Rupaliparda.com
"Quarantine" ত ব্যতিক্ৰমী কচৰৎ অমৃতা গগৈৰঃ 1

“Quarantine” ত ব্যতিক্ৰমী কচৰৎ অমৃতা গগৈৰঃ

অসমতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে “কভিড ১৯” পজিটিভ ৰোগীৰ সংখ্যা; ই ইতিমধ্যে অতিক্ৰম কৰিলে ২৫ ৰ ঘৰ। এতিয়া মাত্ৰ এটাই উপায়; কেৱল ঘৰতেহে থাকি নিজ তথা পৰিয়ালক সুস্থ কৰি ৰাখিব পৰা যাব। “লক-ডাউন” ৰ বাকী থকা দিনকেইটাও যাতে সকলো জনসাধাৰণে নিজক সজাগ কৰি ৰাখে তাৰেই এতিয়া আহ্বান জনাইছে প্ৰশাসন ও চৰকাৰে। এনেক্ষেত্ৰত, আমি পূৰ্বৰে পৰা দেখি আহিছো একোজন ব্যক্তিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি “কভিড ১৯” ৰ সজাগ বাৰ্তা প্ৰেৰণ কৰিছে একাংশ চিলেব্ৰেটীয়ে। বিভিন্ন ভিডিঅ’ ও ফটো যোগেৰে তেওঁলোকে এই বাৰ্তা প্ৰেৰণ কৰিছে জনসাধাৰণলৈ।

"Quarantine" ত ব্যতিক্ৰমী কচৰৎ অমৃতা গগৈৰঃ 2


ইয়াৰ উপৰিও, শিল্পী সমূহে তেওঁলোকৰ নিত্য-নৈমিত্তিক কাম সমূহ যেনে ঘৰতে জিম কৰা, খোৱা বস্তু বনোৱা ইত্যাদি কামবোৰ একোটা ভিডিঅ’ যোগে চচিয়েল মিডিয়াত আপলোড কৰিছে। এইবাৰ এনে “Workout Video” আপলোড কৰে অভিনেত্ৰী অমৃতা গগৈয়ে। ব্যতিক্ৰমী কচৰৎ কৰি অনুৰাগীক আকৰ্ষণ কৰিলে অভিনেত্ৰী গৰাকীয়ে। চাওঁক এই ভিডিঅ’-

https://www.instagram.com/p/B-hmqvpJ38t/?utm_source=ig_web_copy_link


উল্লেখ্য যে,অসমীয়া চলচিত্ৰ জগতত এক জনপ্ৰিয় নাম হৈছে অমৃতা গগৈ। শিৱসাগৰত জন্ম লাভ কৰা অমৃতা গগৈ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত সত্ৰীয়া নৃত্যশিল্পী। ৰং চেনেলৰ দ্বাৰা আয়োজিত “মই অসম দেশৰ ছোৱালী” ৰ খিতাপ লাভ কৰা অমৃতা গগৈ চিৰিয়েল “ৰাগিণী” ৰ পৰা লাভ কৰিছিল চিনেমাৰ প্ৰজেক্ট। “ছয়গাঁৱৰ চম্পা” চিনেমাখন তেওঁৰ ছবিৰ ক্ষেত্ৰত প্ৰথমটো প্ৰজেক্ট আছিল যদিও “অহেতুক” খন প্ৰথমে মুক্তি লাভ কৰাৰ বাবে অমৃতা গগৈৰ জীৱনৰ প্ৰথমখন চিনেমা বুলি ধৰা হয় “অহেতুক” ছবিখনক। বিগত বছৰত বিবাহ পাশত আবদ্ধ হোৱা এই গৰাকী অভিনেত্ৰীক শেহতীয়াকৈ নাৰী সৱলীকৰণক কেন্দ্ৰ কৰি নিৰ্মিত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform