বিগত বৰ্ষত দৰ্শকৰ হৃদয়ত নিজৰ স্থিতি মজবুত কৰা দুই গৰাকী নৱাগত অভিনেতা-অভিনেত্ৰী; নাম নক’লেও হয়টো আপোনালোকে ধৰিব পাৰিছে। যাৰ অভিনয়ক ঘৰুৱা দৰ্শকে আদৰাৰ পূৰ্বেই সঁহাৰি জনাইছিল ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বহু দৰ্শকে। হয়, আমি কৈছো লিমা দাস ও অৰ্ঘ্যদ্বীপ বৰুৱাৰ কথা। তেওঁলোকৰ যুঁটিটোৰ প্ৰেমত পৰা অনুৰাগী সকলৰ বাবে আন এক সুখবৰ; মুক্তি লাভ কৰিছে তেওঁলোকৰ অভিনয়ৰে এখন চুটি ছবি “যাযাবৰী”। নৱপ্ৰজন্মৰ প্ৰতিষ্ঠিত চুটি ছবিৰ পৰিচালক কাদম্বৰী কাশ্যপৰ পৰিচালনাৰে “আমিষ” ছবিখনৰে এটি গীতৰ অন্তৰ্ভূক্তিৰেই নিৰ্মাণ কৰা হৈছে এই ছবিখন। বিগত সময়ৰ পৰা বিভিন্ন খন চুটি ছবিৰ নিৰ্মাণ কৰি কাদম্বৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি লাভ কৰিছে। গতিকে, এনেক্ষেত্ৰত কেইবাখনো জনপ্ৰিয় মুখৰ সৈতে নিৰ্মিত উক্ত ছবিখনে নিশ্চিতৰূপত দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব। ঋষি বৰাৰ দ্বাৰা কন্ঠদান কৰা গীতকেই কাহিনী আকাৰে প্ৰস্তুত কৰিছে এই চুটি ছবিখনত কাদম্বৰী কাশ্যপে।
চুটি ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত ৰূপালীপৰ্দাৰ ফালৰ পৰা কাদম্বৰী কাশ্যপৰ সৈতে হোৱা কথা বতৰাত তেওঁ লিমা দাস আৰু অৰ্ঘ্যদ্বীপৰ প্ৰশংসা কৰি কয় যে, “এই গীতটো আমি শ্বুট কৰিছিলো যোৱা বছৰৰ অক্টোবৰ মাহতেই; তেতিয়ালৈ “আমিষ” খন মুক্তি লাভ কৰা নাছিল ঘৰুৱা দৰ্শকৰ ওচৰত। পৰিস্থিতি সমূহৰ বাবে আমি আগতেই শ্বুটিং কৰিছিলো যদিও বিহুৰ মাজতেই মুক্তি দিয়াৰ কথা ভাৱিলো। শ্বুটিং কৰি থকা সময়ছোৱাত মই যিমান খিনি সহাঁৰি পাইছো লিমা বা, অৰ্ঘ্যদ্বীপ তথা ঋষি দাৰ পৰা সেয়া একেবাৰেই উল্লেখ্যনীয়। লিমা বা এগৰাকী প্ৰফেচাৰ লগতে ডাক্টৰ, আনহাতে অৰ্ঘ্যদ্বীপৰ নিজাকৈ বেণ্ড আছে কিন্তু তৎস্বত্বেও তেওঁলোকে আমি মুম্বাইত শ্বুটিং কৰা সময়ৰ পৰা আদি কৰি গোটেই সময়ছোৱাত যিখিনি সহযোগিতা আগবঢ়াইছে সেয়া মানিবলগীয়া।”

ইয়াৰ উপৰিও কাদম্বৰীয়ে কয় যে, “মই বহু খিনি কথা শিকিছো আছলতে তেওঁলোকৰ পৰা।” উল্লেখ্য যে, ছবিখনৰ কাহিনী আছিলে মহান জ্যোতি দত্তৰ লগতে তাত অন্তৰ্ভূক্ত গীতটিৰ কথা আছিল ড° আকাশীতৰা আৰু পংকজ মিশ্ৰাৰ আৰু এই গীতটিত কন্ঠদান কৰিছে ঋষি বৰাই। ১৯৪২ চনত মুক্তি লাভ কৰা Albert Camus ৰ কিতাপ “The Myth of Sisyphus” ৰ ওপৰত কেন্দ্ৰ কৰিয়েই উক্ত চুটি ছবিখনৰ “ভিজুৱেল ট্ৰিট” পৰিচালনা কৰা হৈছিল।
গ্ৰীক পুৰাণ দেৱতাৰ দ্বাৰা অভিশপ্ত সিঁসিফাছে এখন পাহাৰৰ উচ্চতালৈ এটা প্ৰকাণ্ড শিল আঁজুৰি লৈ যায় যাতে উক্ত শিলটো আকৌ এবাৰ তললৈ আহে; আৰু পুনৰাই যাতে সিঁসিফাছে সেই শিলটো ওপৰলৈ লৈ যাব পাৰে। তেওঁ অনন্তকাললৈ এই কামফেৰা কৰি গৈ থাকে। তেওঁৰ মতে এই শাস্তিটোৱে তেওঁৰ বাবে জীৱনৰ চৰম শাস্তি। এনে এক কাহিনীৰ আধাৰেই হৈছে চুটি ছবি “যাযাবৰী”।
Add comment