চচিয়েল মিডিয়াত ট্ৰোলৰ সন্মুখীন বৈদেহী ওৰফে পৰিণীতা ওৰফে অসমীয়া অভিনেত্ৰী হিমাক্ষী কলিতা। চচিয়েল মিডিয়াৰ এখন পেজ যোগে লাইভ হৈছিল অভিনেত্ৰী গৰাকী আৰু তাত তেওঁৰ অনুৰাগীৰ সৈতে কথা- বতৰা পাতিছিল। অনুৰাগীয়ে তেওঁৰ সৈতে বিভিন্ন কথা পতাৰ উপৰিও অভিনেত্ৰী গৰাকীৰ পচন্দ-অপচন্দৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছিল। গতিকে, এনেক্ষেত্ৰতে যেতিয়া হিমাক্ষীক প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁৰ উত্তৰত হোৱা খেলি-মেলিক লৈয়ে এতিয়া বিভিন্নজনে ট্ৰোল কৰিছে অভিনেত্ৰী গৰাকীক। নিচেই কম বয়সতে ৰং চেনেল যোগে সম্প্ৰচাৰিত দুখনকৈ ধাৰাবাহিকত মূল চৰিত্ৰ ৰূপায়ন কৰা হিমাক্ষী বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। অসমীয়া কেইবাটাও গীত দেখিবলৈ পোৱা গৈছিল হিমাক্ষী কলিতাক; ফলত তেওঁৰ পৰা হোৱা এটা ভুলক লৈ চচিয়েল মিডিয়াত বিভিন্ন মিম প্ৰস্তুত কৰাৰ উপৰিও পোষ্ট কিছুমানেৰে চচিয়েল মিডিয়াত তেওঁক ট্ৰোল কৰা হৈছে।

আছলতে, লাইভ যোগে অভিনেত্ৰী গৰাকীক অনুৰাগীয়ে প্ৰশ্ন কৰিছিল যে হলীউডৰ “Marvel Comics” ৰ কোনজন চৰিত্ৰ তেওঁৰ প্ৰিয়? তেতিয়া উত্তৰত অভিনেত্ৰী গৰাকীয়ে “Aqua man” ৰ কথা কয়; যিজন আছলতে DC COMICS তহে অন্তৰ্ভূক্ত। মন্তব্যৰ সাল-সলনিৰ ফলত হিমাক্ষী কলিতাক বিভিন্ন মিম তথা ভিডিঅ’ৰ দ্বাৰা ট্ৰোল কৰে একাংশই।
এই ট্ৰোল সমূহক লৈ অৱশেষত মুখ খুলি এটা ভিডিঅ’ শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে। য’ত তেওঁ কয় যে, “মানুহ মাত্ৰেই ভুল হয়; “Slip of Tongue” হৈছিল আছলতে মোৰ। ফলত মোৰ মুখৰ পৰা ভুলকৈ উত্তৰটো ওলাল। মই ট্ৰোল সমূহক সাধাৰণ ভাৱেই লৈছো কিন্তু কোনোৱে যাতে কাৰোবাক এনেদৰে ট্ৰোল নকৰে যাৰ ফলত সেই মানুহগৰাকী বা মানুহজন মানসিক ভাৱে ভাগি পৰে।”

তেওঁ এনে কিছু কথা ব্যক্ত কৰি ভিডিঅ’ আপলোড কৰা পিছত তেওঁৰ ভিডিঅ’তো বিভিন্ন জনে নানানটা কমেন্ট কৰি তেওঁক থকা-সৰকা কৰে। উল্লেখ্য যে, অভিনেত্ৰী গৰাকীৰ বহুল হাৰত অনুৰাগীৰ সংখ্যা থাকিলেও বৰ্তমান তেওঁৰ প্ৰত্যেকখন ফটোত কমেন্ট কৰিছে একাংশই।
Add comment