Rupaliparda.com
"ভাইৰেল গাৰ্ল" চুমি বৰাৰ ভিডিঅ'ত ৫ মিলিয়ন ভিউৱাৰচঃ 1

“ভাইৰেল গাৰ্ল” চুমি বৰাৰ ভিডিঅ’ত ৫ মিলিয়ন ভিউৱাৰচঃ

হিন্দী ছবি ক্ষেত্ৰখনত থকা এনে শিল্পী আছে যিয়ে বলীউডৰ কিছু গীতত নিজাববীয়াকৈ নৃত্য কৰি জনপ্ৰিয় হৈ পৰে। ঠিক তেনেকৈয়ে তেওঁলোক চিনাকী হৈ উঠে দৰ্শকৰ মাজত তথা তেওঁলোকৰ ভিডিঅ’ সমূহ বহুল সংখ্যাত ভাইৰেলো হৈ পৰে চচিয়েল মিডিয়াত। এনে শিল্পী অসমীয়া ক্ষেত্ৰখনতো নথকা নহয়; তেওঁৰ নাম হৈছে চুমি বৰা। এই গৰাকী শিল্পীয়ে অসমীয়া বিভিন্ন গীতত স্ব-কৰিঅ’গ্ৰাফীৰে নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ সঁহাৰি লাভ কৰিছে। “ভাইৰেল গাৰ্ল” নামেৰেও বিভিন্ন জনে সম্বোধন কৰিছে এই গৰাকী শিল্পীক। কিছুদিন পূৰ্বে তেওঁ কৰা এটি নৃত্যৰ ইউটিউব ভিডিঅ’ত অতিক্ৰম কৰিলে ৫ মিলিয়নৰো অধিক ভিউৱাৰচ। সমান্তৰালকৈ কেৱল মাত্ৰ এটাই নহয়; তেওঁ কৰা প্ৰত্যেকটো ভিডিঅ’য়েই হৈ পৰিছে এতিয়া দৰ্শকৰ বাবে প্ৰিয়।


সুবাসনাৰ দত্তৰ গীত “মইনাকণ বাখৰ” ত নিজাববীয়াকৈ নৃত্য কৰি চুমি বৰাই নিজ ভিডিঅ’ত লাভ কৰিলে ৫ মিলিয়নৰো অধিক ভিউৱাৰচ। তিনি বছৰ বয়সৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰাপ্ত এই গৰাকী শিল্পীয়ে সত্ৰীয়া নৃত্যত “বিষাৰদ” লাভ কৰিছে। এগৰাকী নৃত্যশিল্পী হোৱাৰ সমান্তৰালকৈ চুমি বৰা এগৰাকী প্ৰফেচনেল মেক-আপ আৰ্টিষ্ট। চচিয়েল মিডিয়াত তেওঁৰ প্ৰতিভাৰ বিভিন্ন সময়ত উদাহৰণ লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকে। ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা এই শিল্পী গৰাকীক পোন প্ৰথমবাৰৰ বাবে অভিনেত্ৰীৰূপে দেখিবলৈ পোৱা গৈছিল দীক্ষু শৰ্মাৰ গীত “পাৰিজাত” ত।

https://www.instagram.com/p/B-6-IZTpXuA/?utm_source=ig_web_copy_link


শেহতীয়াকৈ “ইবাছি” শীৰ্ষক এটি গীতত কৰা নৃত্যইও তেওঁক আৰু অধিক জনপ্ৰিয় কৰি তুলিছে। তেওঁৰ নৃত্যৰ বিভিন্ন “ষ্টেপ” অনুসৰণ কৰা দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়াত। মুঠতে, নৃত্য প্ৰদৰ্শন ৰ ক্ষেত্ৰত ক’তো অকণো খুঁত নথকা চুমি বৰাৰ বিভিন্ন ভিডিঅ’ক লৈ অপেক্ষাৰত হৈ থাকে তেওঁৰ অনুৰাগী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform