Rupaliparda.com
মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান জাগৰণ শইকীয়াৰ "পৃথিৱীৰ অসুখ"- 1

মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান জাগৰণ শইকীয়াৰ “পৃথিৱীৰ অসুখ”-

অসমৰ এনে বহু শিল্পী আছে; যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ ভাল কাম কৰি আছে যদিও তেওঁলোকৰ নাম সমূহ বহুলোকৰ বাবেই অচিনাকী। পাপন, জুবিন, জুবলী, অনুৰাগ, অমৃত প্ৰীতম, জয় বৰুৱা আদিৰ নাম আমাৰ সকলোৰেই বাবেই চিনাকী অথবা তেওঁলোকৰ কামসমূহো আমাৰ বাবে সু-পৰিচিত। তেওঁলোকে কৰা একোটা কামে বাতৰিৰ শিৰোনাম দখল কৰাৰ উপৰিও জনসাধাৰণৰ মুখে মুখে ই প্ৰশংসা লাভ কৰিবলৈও সক্ষম হয়; কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত স্থিতি লাভ কৰা একোজন এনে অসম সন্তান আছে যাৰ নামসমূহ অসমীয়া জনসাধাৰণৰ বাবে চিনাকী নহ’লেও তেওঁলোকৰ কাম সমূহ প্ৰত্যেকৰ বাবেই পৰিচিত। এনে এজন শিল্পী হৈছে জাগৰণ শইকীয়া। যোৰহাটত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পী বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত।

মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান জাগৰণ শইকীয়াৰ "পৃথিৱীৰ অসুখ"- 2


সাম্প্ৰতিক এই মহামাৰীৰ সময়ছোৱাত সকলো শিল্পীয়ে বিভিন্ন ধৰণে জনসাধাৰণক মনোৰঞ্জন কৰোৱাইছে অথবা নিজৰ সৃষ্টিৰ দ্বাৰা দৰ্শকৰ মনত সজাগ তথা সচেতনতা আনিবলৈও প্ৰচেষ্টা চলাইছে। বিভিন্ন জনে গীত গাইছে, নৃত্য কৰিছে তথা কবিতা লিখিছে; এনে এক দূৰ্যোগৰ সময়ত এটা গীতৰ দ্বাৰা শ্ৰোতাৰ মাজলৈ এইবাৰ আহিছে শিল্পী জাগৰণ শইকীয়া। তেওঁ সুৰ আৰু সংগীত কৰা “পৃথিৱীৰ অসুখ” শীৰ্ষক গীতটিয়ে এতিয়া সমাদৰ লাভ কৰিছে শ্ৰোতাৰ। উক্ত গীতটিত কথা সমীৰণ মলয়ৰ লগতে গীতটিত কন্ঠদান কৰিছে চিৰঞ্জীৱ শৰ্মাই। মুম্বাইস্থিত “United White Flag” ষ্টুডিঅ’ত কৰ্মৰত হৈ থকা জাগৰণ শইকীয়াই বিভিন্নটা হিন্দী বলীউড গীত তথা পাঞ্জাৱী গীতত সংগীত দিছে।


“পৃথিৱীৰ অসুখ” গীতটিৰ কথা তলত দিয়া হ’লঃ
“টিক টিক টিক সৌৱা পৃথিৱীৰ ঘড়ী
মিনিট মিনিট চলে জীৱনৰ গাড়ী
লাহে লাহে যোৱা নকৰিবা লৰালৰি
এৰি অহা ৰাজপথ নাযাবা পাহৰি
সময় আছে বহু, বহু বাট আছে পৰি
প্ৰতিবাদ কৰি কৰি পৰিলোঁ ভাগৰি
নাপালোঁ হিচাপ একো নাপালোঁ সঁহাৰি
দেখিলোঁ আন্দোলন দেখিলোঁ মহামাৰী
ধোঁৱাৰে ধূলিৰে ৰাখে আৱৰি
পৃথিৱীৰ দুখ
চকু মুদি চালেহে ধৰা দিয়েহি
পৃথিৱীৰ অসুখ
এচপৰা কলা মেঘে ঢাকি ধৰেহি
পৃথিৱীৰ দুখ
বহুদূৰ আগুৱাই চালোঁ উভতি
দেখোঁ পৃথিৱীৰ অসুখ…..
এদেও দুদেও খোজ সময়ো অঘৰী
সৃষ্টিত গাঁঠি ৰখা সমতাৰে জৰী
গতিশীল বলয়ত অগা পিছা ভৰি
অতীতলে উভতনি দুহাততে ধৰি
নিবিচৰাবোৰো থাকে কাষৰতে পৰি
নোপোৱাটো বিচাৰিহে খাওঁ হাবাথুৰি
অহেতুক আনিলোঁ অধিকাৰ আজুৰি
মৰিচিকা খেদি খেদি নাপালোঁ আহৰি
ধোঁৱাৰে ধূলিৰে ৰাখে আৱৰি
পৃথিৱীৰ দুখ
চকু মুদি চালেহে ধৰা দিয়েহি
পৃথিৱীৰ অসুখ
এচপৰা কলা মেঘে ঢাকি ধৰেহি
পৃথিৱীৰ দুখ
বহুদূৰ আগুৱাই চালোঁ উভতি
দেখোঁ পৃথিৱীৰ অসুখ…..”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform