Rupaliparda.com
এইবাৰ ৰাকেশ ৰিয়ানে আগবঢ়ালে ৩০ হাজাৰ টকাৰ অনুদানঃ 1

এইবাৰ ৰাকেশ ৰিয়ানে আগবঢ়ালে ৩০ হাজাৰ টকাৰ অনুদানঃ

দুখীয়াক সহায় কৰাৰ লগতে সমাজৰ প্ৰতি থকা নিজ দায়িত্ববোধক লৈ ওলাই আহিল কন্ঠশিল্পী ৰাকেশ ৰিয়ানো। বিগত বহু দিনৰ পৰা হোৱা “লক-ডাউন” ৰ সময়সীমা উকলিবলৈ মাজত মাত্ৰ কেইটামান দিন; তৎস্বত্বেও কিন্তু কমি অহা নাই “কভিড ১৯” ত আক্ৰান্ত্ৰ ৰোগীৰ সংখ্যা। ইয়াৰ ফলত পুনৰ এবাৰ “লক-ডাউন” হ’ব পৰা সম্ভাৱনাই দৈনিক মজুৰি কৰি খোৱা একাংশ লোকৰ বাবে কঢ়িয়াই আনিছে অমানিশা। চৰকাৰে এনে লোকক সহায় আগবঢ়াবলৈ বিগত দিনত সকলো জনসাধাৰণক আহ্বান জনাইছিল আৰু ইয়াৰ ফলতেই অসমীয়া বহু শিল্পীয়ে “অসম আৰোগ্য নিধি” লৈ আগবঢ়ায় অনুদান। জুবিন গাৰ্গ, যতীন বৰাকে আদি কৰি আইমী,আচুৰ্য্য, তনভী, শ্যামন্তিকা, পৰিচালক ৰীমা দাস তথা দীপলিনা, দীক্ষুৰ সৈতে এই লিষ্টখনত অন্তৰ্ভূক্ত হৈ পৰিছে কন্ঠশিল্পী ৰাকেশ ৰিয়ান।


কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী ৰাকেশ ৰিয়ানে ৩০ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। সমাজৰ প্ৰতি থকা এই দায়িত্ববোধক সুন্দৰ ৰূপে পালন কৰাত অসমীয়া কন্ঠশিল্পী সমূহে যে সক্ৰিয় ভূমিকা পালন কৰিছে সেয়া নিশ্চিত। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। “আছুতীয়া কৈ থ’লো” শীৰ্ষক এটি সুন্দৰ ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়াৰ পিছতেই বিবাহৰ বাবে সাজু হৈ পৰিছিল কন্ঠশিল্পী গৰাকী।

এইবাৰ ৰাকেশ ৰিয়ানে আগবঢ়ালে ৩০ হাজাৰ টকাৰ অনুদানঃ 2


ইজনকৈ সিজনকৈ বহুকেইজন শিল্পীৰ এনে সহায়-সাৰথিয়ে অসমীয়া লোকক গৌৰম্বান্বিত কৰাৰ উপৰিও তেওঁলোকৰ এনে অনুদানে যে বৰ্তমান বহু অসহায় লোকক সহায় কৰিছে সেয়া নিশ্চিত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.