Rupaliparda.com
"2k Comments Challenge"- হ'বনে সম্পূৰ্ণ?? 1

“2k Comments Challenge”- হ’বনে সম্পূৰ্ণ??

চচিয়েল মিডিয়াত সঘনাই চলি থকা কিছুমানে ট্ৰেণ্ডে প্ৰায়ে একাংশক থকা-সৰকা কৰি আহিছে। ট্ৰেণ্ড সমূহৰ সৈতে একাংশ ইমানেই ব্যস্ত হৈ উঠে যে তেওঁলোকৰ কিছুমানৰ সম্পৰ্কতো বিভিন্ন প্ৰত্যাহ্বানৰ সৃষ্টি হয়। “লক-ডাউন” ৰ এই সময়ছোৱাত সকলো জনসাধাৰণ নিজ নিজ বাসগৃহতেই আৱদ্ধ হৈ পৰিছে। ক’ৰবাত যদি বিবাহ অনুষ্ঠান পিছুৱাই দিয়া হৈছে নহ’লে কাৰোবাৰ ঘৰত হ’বলগীয়া পূজা-পাৰ্ৱণৰ তাৰিখো সাল-সলনি কৰা হৈছে। এনেক্ষেত্ৰত প্ৰেমিক-প্ৰেমিকাৰ যুঁটি সমূহো ইজনে-আনজনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে । মেছেজ ও ভিডিঅ’ কল কৰিয়েই সময় কটাইছে এতিয়া প্ৰায়বোৰ যুঁটিয়ে। আকৌ, বৰ্তমান সময়ত চচিয়েল মিডিয়াত চলা উক্ত ট্ৰেণ্ড সমূহেও কম-বেছি পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে এনেধৰণৰ প্ৰেমিক-প্ৰেমিকাৰ ওপৰত। এনেই বহু দিন ধৰি নেদেখাৰ বিৰহ; তাতেই আকৌ যেতিয়া প্ৰেমিক যুগলৰ এজনে ফোন কৰাত আনজনে উত্তৰ নিদিয়ে তেতিয়া এখন যে অভিমান কৰি অভিযোগৰ কাজিয়াৰ সৃষ্টি হ’ব সেয়া নিশ্চিত হৈ পৰে।


গতিকে, সম্প্ৰতি চচিয়েল মিডিয়াত চলা এটা ট্ৰেণ্ড আৰু এহাল প্ৰেমিক-প্ৰেমিকাৰ মৰম-অভিমানৰ কাজিয়াৰে “বৰনদী ভটিয়াঁয়” ৰ পৰিচালক অনুপম কৌশিক বৰাই নিৰ্মাণ কৰি উলিয়ালে এখন চুটি ছবি; যাৰ নামটো হৈছে “2k Comments Challenge”। “লক-ডাউন” ৰ এই সময়ছোৱাৰ কোনো ধৰণৰ নিয়ম উলংঘা নকৰি নিৰ্মাণ কৰি উলিওৱা হৈছে এই ৰোমান্টিক কমেডী চুটি ছবিখন। “নেশ্বনেল স্কুল অৱ ড্ৰামা” নতুন দিল্লীৰ ছাত্ৰী শিল্পী দত্ত তথা “নেশ্বনেল স্কুল অৱ ড্ৰামা” চিকিমৰ পৰা পাছ কৰি অহা ছাত্ৰ ও নৱপ্ৰজন্মৰ এগৰাকী অভিনেতা কমল লোচনৰ অভিনয়েৰে ঘৰতে থাকি সকলোৱে নিৰ্মাণ কৰি উলিয়াইছে “2k Comments Challenge”।

"2k Comments Challenge"- হ'বনে সম্পূৰ্ণ?? 2


কাহিনী লিখাৰ লগতে ছবিখন সম্পাদনা কৰিছে অনুপম কৌশিক বৰাই। তেওঁৰ দ্বাৰা নিৰ্মিত “বৰনদী ভটিয়াঁয়” ছবিখনে ইতিমধ্যে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ছবিখন উপভোগ কৰিবলৈ দৰ্শক অহাৰ লগতে ইয়াক লৈ ধনাত্মক মন্তব্যও প্ৰদান কৰিছিল বহুতে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform