বিগত বহু দিনৰ পৰা শিল্পী সকলে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। চচিয়েল মিডিয়াকে বিহু মঞ্চ ৰূপে গ্ৰহণ কৰিছে অসমীয়া কন্ঠশিল্পী সমূহে। য’ত “লক-ডাউন” ৰ এই আমনিদায়ক সময়ছোৱাতে শিল্পীসমূহে জনসাধাৰণক মনোৰঞ্জন কৰোৱাবলৈ বিভিন্ন পোষ্ট কৰিছিল তাতেই আকৌ এইবাৰ অসমীয়া বাপতি সাহোন বিহুটিৰ কথা। বিহু মঞ্চ সমূহত এইবাৰ শিল্পী সমূহে গীত পৰিৱেশন কৰিবলৈ নাপালে যদিও তেওঁলোকে চচিয়েল মিডিয়াত লাইভ হৈ অনুৰাগীক বিহুৰ সোঁৱাদ প্ৰদান কৰিছে।
কিছুদিন পূৰ্বে অংগৰাগ পাপন মহন্তকে আদি কৰি জুবলী, আচুৰ্য্য বৰপাত্ৰ আদি কন্ঠশিল্পীসমূহে নিজেই লাইভ হোৱাৰ উপৰিও নিজৰ লগত সংযুক্ত কৰি লৈছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গকো। লাইভতে যুঁটীয়াভাৱে গীত পৰিৱেশন কৰিছিল তেওঁলোকে। পাপনে লাইভত বলীউডৰ কেইবাগৰাকীও কন্ঠশিল্পীক নিজৰ সৈতে সংযুক্ত কৰি তেওঁলোকৰ পৰা গোৱাইছিল অসমীয়া কেইবাটাও বিহু গীত। এনে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে আগবাঢ়িছে এইবাৰ কন্ঠশিল্পী নীলোৎপল বৰাও। আজি সন্ধিয়া ৬ বজাত নিজ ইনষ্টাগ্ৰাম একাউন্টৰ পৰা লাইভ আহি কন্ঠশিল্পী গৰাকীয়ে নিজৰ সৈতে সংযুক্ত কৰিব কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কন্ঠশিল্পী; যিসকলে কন্ঠদান কৰিব জুবিন গাৰ্গৰ কেইবাটাও গীতত।

হাৰ্টথ্ৰৱ গৰাকীক তেওঁৰ গীতেৰেই বিহুৰ উপহাৰ যাঁচিব কন্ঠশিল্পী নীলোৎপল বৰাই। তেওঁ সন্ধিয়া ৬ বজাত দৰ্শকক তেওঁৰ এই লাইভ অনুষ্ঠান চাবলৈ আহ্বান জনাইছে।
Add comment