Rupaliparda.com
"ক'ৰ'ণা" ৰোগীক ৰক্তদান কৰাৰ উপদেশ দি ট্ৰোল হ'ল অজয় দেৱগন: 1

“ক’ৰ’ণা” ৰোগীক ৰক্তদান কৰাৰ উপদেশ দি ট্ৰোল হ’ল অজয় দেৱগন:

ক’ৰ’ণা প্ৰতিষেধক ৰূপে “ক’ৰ’না” আক্ৰান্ত ৰোগীসকলক ৰক্তদান কৰিবলৈ কোৱাত অনুৰাগীৰ দ্বাৰাই ট্ৰোলৰ সন্মুখীন বলীউড সিংঘম অজয় দেৱগন। আমি সকলোৱে জানো যে মাৰাত্মক “কভিড ১৯” ৰ প্ৰতিষেধক বিচাৰি গোটেই বিশ্বৰ বিজ্ঞানীয়ে নিজ নিজ চেষ্টা অব্যাহত ৰাখিছে। ক’ৰ’ণা সংক্ৰমণ হোৱা কিছু লোক বৰ্তমান ঠিক হৈ নিজ নিজ গৃহলৈ উভতি গৈছে যদিও বৰ্তমানেও ইয়াৰ সংক্ৰমণৰ সংখ্যা ভাৰতত কমি যোৱা দেখিবলৈ পোৱা নাই। য’ত মহাৰাষ্ট্ৰত নিতৌ ইয়াৰ সংখ্যা বৃদ্ধি পাইছে তাতেই আকৌ দিল্লীতো ইয়াৰ সংক্ৰমণ সংখ্যা তিনি হাজাৰৰ কাষ চাপিছে। এনেক্ষেত্ৰত অজয় দেৱগণৰ দ্বাৰা কৰা এই টুইট ভাইৰেল হৈ পৰিছে।

https://twitter.com/ajaydevgn/status/1251828757628780545?s=20


তেওঁ কয় যে, “যদি আপুনি “কভিড ১৯” ৰ পৰা বাচি আহিছে তেন্তে আপুনি এগৰাকী “ক’ৰ’ণা ৱাৰিয়ৰ”। আমাক এনেই এক সেনাৰ প্ৰয়োজন যিয়ে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিব পাৰে। গতিকে আপুনি আপোনাৰ তেজ কিছুমান গম্ভীৰ ৰোগীক দান কৰক; যাৰ দ্বাৰা তেওঁলোকো বাচিব পাৰে।” আছলতে কিছুমান ৰিপোৰ্টৰ ভিত্তিত কোৱা হৈছিল যে কিছু ৰোগীৰ দেহত থকা তেজে তেওঁলোকক এই মহামাৰীৰ পৰা বাচিবলৈ ক্ষমতা প্ৰদান কৰিছে। ফলত অজয় দেৱগনে এনে টুইট চচিয়েল মিডিয়াত কৰে যদিও দেখা যায় যে অনুৰাগীয়ে তেওঁৰ বাৰ্তাক বৰ বেছি পচন্দ নকৰে।

"ক'ৰ'ণা" ৰোগীক ৰক্তদান কৰাৰ উপদেশ দি ট্ৰোল হ'ল অজয় দেৱগন: 2


কিছুলোকে অভিনেতাগৰাকীক প্ৰশ্ন কৰে যে “এয়া কি প্ৰতিষেধক নেকি?”। আনহাতে কিছু লোকে তেওঁক অকণমান ধৈৰ্য্য ৰখাৰ উপদেশ দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.