অক্ষয় কুমাৰ বি-টাউনৰ এগৰাকী সফল ও জনপ্ৰিয় অভিনেতা। তেওঁৰ ছবিসমূহৰ লগতেই তেওঁৰ অভিনয়ে দেশৰ প্ৰত্যেকজন জনসাধাৰণক আকৃষ্ট কৰি তুলিছিল। এই গৰাকী অভিনেতাৰ অভিনয়ৰ লগতে পূৰ্বতে এওঁৰ বিভিন্ন প্ৰেমৰ খবৰে খলকনি লগাইছিল সংবাদ মহলত। সৰুৰ পৰা মহিলাৰ প্ৰতি আকৰ্ষিত হোৱা কথা নিজ মুখে ব্যক্ত কৰে অভিনেতা গৰাকীয়ে। প্ৰথমবাৰ স্কুলৰে এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰতি আকৰ্ষিত হৈছিল এই গৰাকী অভিনেতা। নিজৰ সৰু কালক মনলৈ আনি অক্ষয় কুমাৰে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ কৰে যে; তেওঁ সৰুতে হোমৱৰ্ক বোৰ শ্ৰেণীকোঠাত তেওঁৰ সৈতে পঢ়া লগৰীয়া সকলৰ পৰা কৰোৱাইছিল। ইয়াৰ উপৰিও, অভিনেতা গৰাকীৰ সৈতে স্কুলত একেখন বেঞ্চত বহা লগৰ জনক তেওঁৰ শ্ৰেণী শিক্ষয়িত্ৰীৰ প্ৰতি থকা আকৰ্ষণৰ কথা ব্যক্ত কৰিছিল। অক্ষয় কুমাৰৰ “প্ৰথম প্ৰেম” আছিল এগৰাকী শিক্ষয়িত্ৰী।

আছলতে, ইয়াত একো প্ৰশ্ন কৰিবলগীয়াও নাই কিয়নো এতিয়াও বেছিভাগ স্কুলৰ ল’ৰা-ছোৱালী প্ৰথমে আকৰ্ষিত হয় শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতিহে। উল্লেখ্য যে, বলীউডত অন্তৰ্ভূক্ত হোৱা সময়ছোৱাত অক্ষয় কুমাৰ কেইবাগৰাকীও অভিনেত্ৰীৰ সৈতে জড়িত হৈছিল সেয়া আছিল ক্ৰমে শিল্পা ছেট্টী, ৰবীনা টেণ্ডন, পূজা বাত্ৰা আদি। কিন্তু পিছলৈ তেওঁ অভিনেত্ৰী টুইংকল খান্নাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। বৰ্তমান তেওঁ দুই সন্তানৰ পিতৃ।

আগন্তুক সময়ত “সূৰ্য়বংশী”, “লক্ষ্মী বোম্ব” তথা “বচ্চন পাণ্ডে” দৰে কেইখন মান ছবিত অক্ষয় কুমাৰক দেখিবলৈ পোৱা যাব। এইগৰাকী খিলাড়িয়ে ইতিমধ্যে PM CARES FUND লৈ ২৫ কোটি টকাৰ অনুদান আগবঢ়ায়।
Add comment