Rupaliparda.com
"Dancing Queen of Assam" মেঘৰঞ্জনীৰ নৃত্যঃ 1

“Dancing Queen of Assam” মেঘৰঞ্জনীৰ নৃত্যঃ

আৰম্ভণিতে, এটা কথা নিশ্চিত যে অসমীয়া এই অভিনয় জগতখনত থকা প্ৰতিভাই প্ৰায় প্ৰত্যেকটো ধৰণে অসমীয়াক মূৰ দাঙি থিয় কৰোৱাবলৈ সক্ষম হৈছে। বৰগীত গোৱাৰ পৰা আদি কৰি খোল বজোৱা তথা কথক, ভাৰন্যাতম্, সত্ৰীয়া সংস্কৃতি আদি প্ৰতিটো ক্ষেত্ৰত অসমীয়াই নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। অসমৰ তেনে এক নাম হৈছে নৃত্যশিল্পী ও অভিনেত্ৰী মেঘৰঞ্জনী। দেশে-বিদেশে বিভিন্ন ঠাইত কথক নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ সমাদৰ লাভ কৰা এইগৰাকী শিল্পীয়ে কোৱাৰেন্টাইনৰ এই সময়ভাগতো দৰ্শকক আমোদ প্ৰদানৰ প্ৰচেষ্টা চলাইছে। ঘৰতে থাকি প্ৰথমতে কথক; তাৰ পিছত সদৌটিলৈ বিহুৰ ওলগ যাঁচি তেওঁ বিহু নাচিও দৰ্শকক মনোৰঞ্জন কৰোৱাইছে। নিজ ৩ বছৰ বয়সৰ পৰা কথক নৃত্যৰ প্ৰশিক্ষণ লোৱা এইগৰাকী অভিনেত্ৰীক বৰ্তমান ছবি অথবা ভিডিঅ’ গীতত বৰ অধিক ৰূপত দেখিবলৈ পোৱা নাযায় যদিও দেশ তথা বিদেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত অনুষ্ঠান সমূহত তেওঁৰ নৃত্যৰ ভিডিঅ’ সমূহে মেঘৰঞ্জনীৰ অনুৰাগীৰ অংক যে বৃদ্ধি কৰিছে সেয়া নিশ্চিত।


২০০৯ চনত কথক নৃত্যত “নৃত্য নিপুণ” লাভ কৰা এই গৰাকী অভিনেত্ৰীক www.award council of india.com য়ে “Dancing Queen of Assam” ৰ খিতাপ প্ৰদান কৰে। ইয়াৰ উপৰিও “NEBCUS MEDIA AWARD” ২০১০-১১ বৰ্ষত মেঘৰঞ্জনীয়ে লাভ কৰে “শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। এটা সময়ত মেঘৰঞ্জনীক কেইবাখনো অসমীয়া ভিচিডিত দেখিবলৈ পোৱা গৈছিল; সেইকেইখন হৈছে ক্ৰমে “লখিমী”, “অভিমানী মন”, “পূৰ্ণিমা”, “জানমণি”, “ৰুমাল”, “কাঁচিজোন” আৰু বহুতো। উক্ত আটাইকেইখন ভিচিডিত কৰা মেঘৰঞ্জনীৰ অভিনয়ক সঁহাৰি প্ৰদান কৰিছিল দৰ্শক সকলে। ২০১৪ চনত মুক্তি লাভ কৰা অসমীয়া ছবি “অনুৰাধা” ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল মেঘৰঞ্জনীয়ে।

"Dancing Queen of Assam" মেঘৰঞ্জনীৰ নৃত্যঃ 2


অভিনয় ও নৃত্যৰ সমান্তৰালকৈ ফেশ্বন জগত খনৰ সৈতেও ওতঃ প্ৰোত ভাৱে জড়িত মেঘৰঞ্জনী। কেইবাটাও ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী গৰাকীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform