Rupaliparda.com
"জানমণি ২০২০" ৰ মুক্তিত বাধাস্বৰূপ "লক-ডাউন"- আৰম্ভণি প্ৰত্যাহ্বানৰঃ 1

“জানমণি ২০২০” ৰ মুক্তিত বাধাস্বৰূপ “লক-ডাউন”- আৰম্ভণি প্ৰত্যাহ্বানৰঃ

এতিয়ালৈ মুক্তি লাভ কৰা নাই “জানমণি ২০২০”? আছলতে, এনেবোৰ প্ৰশ্ন সাধাৰণজনৰ মনলৈ অহাটো একেবাৰেই স্বাভাৱিক। ব্যতিক্ৰমী ধৰণে মুক্তি দিয়াৰ কথা আছিল উক্ত ছবিখন। “এন কে বিগ ষ্টাৰ” নামে এটা এপ যোগে ছবিখন মুক্তি দিয়াৰ কথা ভবা হৈছিল যদিও সকলো ব্যক্তি ঘৰতেই থাকি কাম কৰিবলগীয়া হোৱা ফলত লেহেমীয়া হৈ পৰিছে এতিয়া কামবোৰ। ফলত, বাৰম্বাৰ তাৰিখৰ সাল-সলনি কৰিবলগীয়াত পৰিছে পৰিচালক গোষ্ঠী। সম্পূৰ্ণ ৭ বছৰৰ অন্তত দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছিল “জানমণি ২০২০”। সমূহ অসমীয়া দৰ্শকৰ বাবে পৰিচিত এই নামটোৱে ইতিমধ্যে দৰ্শকক আকৰ্ষিত কৰাৰ লগতে আহিবলগীয়া ছবিখনক লৈ উৎসাহিতও কৰি তুলিছিল।


কিন্তু, “লক-ডাউন” ৰ ফলত হোৱা বন্ধসমূহে যেন দৰ্শকৰ আশাত চেঁচা পানী ঢালিলে। ছবিখন চাবলৈ অপেক্ষা কৰি থকা একাংশ দৰ্শকৰ বাবেই “এপ” যোগে ইয়াক চলিত মাহৰ ১০ তাৰিখে মুক্তি দিয়াৰ কথা ভবা হৈছিল যদিও দূৰ্ভাগ্যবশত এয়াও সম্ভৱপৰ হৈ উঠা নাই। মুঠ ৬২ টা স্থানত প্ৰচাৰ চলোৱাৰ মানসেৰে আগবঢ়া এই ছবিখনৰ প্ৰচাৰ চলোৱাতো বাধা স্বৰূপ থিয় দিছিল “কভিড ১৯”। কোৱা বাহুল্য যে, “লক-ডাউন” শেষৰ পিছত নহয়; ই চলি থকা সময়ছোৱাতে সৃষ্টি হৈছে প্ৰত্যাহ্বানৰ। ইয়াৰ বিকল্প যদি ভবা নহয় তেনেহ’লে ই ধীৰে ধীৰে আৰু অধিক সমস্যাৰ হয়টো সৃষ্টি কৰিব।

"জানমণি ২০২০" ৰ মুক্তিত বাধাস্বৰূপ "লক-ডাউন"- আৰম্ভণি প্ৰত্যাহ্বানৰঃ 2


ছবিখনত “জানমণি” চৰিত্ৰটি ৰূপায়ন কৰিছে দিগাংগনা বৰাই। বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য , সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে দীপাংকৰ মহন্ত, দীপজ্যোতি মহন্ত, অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া,ভৱানী ভূঞা, উদয় শংকৰ, সূৰ্য শইকীয়া, বৈশালী নৱ মেধি, ৰাজমণি ভূঞা, অপৰ্ণা তামুলী, বাসৱ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform