Rupaliparda.com
বিবাহৰ পিছতেই নতুন গীতৰ মুক্তিৰ দিশে ৰাকেশ ৰিয়ানঃ 1

বিবাহৰ পিছতেই নতুন গীতৰ মুক্তিৰ দিশে ৰাকেশ ৰিয়ানঃ

“লক-ডাউন” হ’ল বুলিলেই মুক্তি লাভ নকৰিবনে অসমীয়া এটিও গীত? আছলতে, কিছুমান এনে প্ৰশ্নৰ উত্থাপন প্ৰত্যেকৰে মনত হোৱাটো একেবাৰেই স্বাভাৱিক। এইখিনিতে, আপোনালোকক জনাৱোৰ লগতে কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ অনুৰাগীলৈ সুখবৰ; তেওঁৰ কন্ঠৰে পুনৰ বাৰ মুক্তি পাবলৈ সাজু হৈছে “অস্ত বেলি” শীৰ্ষক এটি গীত। তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰত্যেকটা গীতৰ দৰেই এইবাৰো তেওঁৰ আগন্তুক গীতটোক লৈ উৎসাহিত হৈ পৰিছে অনুৰাগী। “লক-ডাউন” ৰ মাজতেই শ্ৰোতাক কিবা এটা নতুন দিয়াৰ পৰিকল্পনা কৰিছে ৰাকেশ ৰিয়ানে। উল্লেখ্য যে, অসমীয়া প্ৰায় সমূহ শিল্পীয়ে অনুদান আগবঢ়োৱাৰ দৰেই কিছুদিন পূৰ্বে, ৰাকেশ ৰিয়ানেও “অসম আৰোগ্য নিধি” লৈ নিজৰ ফালৰ পৰা আগবঢ়াইছিল মুঠ ত্ৰিশ হাজাৰ টকাৰ অনুদান। তেওঁৰ এই পদক্ষেপক দৰ্শকেও প্ৰশংসা কৰে।

View this post on Instagram

#OstoBeli Releasing TOMORROW

A post shared by RAKESH REEYAN (@rakesh_reeyan_) on


২০০৮ চনৰ “জীঁয়া ঐ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা ৰাকেশ ৰিয়ান বৰ্তমানৰ এক উল্লখনীয় নাম। “দীপৰ বিলতে”, “বাৰিষাৰে বৰষা হোৱা”, “আচুঁতীয়া কৈ থ’লো” আদি ৰাকেশ ৰিয়ানৰ গীতবোৰে দৰ্শকক যে প্ৰায়ে আকৰ্ষণ কৰি ৰাখে তাৰ উদাহৰণ আমি প্ৰায়ে চচিয়েল মিডিয়াত দেখিবলৈ পাওঁ।কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কন্ঠশিল্পী গৰাকীৰ বিবাহৰ পিছত এইটোৱে হ’ব তেওঁৰ প্ৰথমটো গীত।


বিভিন্ন সময়ত জনসাধাৰণৰ সন্মুখত শিল্পীসকলে থিয় দিয়া কথাটোৱে বৰ্তমান সন্তুষ্টি প্ৰদান কৰিছে প্ৰত্যেককে। গীত সমূহৰ জনপ্ৰিয়তাৰ দৰেই ৰাকেশ ৰিয়ানৰ কিছুমান কৰ্মই তেওঁকো দৰ্শকৰ সন্মুখত জনপ্ৰিয় কৰি তুলিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform