Rupaliparda.com
বহাগত বিদেশত গীত পৰিৱেশন কৰিলেহেঁতেন জীনা ৰাজকুমাৰীয়ে; কিন্তু বাতিল কৰা হ'ল সকলোঃ 1

বহাগত বিদেশত গীত পৰিৱেশন কৰিলেহেঁতেন জীনা ৰাজকুমাৰীয়ে; কিন্তু বাতিল কৰা হ’ল সকলোঃ

বহাগ বিহুৰ মাজতেই “লক-ডাউন” খোলাৰ বাট চোৱা একাংশৰ আশাত চেঁচা পানী ঢালি ইয়াক কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰি ৩ মে’ লৈ বঢ়াই দিয়ে। একাংশ জনসাধাৰণৰ লগতে “লক-ডাউন” ৰ সময়ছোৱাত হোৱা বন্ধ তথা চৰকাৰৰ বিভিন্ন নিষেধাজ্ঞাৰ ফলত ভুক্তভোগী হৈ পৰিছে শিল্পী সকলো। আগতীয়াকৈ লৈ থোৱা কিছু অনুষ্ঠান বাতিল কৰিবলগীয়া হোৱাত একাংশ শিল্পীৰ জীৱনলৈ প্ৰত্যাহ্বান নামি আহিছে। ঘৰতেই বহি এওঁলোকে চেষ্টা কৰিছে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ। অসমীয়া সংগীত ক্ষেত্ৰৰ এনে এগৰাকী শিল্পী হৈছে জীনা ৰাজকুমাৰী । জনগোষ্ঠীয় গীতত কন্ঠদান কৰি শ্ৰোতাৰ হৃদয়ত স্থিতি গাঢ় কৰা এই গৰাকী কন্ঠশিল্পীৰ পূৰ্বৰে পৰা বহাগ বিহুৰ সময়ছোৱাত থাকে যথেষ্ট ব্যস্ততা।

বহাগত বিদেশত গীত পৰিৱেশন কৰিলেহেঁতেন জীনা ৰাজকুমাৰীয়ে; কিন্তু বাতিল কৰা হ'ল সকলোঃ 2


এইবাৰ বহাগ বিহুৰ সময়ছোৱাত জীনা ৰাজকুমাৰীৰ অনুষ্ঠানৰ সংখ্যা আছিল বহুত। মালেইছিয়া, লণ্ডন, থাইলেণ্ডকে ধৰি দেশ-বিদেশৰ কেইবাখনো ঠাইত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ মানসেৰে প্ৰস্তুত হৈ পৰিছিল কন্ঠশিল্পী গৰাকী। কিন্তু, “কভিড ১৯” ৰ ফলত এই সকলোবোৰ স্থগিত কৰি দিয়া হ’ল। গতিকে, বৰ্তমান ঘৰতেই থাকি বিভিন্ন চেনেলত গীত পৰিৱেশন কৰি দৰ্শকক মনোৰঞ্জন কৰোৱাইছে কন্ঠশিল্পী গৰাকীয়ে। বছৰটোৰ বাবে আৰ্থিক অনাটনত ভুগিবলগীয়া হ’ব বুলি জানিও তেওঁ ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত কয় যে বৰ্তমান জীৱনতকৈ শ্ৰেষ্ঠ আৰু একোৱে নাই। জীৱন থাকিলেহে সকলো সঁচা হ’ব; গতিকে বিহুৰ উৎসৱ তেওঁ পিছলৈ কেতিয়াবা কৰিম বুলি নিজ মত ব্যক্ত কৰে।

বহাগত বিদেশত গীত পৰিৱেশন কৰিলেহেঁতেন জীনা ৰাজকুমাৰীয়ে; কিন্তু বাতিল কৰা হ'ল সকলোঃ 3


বৰ্তমান পৰিপ্ৰেক্ষিতত, একোজন শিল্পীৰ বাবে সব্বোৰ্চ হৈছে তেওঁলোকৰ অনুৰাগী সমূহ। তেওঁলোকে যেনেদৰে নহওঁক কিয় দৰ্শকক মনোৰঞ্জন কৰোৱাত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ এনে প্ৰচেষ্টাবোৰে জনসাধাৰাণক যে অকণমান হ’লেও শান্তি প্ৰদান কৰিছে সেয়া নিশ্চিত।

Add comment

Leave a Reply