Rupaliparda.com
"ছবিৰ মুক্তিক লৈ খোৱা-কামোৰা লাগিব, সকলোৱে ওপৰা-ওপৰি কৰিব"- হিমাংশু প্ৰসাদ দাস 1

“ছবিৰ মুক্তিক লৈ খোৱা-কামোৰা লাগিব, সকলোৱে ওপৰা-ওপৰি কৰিব”- হিমাংশু প্ৰসাদ দাস

বৰ্তমান সময়ছোৱাত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰৰ লগতে কেইবাটাও ভিন্ন ক্ষেত্ৰক লৈ জনসাধাৰণৰ মনত প্ৰশ্নৰ উত্থাপন হৈছে। জনসাধাৰণে খাবলগীয়া খাদ্যৰ পৰা আৰম্ভ কৰি তেওঁলোক নিয়োজিত হৈ থকা কৰ্মটোক লৈও বিভিন্ন ধৰণৰ শংকাৰ সৃষ্টি হৈছে। বিগত বহু সময়ছোৱাৰ পৰা চৰ্চিত বিষয় ৰূপে পৰিগণিত হৈছে এই দীঘলীয়া স্তদ্ধতাৰ পিছত কেনে হ’ব অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনত আহিবলগীয়া প্ৰত্যাহ্বান। কেৱল মাত্ৰ অসমীয়া বুলিয়ে নহয়; বিশ্বৰ সমূহ ছবি ক্ষেত্ৰত আহিবলগীয়া অসুবিধা সমূহৰ বিষয়ে এতিয়া মত ব্যক্ত কৰিছে বিভিন্ন জনে। এনে ক্ষেত্ৰত এইবাৰ ৰূপালীপৰ্দাৰ সমুখত নিজ কথা ব্যক্ত কৰে পৰিচালক হিমাংশু প্ৰসাদ দাসে; নিজ ব্যতিক্ৰমী সৃষ্টিৰে দৰ্শকক প্ৰত্যেকবাৰ মুগ্ধ কৰি তোলা এই গৰাকী পৰিচালকৰ অনুৰাগীৰ সংখ্যাও অসংখ্য।

"ছবিৰ মুক্তিক লৈ খোৱা-কামোৰা লাগিব, সকলোৱে ওপৰা-ওপৰি কৰিব"- হিমাংশু প্ৰসাদ দাস 2

উক্ত বিষয় সন্দৰ্ভত তেওঁ কয় যে, “যিবোৰ অসমীয়া বা হিন্দী নাইবা হলীউড ছবি মাৰ্চ মাহৰ শেষৰ পৰা মুক্তি লাভ কৰিবলৈ ৰৈ গ’ল সেইসমূহৰ ওপৰত কিছু ঋণাত্মক প্ৰভাৱ নপৰাকৈ হয়টো নাথাকিব। আমি অসমীয়া ছবিৰ ক্ষেত্ৰত যদি কওঁ তেতিয়াহ’লে বিগত সময়ত হোৱা “কা” আন্দোলনৰ ফলত বহু ছবি মুক্তি লাভ কৰিব পৰা নাছিল। মাৰ্চত কেৱল মাত্ৰ এখনেই অসমীয়া ছবি আহিছিল যিখন হ’ল “তুমি আৰু মই”। আৰু, তেতিয়াই ছবিগৃহসমূহ বন্ধ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছিল। গতিকে, যোৱা কেইমাহৰ প্ৰত্যেকটো মাহত নাই কমেও চাৰিখনকৈ ছবি মুক্তি লাভ কৰিবলগীয়া আছিল; কিন্তু বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা এতিয়াৰ মে’ মাহলৈ যদি চাওঁ তেতিয়াহ’লে ছয় চাৰি গুণ চব্বিশ খন ছবি মুক্তি পাবলৈ বাকী থাকি গ’ল।

"ছবিৰ মুক্তিক লৈ খোৱা-কামোৰা লাগিব, সকলোৱে ওপৰা-ওপৰি কৰিব"- হিমাংশু প্ৰসাদ দাস 3


লগতে, জুন-জুলাই মাহত ছবি মুক্তি দিবলৈ তাৰিখ লৈ থোৱা ছবিবোৰটো আছেই আৰু উক্ত বাকী থকা চিনেমা সমূহো ইয়াৰ লগত যোগ হ’ল। ইয়াৰ উপৰিও, হিন্দী ছবিবোৰটো আছেই। আছলতে, এনে ক্ষেত্ৰত অকল অসমীয়া বুলিয়ে নহয় সমূহ ছবি ক্ষেত্ৰই ভুক্তভোগী হ’ব। “লক-ডাউন” খোলা পিছত মুক্তি তাৰিখকলৈ খোৱা-কামোৰা লাগিব; সকলোৱে ওপৰা-ওপৰি কৰিব। কাৰোবাৰ ব্যৱসায় ওপৰত কম প্ৰভাব পৰিৱ আনহাতে কাৰোবাৰ ওপৰত বেছি। কম বাজেটৰ ছবি সমূহে হয়টো অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।
ইয়াৰ ফলতো কিন্তু সকলোৱে ভুগিব। কাৰণ সময় এটাই ছবি মুক্তি কৰাৰ; শুক্ৰবাৰ দিনটোৱেই এখন ছবি মুক্তি দিব পাৰি। অসমীয়া ইতিমধ্যে কেইবাখনো ছবি মুক্তি লাভ কৰিব লাগিছিল যেনে ধৰা “বন্ধু”, “গৰু” আদি কিন্তু আমাৰ এই ছবি সমূহ বিভিন্ন পৰিস্থিতিৰ ফলত মুক্তি লাভ নকৰিলে গতিকে আমিও এতিয়া পিছুৱাই গৈ এনে তাৰিখ এটা ল’ব লাগিব ;য’ত হয়টো অইনে ছবিয়েও লৈ থৈছে। কিন্তু আমাৰ উপায় নাই; কি কৰিম। ক’বলৈ গ’লে আমাৰ বৰ্তমানৰ পৰিস্থিতিটো এটা চক্ৰবেহুত সোমাই গৈ আছে য’ৰ পৰা ওলাই অহাটো এতিয়া সম্ভৱ নহয়।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform