Rupaliparda.com
অসমীয়া ৰীতি-নীতি সংযোজনেৰে আইমী বৰুৱাই যাঁচিলে বিহুৰ ওলগঃ 1

অসমীয়া ৰীতি-নীতি সংযোজনেৰে আইমী বৰুৱাই যাঁচিলে বিহুৰ ওলগঃ

ৰঙালী বিহুৰ সময়ছোৱাত আছলতে প্ৰত্যেকজন অসমীয়াৰ গা সাতখন-আঠখন হৈ থকাটো সাধাৰণ কথা । য’ত জনসাধাৰণৰ গাতেই এইকেইটা দিনত তত্ নাইকিয়া হয়; তাতেই আকৌ অসমীয়া এগৰাকী অভিনেত্ৰীয়ে ৰঙালীক আদৰিবলৈ বিভিন্ন ধৰণে প্ৰস্তুতি কৰাটো তেনেই স্বাভাৱিক। জনসাধাৰণক এইবাৰ মঞ্চত নহয়; ঘৰুৱা ভাৱে বিহুৰ নিয়ম পালন কৰি এটি ভিডিঅ’ আকাৰে অভিনেত্ৰী আইমী বৰুৱাই যাঁচিলে ৰঙালীৰ ওলগ। জেতুকা চিঙাৰ পৰা আৰম্ভ কৰি তেল পিঠা বনাই গৰুক সেৱা কৰালৈ বিভিন্ন ৰীতিৰ সংযোজনেৰে আইমী বৰুৱাই অনুৰাগীলৈ জনালে বহাগ বিহুৰ শুভকামনা। বহু সময়ত সমালোচনাৰ সন্মুখীন হোৱা আইমী বৰুৱাই “লক-ডাউন” ৰ এই সময়ছোৱাত ইনষ্টাগ্ৰামত পোষ্ট কৰি দৰ্শকক ঘৰতেই থকাৰ আহ্বান জনোৱাৰ উপৰিও সজাগ-সচেতন হৈ থকাৰো দিহা দিয়ে।

View this post on Instagram

সকলো অসমবাসী ৰাইজলৈ পুনৰবাৰ ব'হাগ বিহুৰ শুভকামনা যাছিলোঁ । সমগ্ৰ বিশ্ব এতিয়া মহামাৰীৰ কবলত । এনেকুৱা বিপদৰ সময়ত আহিল আমাৰ বাপতি সাহোন বিহুটি । নিয়ম মানি আমাৰ মৰমৰ বিহুটি আমি উদযাপন কৰিব নোৱাৰিলো। সেয়ে অসমবাসীলৈ বিহুৰ দিন কেইটাত আমাৰ হাতত থকা ব'হাগ বিহুৰ কিছু পুৰণি ছবি আগবঢ়াইছিলো । আপোনালোকে প্রতিখন ফটোলৈ লগতে আমালৈ যচা মৰম পাই আমি খুবেই সুখী । ব'হাগ আকৌ আহিব । বিহু আকৌ আমি পাতিম, মাত্ৰ কেইটামান দিনৰ বাবে সামাজিক দূৰত্ব মানি সকলো ঘৰতে থাকক, কুশলে থাকক ।আহি থকা দিনবোৰ সকলোৰে বাবে ব'হাগৰ দৰে মোহনীয় হওঁক। Behind the screens photography #tarkikborahphotography Cinematography,di , editing #ranjanborahphotography Look Design #adityam Mua #raghu Original singer #abhishrutibezbaruah #assamesactor #bohagbihu #assamtourism #awesomeassam #handloom #rongalibihu #aimee #aimeebaruah @aimeebaruahofficial

A post shared by Aimee Baruah (@aimeebaruahofficial) on


ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে চৰকাৰী পুঁজিলৈ অনুদান আগবঢ়ায়। “অসম আৰোগ্য নিধি” লৈ ১লাখ টকাৰ অনুদান আগবঢ়াইছে অভিনেত্ৰী অাইমী বৰুৱাই। উল্লেখ্য যে, আইমীয়ে তেওঁৰ সৈতে নিজ পুত্ৰ-কন্যাকো বিহু সাঁজ পিন্ধাই ফটোশ্বুট কৰা কিছু মহুূৰ্ত শ্বেয়াৰ কৰে চচিয়েল মিডিয়াত। তাৰ্কিক বৰাৰ চিনেমেটো’গ্ৰাফীৰে নিৰ্মিত আইমী বৰুৱাৰ এই ভিডিঅ’টো বৰ্তমান আকোঁৱালি লৈছে অসমীয়া ৰাইজে। কোৱাৰেন্টাইনত থকা দৰ্শক সমূহক মনোৰঞ্জন কৰোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে সকলো শিল্পীয়ে। আগন্তুক সময়ত দৰ্শকে আইমীক দেখিবলৈ পাব “যাযাবৰ” শীৰ্ষক এখন অসমীয়া ছবিত।

অসমীয়া ৰীতি-নীতি সংযোজনেৰে আইমী বৰুৱাই যাঁচিলে বিহুৰ ওলগঃ 2


আইমী বৰুৱাৰ সমান্তৰালকৈ অভিনেত্ৰী বৰষা ৰাণীয়েও নিজে যোঁজনা গাই তথা বিহু নাচি দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ চেষ্টা কৰিছিল। অসমীয়া শিল্পী সমূহে প্ৰায়ে চচিয়েল মিডিয়াৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে যাতে জনসাধাৰণ আতংকিত নহয়; সজাগ হৈ থাকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform