এগৰাকী কন্ঠশিল্পী হোৱাৰ সমান্তৰালকৈ বিভিন্ন বাদ্য-যন্ত্ৰ বজাবলৈও পাৰ্গত এগৰাকী শিল্পী। তবলা, বাঁহী, দোতোৰা,ঢোল, কী বৰ্ড আদি কেইবাবিধো বাদ্য-যন্ত্ৰৰ ক্ষেত্ৰত তেওঁৰ হাত সুন্দৰকৈ চলে। সংগীত ক্ষেত্ৰ খনত তেওঁৰ বহু গীতৰ মুক্তি লাভ কৰা নাই যদিও এই শিল্পী গৰাকীৰ মুক্তিপ্ৰাপ্ত প্ৰায় গীততেই পোৱা যাব ব্যতিক্ৰমী সঞ্চাৰ। তেজপুৰত জন্মগ্ৰহণ কৰা এই শিল্পী গৰাকীৰ নাম হৈছে দেৱৰাজ বৰা। বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ গুৰু প্ৰয়াত পূণ্যব্ৰত দেৱগোস্বামীৰ ওচৰত শিক্ষা গ্ৰহণ কৰা দেৱৰাজৰ গীতসমূহক শাস্ত্ৰীয় সংগীতৰ লগতে অসমীয়া থলুৱা সুৰৰো অনুভৱ কৰিব পৰা যায়। আজি ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আপোনালোকে জানিব এই গৰাকী শিল্পীৰ বিষয়ে কিছু কথা; জানিব পাৰিব তেওঁৰ আগন্তুক সময়ৰ বিভিন্ন পৰিকল্পনা। চাওঁচোন আহকঃ
প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?
দেৱৰাজঃ সংগীতৰ ক্ষেত্ৰখনত মই শৈশৱৰ পৰাই জড়িত। এক কথাত কবলৈ গ’লে, মই যেতিয়াৰ পৰা কথা ক’বলৈ শিকিছো; তেতিয়াৰ পৰাই মই সংগীতৰ প্ৰেমতো পৰিছো।
প্ৰশ্নঃ আপোনাৰ বহু বেছি সংগীতে মুক্তি লাভ কৰা নাই যদিও আপোনাৰ গীত সমূহত আপুনি ব্যতিক্ৰম বিচাৰে; আপুনি আছলতে সংগীতত থকা কি বস্তুক বেছি গুৰুত্ব দিয়ে??
দেৱৰাজঃ মই সংগীতৰ চৰ্চা বহু আগৰ পৰাই কৰি আছো যদিও বিগত বৰ্ষ অৰ্থাৎ ২০১৯ তহে দৰ্শকৰ ওচৰলৈ মোৰ মাজত থকা সাংগিতিক চিন্তা বোৰৰে যোগাযোগ স্থাপন হৈছে। সংগীতত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় টো হৈছে artistic exhibition ; সাধৰণতে মনটোত নিৰবিচ্চিন্নভাৱে লাগতিয়াল আৰু অলাগতিয়াল চিন্তাৰ স্ৰোত বৈ থাকে, তাৰে মাজত আটাইতকৈ সংবেদনশীল আৰু অনুভৱী অনুভুতি বোৰক কলাত্মক ৰূপত উপস্থাপন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াত শব্দ যদি হৃদয় হয়, সুৰ বোৰক ইয়াত উশাহ নিশাহৰ দৰে বুলি ক’ব পৰা যায় আৰু কণ্ঠদান ইয়াত গীতটোৰ আত্মাৰ দৰে হয় যিয়ে এটা গীতক জীৱন্ত কৰি টোলে। গতিকে, কলাত্মক উপস্থাপনক মই প্ৰথম প্ৰাধান্য দিম।
প্ৰশ্নঃ আপোনাৰ জোকোৱা নাম কিবা আছেনে?
দেৱৰাজঃ আছলতে, জোকোৱা নাম বুলি নহয়; মোক মৰমত দিয়া নাম বহুত আছে। কোনটো কওঁ; কোনটো নকওঁ বাৰু!! তুমিয়ে কিবা এটা নামেৰে জোকাই দিবা… মোৰ অসুবিধা নাই। হা হা হা………
প্ৰশ্নঃ কেৱল সংগীততেই নে; অইন ক্ষেত্ৰটো আপুনি আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছে?
দেৱৰাজঃ মোৰ মনলৈ এতিয়া বেলেগ বৃত্তি একো অহা নাই, কেতিয়াবা কিবা বেলেগ কাম কৰিবলৈ ইচ্ছা কৰিলেও সেই কাম টোৰ অনুভূতিক লৈ আকৌ এটা গীতৰ সুৰ অথবা কেতিয়া এটা সুৰৰ সৃষ্টিত মই গম নোপোৱাকৈ লাগিয়ে যাওঁ বুজিয়ে নাপাওঁ। অৱশেষত ঘূৰি-পকি আকৌ সংগীতলৈকে আহো; সেই কাৰণে এতিয়া বেলেগ চিন্তা কৰা বাদ দিছো, এক প্ৰকাৰ সংগীত সন্যাস ৰ দৰে হৈছে। বাকী খিনি জীৱনে জানে আৰু!!!
প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।
দেৱৰাজঃ বৰ্তমান কেইবাটাও গীতৰ কাম চলি আছে, এইকেইটা সম্পূৰ্ণ হ’লে বেলেগ ভাবিম আকৌ। মোৰ সপোন বোৰ এনেকুৱা যে অসমীয়া গীত আন্তঃৰাষ্ট্ৰীয় সংগীত ক্ষেত্ৰখনৰ এক অবিচ্ছেদ্য অংগ হৈ নিৰবিচ্চিন্নভাৱে জিলিকি থাকক আৰু তাৰ বাবে সকলোৱে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু, সপোন বোৰ এনেকুৱা যে অসমীয়া সংগীতৰ প্ৰতি আগ্ৰহী হৈ দেশ বিদেশৰ শিল্পীৰ স্ৰোত বৈ যাওক অসমলৈ।
…… ধন্যবাদ দেৱৰাজ। আপোনাৰ প্ৰত্যেকটো সপোনেই বাস্তৱলৈ পৰিণত হয় যাতে অসমীয়া সংগীতক আৰু এক উচ্চস্তৰলৈ নিয়ে।
দেৱৰাজঃ ধন্যবাদ তোমালৈ তথা ৰূপালীপৰ্দালৈও।
Add comment