Rupaliparda.com
"মই দুদিন ধৰি একো নোখোৱাকৈ কেৱল শুই আছিলো"- সঞ্জয় দত্ত 1

“মই দুদিন ধৰি একো নোখোৱাকৈ কেৱল শুই আছিলো”- সঞ্জয় দত্ত

বলীউডৰ একোজন জনপ্ৰিয় অভিনেতাৰ ভিতৰত এজন হৈছে সঞ্জয় দত্ত। তেওঁৰ ব্যক্তিগত কাহিনীভাগ কোনো চিনেমাৰ কাহিনীতকৈ কম নহয়; তেওঁ নিজ জীৱনত বহু উঠা-নমা দেখিবলৈ পাইছে। তেওঁৰ এই কাহিনীকে কেন্দ্ৰ কৰি বলীউডত এখন ছবি “সঞ্জু” নিৰ্মাণ কৰা হৈছিল; য’ত সঞ্জয় দত্তৰ চৰিত্ৰ ৰূপায়ন কৰিছিল ৰণৱীৰ কাপুৰে। “সঞ্জু” ত সঞ্জয় দত্তৰ জীৱনৰ কাহিনীৰ খণ্ডক পুংখানুপুংখ ৰূপত দেখুওৱা হৈছিল যিখিনি দৰ্শকে কোনোদিনেই নাজানিছিল। উক্ত ছবিখনত দেখুওৱা হৈছিল যে এটা সময়ত সঞ্জয় দত্ত “ড্ৰাগছ” লোৱা নিচিনা এক বেয়া অভ্যাসৰ আগ্ৰাসনত সোমাই পৰিছিল। এই অভ্যাসটোৰ বিষয়ে সঞ্জয় দত্তই কিছুদিন পূৰ্বে খুলি কৈছিল চণ্ডীগঢ় বিশ্ববিদ্যালয়ত দিয়া এক ভাষণত। তেওঁৰ এই ভাষণৰ ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।


মাতৃৰ মৃত্যুৰ সময়ছোৱাৰ এটা ঘটনা ব্যক্ত কৰি তেওঁ কয় যে, “ৰাতিপুৱাৰ সময় আছিল আৰু মোৰ ভোক লাগিছিল। মই উঠি পেলাই কাম কৰা মানুহজনক খোৱা বস্তু আনিবলৈ কৈছিলো; তেতিয়া তেওঁ মোক কৈছিল যে মই যোৱা দুদিন ধৰি একো নোখোৱাকৈ কেৱল শুই আছিলো। মই তেতিয়াই বাথৰুমলৈ গৈ নিজক চাওঁতে হতহম্ভ হৈ পৰিছিলো; মোৰ নাক আৰু মুখৰ পৰা তেজ ওলাই আছিলে। এইবোৰ দেখি ভয় খাইছিলো আৰু পিতৃৰ ওচৰলৈ গৈ মোক বচাবলৈ কৈছিলো আৰু তেতিয়াই তেওঁ মোক আমেৰিকা পূৰ্ণৱাস কেন্দ্ৰলৈ পঠিয়াই দিছিল।” ইয়াৰ উপৰিও তেওঁ তাত থকা দুই বছৰৰ প্ৰথমটো বছৰত আকৌ এবাৰ ড্ৰাগছ লোৱাৰ কথা ভাৱিছিল যদিও তেওঁ নলওঁ বুলি মনতে ঠিৰাং কৰি পেলাইছিল বুলিও প্ৰকাশ কৰে।

"মই দুদিন ধৰি একো নোখোৱাকৈ কেৱল শুই আছিলো"- সঞ্জয় দত্ত 2


ভাৰত উভতি অহা পিছতো সঞ্জয় দত্তক ড্ৰাগছ ডিলাৰে লগ কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁ যে আকৌ এইবোৰৰ মাজলৈ নহাৰ প্ৰণ লৈছিল সেই আটাইবোৰ অভিনেতাগৰাকীয়ে ব্যক্ত কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform