Rupaliparda.com
"লক-ডাউন" বৃদ্ধি হ'লে ৰীমা দাসে আলিংগন কৰিব বৃক্ষকঃ 1

“লক-ডাউন” বৃদ্ধি হ’লে ৰীমা দাসে আলিংগন কৰিব বৃক্ষকঃ

সমগ্ৰ দেশত বৰ্তি থকা “লক-ডাউনে” এতিয়া একাংশ লোকৰ মাজত সৃষ্টি কৰিছে আশংকাৰ। “কভিড ১৯” ৰ ফলত হোৱা এনে আতংকময় পৰিস্থিতিৰ মাজত পুনৰ বাৰ বৃদ্ধি হোৱা “লক-ডাউনে” সমগ্ৰ বিশ্বত থকা মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি কৰিছে। আছলতে, খোৱা-বোৱাৰ পৰা আদি কৰি ব্যক্তিৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত কালসন্ধ্যা নমাই আনিছে “কভিড-১৯” য়ে। প্ৰত্যেকে মাত্ৰ এটাই আশা কৰিছে যে কেনেবাকৈ সমগ্ৰ দেশৰ মুখত হাঁহি বিৰিঙক। জনসাধাৰণৰ সমান্তৰাকৈ আছলতে এনে নীতি নিয়মৰ মাজত আৱদ্ধ হৈছে চিলেব্ৰেটী সকলো। সেয়া লাগিলে অসমীয়াই হওঁক বা হিন্দী ছবি ক্ষেত্ৰৰেই হওঁক; প্ৰত্যেকেই নিজ নিজ বাসগৃহত কোৱাৰেন্টাইন হ’বলৈ বাধ্য হৈ পৰিছে। কোৱাৰেন্টাইনৰ এই সময়কালৰ অন্ত পৰিলে কোন জন চিলেব্ৰেটী দেখিবলৈ কেনে হ’ব নাইবা কোনে কেনেদৰে মনোৰঞ্জন কৰিব সেই আটাইবোৰ চচিয়েল মিডিয়া যোগে পোষ্ট কৰে এওঁলোকে।


এইবাৰ অসমীয়া ছবি পৰিচালক ৰীমা দাসে ক’লে তেওঁ কি কৰিব যদিহে আকৌ এবাৰ বৃদ্ধি কৰা হয় “লক-ডাউন” ৰ সময়সীমা। “লক-ডাউন” পুনৰ বাৰ যদি বৃদ্ধি কৰা হয় তেনেহ’লে ৰীমা দাসে আলিংগন কৰিবলৈ মুম্বাইত বিচাৰি ল’ব এডাল বৃক্ষ। কাৰণ ব্যক্তিক আলিংগন কৰাটো পিছলৈ হয় পৰিব তেওঁৰ সপোনহে। এনেদৰে দিয়া কেপছনৰ যোগেৰে ৰীমা দাসে এটি পোষ্ট কৰে নিজ ইনষ্টাগ্ৰাম একাউন্টত। আছলতে, আইছলেণ্ডৰ “Forestry Service” য়ে কোৱাৰেন্টাইনৰ সময়ছোৱাত একোজন লোকক একোডাল বৃক্ষক আলিংগন কৰাৰ উপদেশ দিয়ে। শুনিবলৈ অদ্ভূত হ’লেও বিভিন্ন গৱেষণাৰ দ্বাৰা ইয়াক প্ৰমাণিত কৰা হৈছে; এডাল বৃক্ষক কৰা আলিংগনে কিছু পৰিমাণে হ’লেও সন্তোষ প্ৰদান কৰে ব্যক্তি জীৱনত।

"লক-ডাউন" বৃদ্ধি হ'লে ৰীমা দাসে আলিংগন কৰিব বৃক্ষকঃ 2


উক্ত কথাটোকে কেন্দ্ৰ কৰি ৰীমা দাসে এই কথাষাৰ ব্যক্ত কৰে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতনামা অসমীয়া পৰিচালক গৰাকী বৰ্তমান মুম্বাইৰ বাসগৃহত কোৱাৰেন্টাইন হৈ আছে। তেওঁৰ দ্বাৰা নিৰ্মিত দুয়োখন ছবি ক্ৰমে “বুলবুল কেন চিং” তথা “ভিলেইজ ৰকষ্টাৰে” ইতিমধ্যে দৰ্শকৰ মনত ঠাই বনাবলৈ সক্ষম হৈছে। কেৱল মাত্ৰ অসমীয়া দৰ্শকেই নহয়; ছবি দুখনে সঁহাৰি লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform