Rupaliparda.com
এইবাৰ নাই আখৰা; নাই কোনো বিহু ফাংছনঃ শিল্পীক সহায়ৰ বাবে আগবাঢ়িছে " Griebs Media Pvt. Ltd Mumbai" 1

এইবাৰ নাই আখৰা; নাই কোনো বিহু ফাংছনঃ শিল্পীক সহায়ৰ বাবে আগবাঢ়িছে ” Griebs Media Pvt. Ltd Mumbai”

মাজত মাত্ৰ কেইটাদিন মান; অসমীয়াৰ বাপতি সাহোন বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন। কিন্তু পূৰ্বৰ দৰে সেই কুলি-কেতেকীৰ মাতত সুৰো নাই আনহাতে “ব’হাগ বিহুত” ৰ সেই উল্লাস-উন্মাদনাও নাই। বিহুৰ পূৰ্বেই শিল্পী সকলে আৰম্ভ কৰে বিহু মঞ্চত পৰিৱেশন কৰিবলগীয়া গীতৰ আখৰা; কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত সেয়া যেন একেবাৰেই সম্ভৱপৰ নহয়। গতিকে, বিহুৰ সময়ছোৱাত যিসকল শিল্পীয়ে কেইটামান টকা ঘটাৰ আশাৰে বাট চাই থাকে; তেওঁলোকৰ আশাত যেন বৰ্তমান চেঁচা পানীহে ঢলা হৈছে। দুখীয়াক সহায় কৰিবলৈ একাংশ আগবাঢ়িছে লগতে ধনীয়েও নিজ সাঁচতীয়া টকাৰে দিনবোৰ কটাইছে কিন্তু এইবোৰৰ মাজত হেৰাই যায় মধ্যবিত্ত সমূহহে। এনে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় শিল্পী সমূহো।

এইবাৰ নাই আখৰা; নাই কোনো বিহু ফাংছনঃ শিল্পীক সহায়ৰ বাবে আগবাঢ়িছে " Griebs Media Pvt. Ltd Mumbai" 2


এনে শিল্পী সমূহক সহায় কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে মুম্বাই প্ৰতিষ্ঠিত এক বৃহৎ কোম্পানী;” Griebs Media Pvt. Ltd Mumbai”। উক্ত কোম্পানীটোৱে আৰ্থিকভাৱে টনকিয়াল নোহোৱা শিল্পী ও কলা-কুশলীক আৰ্থিক ভাৱে সহায় আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। ৮৩৬৯১৮৬৮২৪- ৮৬৩৮৫০০৬৩৫ এই নম্বৰ দুটাত কোনো শিল্পীয়ে যদি বিচাৰিছে তেনেহ’লে ইয়াত মেছেজ কৰি তেওঁলোকে কিছু আৰ্থিক সহায় লাভ কৰিব পাৰিব।

এইবাৰ নাই আখৰা; নাই কোনো বিহু ফাংছনঃ শিল্পীক সহায়ৰ বাবে আগবাঢ়িছে " Griebs Media Pvt. Ltd Mumbai" 3
এইবাৰ নাই আখৰা; নাই কোনো বিহু ফাংছনঃ শিল্পীক সহায়ৰ বাবে আগবাঢ়িছে " Griebs Media Pvt. Ltd Mumbai" 4


সকলো দিশে অভাৱ-অনাটনৰ সৃষ্টি হৈ পৰাৰ ফলত বৰ্তমান একাংশ জনসাধাৰণ মানসিক ভাৱে ভাঙি পৰাও দেখিবলৈ পোৱা গৈছে। য’ত চৌদিশে বিহুৰ উল্লাস হ’ব লাগিছিল; তাত হোৱা এনে স্তদ্ধতা ও নিস্তদ্ধতাই সকলোকে মানসিক দুখ প্ৰদান কৰাটো নিশ্চিত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.