনতে পঠিয়াই দিম বুলি ব্যক্ত কৰে। উল্লেখ্য যে, বলীউড তাৰকাৰ ভিতৰত বিভিন্ন জনৈ তেওঁলোকৰ সামাজিক দায়বদ্ধতা সুন্দৰ ৰূপে পালন কৰা দেখিবলৈ পোৱা গৈছে। যিজনে যেনেদৰে পাৰিছে ঠিক তেনদৰেই সহায় সহযোগিতা আগবঢ়াইছে এওঁলোকলৈ।

এইখিনিতে মন কৰিবলগীয়া যে, অশোক ডুবে বিভিন্ন জন চিলেব্ৰেটীৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ পৰা সহায় বিচাৰিছিল আৰু ইয়াৰ ভিতৰত বিগ বি অমিতাভ বচ্চনো আছিল এগৰাকী। তেওঁলৈ মেইল প্ৰেৰণ কৰা হৈছিল যদিও তেওঁৰ ফালৰ পৰা কোনো উত্তৰ অহা নাছিল; ইয়াৰ উপৰিও বিগ বিলৈ এই মেইল পঠিওৱা প্ৰায় এসপ্তাহ পাৰ হৈছে।
Add comment