Rupaliparda.com
মঞ্চ নহয়; ইনষ্টাগ্ৰাম লাইভত একেলগে পাপন-জুবিনঃ 1

মঞ্চ নহয়; ইনষ্টাগ্ৰাম লাইভত একেলগে পাপন-জুবিনঃ

এখন বিহু মঞ্চত জুবিন গাৰ্গ-অংগৰাগ পাপন মহন্তক গীত পৰিৱেশন কৰা হয়টো আমি সকলোৱে দেখিছো। কিন্তু, এইবাৰ এনে পৰিস্থিতিৰ মাজত কোনো ধৰণৰ বিহু উৎসৱ পতাটো সম্ভৱপৰ নোহোৱা ফলত অংগৰাগ পাপন মহন্তই নিজ বাসগৃহতেই থাকি দিলে জনসাধাৰণক বিহু গীতৰ সোঁৱাদ। ফেচবুক ও ইনষ্টাগ্ৰামত লাইভ হৈ তেওঁ দৰ্শকক দিলে বিহু গীতৰ সোঁৱাদ; কিন্তু যোৱাকালি হোৱা ইনষ্টাগ্ৰাম লাইভত তেওঁ নিজৰ সৈতে জড়িত কৰি তোলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে বলীউডৰো কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে ছান, চনু নিগম তথা শ্ৰেয়া ঘোষালক। জুবিন গাৰ্গৰ সৈতে সম্প্ৰতি পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰাৰ উপৰিও পাপনে বলীউড কন্ঠশিল্পীসমূহৰ দ্বাৰা বিহু গীত পৰিৱেশন কৰোৱায়।


শ্ৰেয়া, ছান ও চনু নিগমে অংগৰাগ পাপন মহন্তৰ সৈতেই তালত তাল মিলাই কন্ঠদান কৰে একোটা বিহু গীতত। দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ বিচৰা এনে প্ৰচেষ্টাত পাপন সফল হোৱাৰ লগতে তেওঁৰ লাইভৰ চুটি চুটি ভিডিঅ’ সমূহ ভাইৰেলো হৈ পৰিছে এতিয়া চচিয়েল মিডিয়াত। উল্লেখ্য যে, লাইভযোগে জুবিনৰ সৈতে হোৱা পাপনৰ কথা বতৰাত জুবিনে কয় যে তেওঁ গান গোৱা নাই যদিও কেইবাটাও গীতৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। আনহাতে, জুবিনে চচিয়েল মিডিয়াত এটি ভিডিঅ’ যোগে দৰ্শকক কিছু বাৰ্তাও প্ৰেৰণ কৰে।


কন্ঠশিল্পী সমূহৰ এনে প্ৰচেষ্টাই বৰ্তমান সকলোকে আমোদ প্ৰদান কৰাত সফল হৈছে। যদিও বৰ্তমান ৰঙালীৰ কোনো ৰং নাই; তৎস্বত্বেও শিল্পী সমূহৰ এনে ধৰণৰ চেষ্টাই জনসাধাৰণৰ মুখত হাঁহি বিৰিঙাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform