Rupaliparda.com
"শ্বুটিং ছেটলৈ গৈ নতুন কিবা এটা শিকিবলৈ মন গৈছে"- আয়ূসমান খুৰানা 1

“শ্বুটিং ছেটলৈ গৈ নতুন কিবা এটা শিকিবলৈ মন গৈছে”- আয়ূসমান খুৰানা

১৪ এপ্ৰিললৈ বৰ্তি থাকিবলগীয়া “লক-ডাউন” ৰ ম্যাদ বঢ়াই ৩ মে’ লৈ কৰি দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি দেশক সম্বোধি এই কথা ব্যক্ত কৰে। এমাহৰ ওপৰত বৰ্তি থাকিবলগীয়া এই “লক-ডাউন” ৰ পিছতো “ক’ৰ’ণা ভাইৰাছ” ৰ কোনো ধৰণৰ প্ৰতিষেধক উলিয়াব পৰা নাই বিজ্ঞানীয়ে। ফলত বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দীঘলীয়া বিৰতিৰ পিছত এই বন্ধৰ সময়ছোৱাই নিশ্চিত ৰূপত বহু ক্ষেত্ৰত ধনাত্মক-ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰিব। এই ক্ষেত্ৰত নিজ উত্তৰ প্ৰদান কৰে অভিনেতা আয়ূসমান খুৰানাই। তেওঁ ইতিমধ্যে প্ৰায় সমূহ ভিডিঅ’ শ্বেয়াৰ কৰি চচিয়েল মিডিয়া যোগে দৰ্শকক সজাগ ও সচেতন হৈ থকাৰ বাৰ্তা প্ৰেৰণ কৰি আহিছিল। তেওঁ কয় যে, “ক’ৰ’ণা” সংক্ৰমণ সম্পূৰ্ণ শেষ হৈ নোযোৱালৈ দেশত “লক-ডাউন” বৰ্তি থাকিব লাগে।”

"শ্বুটিং ছেটলৈ গৈ নতুন কিবা এটা শিকিবলৈ মন গৈছে"- আয়ূসমান খুৰানা 2


ইয়াৰ উপৰিও আয়ূসমানে খুৰানাই কয় যে, “লক-ডাউন” শেষ হোৱা পিছত জনসাধাৰণে চিনেমা হ’ল বা এনে কোনো সামাজিক স্থানলৈ যাবলৈ দুবাৰকৈ ভাবিবলৈ বাধ্য হ’ব।” অভিনেতাগৰাকীয়ে নিজৰ শ্বুটিং ক বাৰে বাৰে মনত পেলাইছে বুলি কোৱাৰ সমান্তৰালকৈ শ্বুটিং ছেটলৈ গৈ কিবা নতুন শিকা অথবা পঢ়াৰ ইচ্ছাও প্ৰকাশ কৰে তেওঁ। আয়ূসমানৰ মতে, “ছবি ক্ষেত্ৰখনত “লক-ডাউনে” পেলোৱা প্ৰভাৱৰ ফলত কিছু সালসলনি হ’ব; ছবি সমূহৰ বিষয়বস্তুৰ সলনি হ’ব। ” DNA ৰ দ্বাৰা হোৱা উক্ত সাক্ষাৎকাৰটোত আয়ূসমানে শেষলৈ কয় যে, তেওঁ বহু ভালকৈ জানিছিল “লক-ডাউন” ৰ ম্যাদ বৃদ্ধি কৰা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform