Rupaliparda.com
"চৰ্টছ" পিন্ধি সমালোচনাৰ সন্মুখীন দিশা পাটানীঃ 1

“চৰ্টছ” পিন্ধি সমালোচনাৰ সন্মুখীন দিশা পাটানীঃ

বলীউডৰ ফিট অভিনেত্ৰী সকলৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী দিশা পাটানী। তেওঁ কেতিয়াবা ইয়াৰ বাবে ট্ৰোল হৈছে যদিও কেতিয়াবা আকৌ তেওঁৰ ফিগাৰৰ বাবে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে সাধাৰণ জনক।এইবাৰ আকৌ এনে সমালোচনাৰ সন্মুখীন হয় অভিনেত্ৰী গৰাকী। কোৱাৰেন্টিনৰ সময়ছোৱাত চচিয়েল মিডিয়াত প্ৰায় একটিভ হৈ থাকে অভিনেত্ৰী দিশা। এই সময়ছোৱাত বিভিন্ন ফটো অথবা ভিডিঅ’ৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী গৰাকী।

https://www.instagram.com/p/B-l2szyAYST/?utm_source=ig_web_copy_link


কিন্তু এইবাৰ এটা “চৰ্টছ” পৰিধান কৰি দিয়া ফটোৱে দিশাক আকৌ মিশ্ৰিত সমালোচনাৰ সন্মুখীন কৰাইছে। এম.এছ ধোনীৰ দ্বাৰা বলীউড ছবিত নিজ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছৰে পৰাই তেওঁ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হয় পৰে। তেওঁ বিগত সময়ছোৱাত বিভিন্ন ফিটনেছ ভিডিঅ’ আপলোড কৰাৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে ব্যক্তিগত ইউটিউব চেনেল এটাও খুলি লয়। দিশা পাটানীৰ টাইগাৰ শ্ৰফৰ সৈতে থকা সম্পৰ্কৰ বাবেও তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

"চৰ্টছ" পিন্ধি সমালোচনাৰ সন্মুখীন দিশা পাটানীঃ 2


উল্লেখ্য যে, আগন্তুক সময়ছোৱাত অভিনেত্ৰী দিশাক ছলমান খানৰ বহু প্ৰত্যাশিত ছবি “ৰাধে” ত দেখিবলৈ পোৱা যাব। ছলমান খানৰ সৈতে কাম কৰা তেওঁৰ অভিনয় জীৱনৰ এইটোৱে হ’ব দ্বিতীয়টো প্ৰকল্প।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.