Rupaliparda.com
"লক-ডাউনে" কেনে প্ৰভাৱ পেলাব অসমীয়া চলচিত্ৰ ক্ষেত্ৰত??? 1

“লক-ডাউনে” কেনে প্ৰভাৱ পেলাব অসমীয়া চলচিত্ৰ ক্ষেত্ৰত???

“লক-ডাউন” ৰ দীঘলীয়া সময়ছোৱাই দেশৰ অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইতিমধ্যে এই বিষয়ে বিভিন্ন বুদ্ধিজীৱি, অৰ্থনীতিবিদ সমূহে নিজ নিজ মন্তব্য প্ৰদান কৰাও দেখিবলৈ পোৱা গৈছে। সম্প্ৰতি এই “লক-ডাউনে” প্ৰভাৱ বিস্তাৰ কৰিব অসমীয়া চলচিত্ৰ ক্ষেত্ৰতো। এঢোপ এঢোপকৈ অসমীয়া ছবিয়ে ক্ৰমশ ভাল দিন দেখিছিল যদিও বিগত সময়ছোৱাত হোৱা বিভিন্ন পৰিস্থিতিৰ কবলত পৰি ইয়াক পুনৰাই আন্ধাৰৰ মাজলৈ ঠেলি দিয়া যেন অনুভৱ হৈছে। অসমীয়া কেইবাখনো ছবিয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহতেই মুক্তি লাভ কৰিবলগীয়া আছিল যদিও বিতৰ্কিত “কা” বিৰোধী আন্দোলনৰ ফলত ইয়াৰ তাৰিখ সমূহ পিছুৱাই দিয়া হৈছিল। গতিকে, বাৰম্বাৰ ছবিসমূহৰ তাৰিখ সাল-সলনি কৰা ফলত ই কি পৰ্যায়ত উপনীত হ’ব সেয়া হ’ব লক্ষণীয়। এই বিষয়ে ৰূপালীপৰ্দাৰ ফালৰ পৰা আমি দুগৰাকী পৰিচালক ক্ৰমে উৎপল দত্ত আৰু এহছান মজিদৰ মন্তব্যৰ বিষয়ে জানিব বিচৰাত তেওঁলোকে কি ক’লে চাওঁচোন আহকঃ

"লক-ডাউনে" কেনে প্ৰভাৱ পেলাব অসমীয়া চলচিত্ৰ ক্ষেত্ৰত??? 2


উৎপল দত্তৰ মতে,
“লকডাউনে সমগ্ৰ দেশৰে, অকল দেশৰে নহয় সমগ্ৰ বিশ্বৰে অৰ্থনৈতিক অৱস্থাত অাঘাত হানিছে | চিনেমা উদ্যোগতো ইয়াৰ প্ৰভাব পৰিবই | অসমীয়া চিনেমাত অৰ্থ বিনিয়োগ কৰাটো অামাৰ ইয়াৰ ব্যবসায়ীৰ প্ৰথম পচন্দ নহয় | অইন ব্যবসায়ৰ পৰা সাময়িক ভাবে ফালৰি কাটি অাহিহে অসমীয়া চিনেমাত অৰ্থ বিনিয়োগ কৰে | সেইবাবে দেশৰ অৰ্থনৈতিক অৱস্থা ভালদৰে সুস্থিৰ নোহোৱালৈকে অসমীয়া চিনেমাক অৰ্থ বিনিয়োগ ভালদৰে হ’ব বুলি অাশা কৰিব নোৱাৰি | কিন্তু যিবোৰ চিনেমা মুক্তিৰ অপেক্ষাত অাছে, সাজু হৈ অাছে, সেইবোৰে নিশ্চয় মুক্তি লাভ কৰিব আৰু সেইকেইখনে হয়টো ভৱিষ্যতৰ ছবি অংকন কৰিব।”

"লক-ডাউনে" কেনে প্ৰভাৱ পেলাব অসমীয়া চলচিত্ৰ ক্ষেত্ৰত??? 3


আনহাতে, এহছান মজিদে কয় যে; “ইয়াৰ উত্তৰটো আছলতে একাষাৰে ক’ব পৰা নাযায়। এনেইতো অসমীয়া ক্ষেত্ৰখন অকণমান উঠি আহিছিল; মানুহ ছবিগৃহলৈ অসমীয়া ছবি চাবলৈ গৈছিল কিন্তু বৰ্তমান “লক-ডাউন” ৰ ফলত আকৌ প্ৰায়বোৰ মানুহৰ ঘৰত “বলীউডে” ৰাজত্ব কৰিলে। গতিকে, মানুহবোৰ পুনৰ বলীউডৰ প্ৰতি আকৰ্ষিত হ’ব। এনেও ছবিগৃহসমূহত অসমীয়া ছবি নচলে; কিছুমান হয়টো চলে কিন্তু প্ৰায়বোৰেটো এতিয়ালৈ লাভ উঠাব পৰাই নাই। ইয়াত চলিছে বাহিৰৰ ফেষ্টিভেলত নাম হৈ অহা ছবি নহ’লে কিছু তথাকথিত বাণিজ্যিকধৰ্মী ছবি

"লক-ডাউনে" কেনে প্ৰভাৱ পেলাব অসমীয়া চলচিত্ৰ ক্ষেত্ৰত??? 4

গতিকে, ক’ব পৰা নাযায় “লক-ডাউন” ৰ ফলত কি হ’ব!! মই আশা কৰিছো যাতে ভাল হওঁক; চলচিত্ৰ সদায় “Unpredictable”; ই হলীউডে হওঁক বা জাপানিচ্ ছবিয়ে হওঁক। আছলতে, চলচিত্ৰৰ যি মূল চৰ্ত; সেই চৰ্তটোৱে আমি শেষ কৰি পেলালো। ইয়াৰ মূল চৰ্তটোৱে হৈছে “কঠোৰ পৰিশ্ৰম”; ইণ্ডিয়ান পেনেৰোমাত এতিয়াও এটাই কথা চলে যে চলচিত্ৰ কোনো মনোৰঞ্জনৰ কথা নহয়, ই হৈছে এটা কলা। সেইবাবেই এই পেনেৰোমাত বাণিজ্যিক ধৰ্মী ছবিয়ে এতিয়ালৈ ঠাই নাই পোৱা। যেনেদৰে, এটা কবিতা সদায়েই এটা “কবিতা”; ই এটা “কমাৰছিয়েল” কবিতা বুলিটো ক’ব পৰাটো নাযায় নহয়। গতিকে এনেক্ষেত্ৰত ভাল ছবি অথবা ভাল কলাই সদায়টো মনোৰঞ্জন দিবই। আমি আছলতে তাৰ পৰা আঁতৰি আহিলো, আমাক হয়টো আঁতৰাই পঠিয়ালে “বলীউড” নামে এটা Funny বস্তুই “The second copy of Hollywood”। গতিকে এইবোৰ “ফান” নকৰি যদি ভাল কলাৰ সৃষ্টি কৰিব পৰা যায় তেতিয়াহ’লে দেশী-বিদেশী সকলো দৰ্শকেই ইয়াক লৈ আকৰ্ষিত হ’ব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform