যোৱা কালি অৰ্থাৎ ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জনসাধাৰণক একত্ৰিত হৈ উক্ত মিনিট সময়ত সকলোকে ঘৰৰ লাইট নুমাই চাকি, ধূপ, মম অথবা ফ্লেচ লাইট জ্বলাবলৈ কয়। তেওঁৰ এনে আহ্বানত সাধাৰণজনৰ লগতে চিলেব্ৰেটীসকলেও সন্মতি জনোৱা দেখিবলৈ পোৱা যায়। অভিনেত্ৰী ৰিম্পী দাসৰ লগতে প্ৰীতিকংকনা, জুবলি তথা জুবিনৰ পত্নী গৰিমা আদিয়ে এগচি চাকি জ্বলাই নৰেন্দ্ৰ মোদীক সঁহাৰি জনোৱা দেখিবলৈ পোৱা যায়।

“ক’ৰ’ণা ভাইৰাছ”-এ সমগ্ৰ বিশ্বত কৰা যি পৰিস্থিতি; সেই পৰিস্থিতিয়ে গোটেইখন স্থৱিৰ কৰি তুলিছে। এনেক্ষেত্ৰত, সমগ্ৰ জনসাধাৰণক একত্ৰিত কৰাৰ মানসেৰে মোদীয়ে এই আহ্বান জনায়। উল্লেখ্য যে, চৰকাৰক সহায়ৰ অৰ্থে অসমীয়া সাংস্কৃতিক জগতৰ শিল্পীয়ে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিল। যোৱাকালি ৰাতি চিলেব্ৰেটীসমূহে চাকি জ্বলাই সমৰ্থন কৰা কিছু দৃশ্য চাওঁচোন আহকঃ

Add comment