Rupaliparda.com
কন্ঠশিল্পী গীতালী; অভিনেতা কিশোৰ দাসৰ খাদ্য বিতৰণঃ 1

কন্ঠশিল্পী গীতালী; অভিনেতা কিশোৰ দাসৰ খাদ্য বিতৰণঃ

“কভিড-১৯” য়ে সংহাৰী ৰূপ ধাৰণ কৰিলেও দেশৰ সমস্ত জনসাধাৰণ বৰ্তমান হাতে হাত ধৰি আগবঢ়া দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি চৰকাৰক এই বেমাৰবিধৰ সৈতে যুঁজিবলৈ সহায়ৰ হাত আগবঢ়াইছে; আনহাতে আকৌ কোনোৱে এই বিপদ কালত দুখীয়াক অকণমান খাদ্য প্ৰদান কৰি সহায় আগবঢ়াইছে। সকলো ব্যক্তিৰে এটাই মাত্ৰ প্ৰচেষ্টা; কেনেবাকৈ এইটো পৰিস্থিতিৰ পৰা ওলাব পাৰিলেই যেন সকলো জয়ী হ’ব। এনেক্ষেত্ৰত, প্ৰত্যেকদিনাই অসমীয়া শিল্পীৰ মহানুভৱতাৰ স্পষ্ট নিদৰ্শন দেখিবলৈ পোৱা গৈছে। এইবাৰ এনে মহানুভৱতা দেখিবলৈ পোৱা গ’ল কন্ঠশিল্পী গীতালী আৰু অভিনেতা কিশোৰ দাসৰ।


বৃন্দাবন থিয়েটাৰৰ ফালৰ পৰা লোৱা এই পদক্ষেপত অংশীদাৰৰূপে জড়িত হৈ গীতালীয়ে নলবাৰীৰ মৰুৱাৰ একাংশ লোকক সহায়-সহযোগিতা আগবঢ়ায়। কিছুদিন পূৰ্বে অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ত শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটা লাভ কৰে গায়িকা গীতালীয়ে। আনহাতে, অভিনেতা কিশোৰ দাসেও নিজ ইচ্ছাৰে কিছু অসহায় লোকক সহায় আগবঢ়ায়। “চেল্ফী লে লে ৰে” গীতটিত অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰা এইগৰাকী অভিনেতাই প্ৰথম অৱস্থাত হিন্দী ডেন্স ৰিয়েলিটী শ্ব “ডি আই ডি” তথা “ইণ্ডিয়াচ গ’ট টেলেন্ট” আদিতো নিজ প্ৰতিভা দেখুৱাইছিল।

https://www.instagram.com/p/B-wBgpmjCGh/?utm_source=ig_web_copy_link


অসমীয়া প্ৰত্যেকজন এনে শিল্পীৰ মহানুভৱতাই এতিয়া দৰ্শকক আকৰ্ষিত কৰাৰ লগতে এনে বিপদৰ সময়ছোৱাত শিল্পী সমূহে সহায়ৰ হাত আগবঢ়োৱা ফলত এতিয়া জনসাধাৰণেও কিছু সকাহ লাভ কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform