Rupaliparda.com
বিশ্বজিৎ বৰাৰ নতুন কনচেপ্টঃ লৈ আনিব "সতী-সাধনী" ৰ কাহিনীঃ 1

বিশ্বজিৎ বৰাৰ নতুন কনচেপ্টঃ লৈ আনিব “সতী-সাধনী” ৰ কাহিনীঃ

অসমৰ জনপ্ৰিয় পৰিচালক সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী হৈছে বিশ্বজিৎ বৰা। ইতিমধ্যে তেওঁৰ দ্বাৰা নিৰ্মিত ছবি “ৰক্তবীজ” ও “বহ্নিমান”-এ দৰ্শকক আকৰ্ষিত কৰাৰ সমান্তৰালকৈ ই সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল। উল্লেখ্য যে, বিশ্বজিৎ বৰা বৰ্তমান সময়ছোৱাত কেইবাটাও প্ৰকল্পৰ সৈতে জড়িত হৈ আছে। আহিবলগীয়া সময়ত দৰ্শকৰ মাজত তেওঁৰ প্ৰকল্প সমূহ এবিধ এবিধকৈ লাভ কৰিব মুক্তি। “লখিমী”, “বেলকনিত ভগৱান” কে ধৰি হিন্দী ছবি “বাপ ৰে বাপ” ৰ পৰিচালক বিশ্বজিৎ বৰাৰ যেন এতিয়া আহৰিয়েই নাই। ইটো-সিটোকৈ কেইবাটাও প্ৰকল্পৰ বিষয়ে জনাইছে বিশ্বজিৎ বৰাই; কেতিয়াবা যদি জনাবলৈও বিচৰা নাই তথাপিও উৎসবোৰ বিভিন্ন ধৰণে আহি কাষ চাপিছে দৰ্শকৰ। কোৱাৰেন্টাইনৰ এই সময়ছোৱাত বিশ্বজিৎ বৰাই আকৌ এবাৰ দৰ্শকৰ কাষ চাপি জনালে তেওঁৰ অন্য এখন ছবিৰ বিষয়ে।

বিশ্বজিৎ বৰাৰ নতুন কনচেপ্টঃ লৈ আনিব "সতী-সাধনী" ৰ কাহিনীঃ 2


মহীয়সী বীৰাংগনা মৃত্যু দিৱসৰ দিনা তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰি বিশ্বজিৎ বৰাই দৰ্শকক জানিবলৈ দিয়ে তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে। তুলিকা শইকীয়াৰ “চাৰিশাল গোঁসানীৰ তেজ” শীৰ্ষক গ্ৰন্থ খনক কেন্দ্ৰ কৰি বিশ্বজিৎ বৰাই নিৰ্মাণ কৰি উলিয়াব এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি; যাৰ নাম হৈছে “সতী সাধনী”; ছবিখনত কেইবাটাও যুদ্ধ ক্ষেত্ৰৰ দৃশ্যাংশ দেখিবলৈ পোৱা যাব যিসমূহৰ শ্বুটিং কৰা অসমৰ বাহিৰত। একচনৰ কাৰিকৰী টিম অসমলৈ অনা সম্ভৱপৰ নোহোৱাৰ বাবেই ইয়াক বাহিৰত শ্বুটিং কৰা হ’ব। উক্ত ব্যয়বহুল ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত থাকিব সদৌ অসম চুতীয়া জাতি সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা; যিয়ে উক্ত বিষয়টোত আকৃষ্ট হৈ নিজাববীয়াকৈ কাষ চাপিছিল পৰিচালক বিশ্বজিৎ বৰাৰ। ইয়াৰ লগতে পৰিচালক গৰাকীয়ে যথাৰ্থ সময়ত অসম চৰকাৰৰ পৰাও সহায়-সহযোগিতাৰ আশা কৰে।


ইয়াৰ উপৰিও বিশ্বজিৎ বৰাই উল্লেখ কৰে যে তেওঁৰ বৰ্তমান চলি থকা প্ৰকল্প যেনে “লখিমী”, “বেলকনিত ভগৱান(গ’ড অন দ্যা বেলকনি) লগতে “বাপ ৰে বাপ” ৰ কাম সমূহৰ সমাপ্তি পিছতহে তেওঁ “সতি সাধনী” ৰ কামত হাত দিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform