Rupaliparda.com
শত্ৰুঘ্ন সিনহাই দিলে ২৫ কোটি টকাৰ স্পষ্টীকৰণঃ 1

শত্ৰুঘ্ন সিনহাই দিলে ২৫ কোটি টকাৰ স্পষ্টীকৰণঃ

“ক’ৰ’ণা” ৰ সন্ত্ৰাসে সমগ্ৰ দেশতে বৰ্তমান ত্ৰাসৰ সৃষ্টি কৰিছে। এনে সময়তে অসহায় জনক সহায়ৰ অৰ্থে বলীউডৰ চিলেব্ৰেটী সমূহে PM CARES FUND লৈ নিজ সুবিধানুযায়ী অনুদান আগবঢ়াইছে। বিভিন্ন জনে বিভিন্ন অংকৰ ধন আগবঢ়োৱাৰ লগতে অক্ষয় কুমাৰে ২৫ কোটি টকাৰ অনুদান আগবঢ়ায়; যাক লৈ জনসাধাৰণৰ লগতে অভিনেতাগৰাকীৰ প্ৰশংসা কৰে তেওঁৰ পত্নী টুইংকল খান্নাইও। কিন্তু কিছু সময় পূৰ্বে অভিনেতা শত্ৰুঘ্ন সিনহাই ২৫ কোটি টকাৰ উল্লেখ কৰি অনুদানৰ পৰিমাণটো কিয় জনসাধাৰণক জনোৱাৰ প্ৰয়োজন বুলি প্ৰশ্ন কৰে। গতিকে, উক্ত কথাটোক লৈ একাংশই এতিয়া শত্ৰুঘ্ন সিনহাৰ ওপৰত আঙুলি উঠোৱাৰ উপৰিও তেওঁ অক্ষয় কুমাৰক টাৰ্গেট কৰা বুলিও মন্তব্য কৰে।

শত্ৰুঘ্ন সিনহাই দিলে ২৫ কোটি টকাৰ স্পষ্টীকৰণঃ 2


এই বিষয়টোক লৈয়ে এতিয়া নিজ মুখ খুলিছে শত্ৰুঘ্ন সিনহাই। তেওঁ কয় যে “কিছুদিন পূৰ্বে মই ২৫ কোটি টকাৰ বিষয়ে কওঁ যদিও এই ক্ষেত্ৰত মই কেতিয়াও অক্ষয় কুমাৰক টানি অনা নাই। মই ২৫ কোটিয়া প্ৰসংগ ওলোৱাৰ বাবে সকলোৱে ভাবিছে মই অক্ষয়ক টাৰ্গেট কৰিছো। কিন্তু মোৰ বাবে অক্ষয় কুমাৰ কেৱল মোৰ কন্যা সোণাক্ষীৰ সহঃঅভিনেতাই নহয়; তেওঁক মই ব্যক্তিগত ভাৱেও জানো। তেওঁ মোৰ তাত আহে আনহাতে মইও তেওঁৰ তাত যাওঁ। গতিকে এনে একো কথাই নাই।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.