Rupaliparda.com
ব'হাগ মানেই উছাহ-প্ৰেম-উন্মাদনাঃ ইয়াৰ মাজতেই এইবাৰ "প্ৰহেলিকা"- 1

ব’হাগ মানেই উছাহ-প্ৰেম-উন্মাদনাঃ ইয়াৰ মাজতেই এইবাৰ “প্ৰহেলিকা”-

ডাঙৰবোৰে যেনেদৰে তেওঁলোকতকৈ সৰু এজনক কোনো কথাৰ পুংখানুপুংখ শিক্ষা প্ৰদান কৰিব পাৰে; তেনেদৰেই এজন সৰুৰ পৰা ডাঙৰে শিকিবলগীয়াও বহু কথা থাকে। এনে পৰিপ্ৰেক্ষিততে, আজিৰ যুৱপ্ৰজন্মৰ সৈতে কাম কৰাৰ মানসিকতাও বৃদ্ধি পাইছে একাংশ শিল্পীৰ। নতুনত্ব বিচাৰি তথা যুৱপ্ৰজন্মৰ কাম কৰাৰ ঈচ্ছা তথা প্ৰতিভাৰ প্ৰতি আকৰ্ষিত হৈ একাংশ প্ৰতিষ্ঠিত শিল্পীয়ে চেষ্টা কৰে দৰ্শকক কিবা এটা ব্যতিক্ৰমী সোঁৱাদ দিবলৈ। পুনৰ বাৰ আন এক ৰোমান্টিক গীতৰ সৈতে আহি আছে কন্ঠশিল্পী নীল আকাশ। “প্ৰহেলিকা” শীৰ্ষক গীতটিৰ জৰিয়তে আকৌ শ্ৰোতাই শুনিবলৈ পাব নীল আকাশৰ কন্ঠ। ব’হাগ মানেই আছলতে চাৰিওফালে থকা উছাহ-উল্লাস, গছ-গছনিৰ কুঁহিপাত আৰু ৰং সলোৱা প্ৰকৃতিৰ বিনন্দীয়া ৰূপ; এনে পৰিৱেশৰ মাজত এটা ৰোমান্টিক গীতে পূৰ্ণতা অনাটো নিশ্চিত।


“প্ৰহেলিকা” শীৰ্ষক এই গীতটিত কথা সুশান্ত মনৰ লগতে ইয়াত সুৰ, সংগীত আৰু কম্পোজ কৰিছে ত্ৰিয়ন মহন্তই। গীতটিত শব্দ সংমিশ্ৰন কৰিছে ইবছন লাল বৰুৱাই। গীতটিৰ ভিডিঅ’ পৰিচালনা ও সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। গীতটিৰ ভিডিঅ’টোত অভিনয় কৰিছে ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা অভিনেতা দীপজ্যোতি মহন্তই। তেওঁৰ সৈতে উক্ত গীতটিত পোনপ্ৰথমবাৰৰ দৰ্শকে দেখিবলৈ পাব যাব এগৰাকী নৱাগতা তনয়া ফুকনক। জানিব পৰা মতে, গীতটি চলিত সপ্তাহতে মুক্তি দিয়া হ’ব।

ব'হাগ মানেই উছাহ-প্ৰেম-উন্মাদনাঃ ইয়াৰ মাজতেই এইবাৰ "প্ৰহেলিকা"- 2


বৰ্তমান সময়ত জনসাধাৰাণক অকণমান প্ৰশান্তি দিয়াটো অত্যন্ত জৰুৰী হৈ পৰিছে। ঋণাত্মক খবৰ সমূহৰ মাজত দুই এটা ভাল খবৰে দৰ্শকক অকণমান শান্তি দিয়াৰ হেতু শিল্পী সকলে তেওঁলোকৰ ফালৰ পৰা পাৰ্যমানে চেষ্টা কৰা আমি দেখিবলৈ পাইছো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.