Rupaliparda.com
"লক-ডাউনে" হয়টো পেলাব পাৰে ঋণাত্মক প্ৰভাৱঃ তথাপিও আহিব নয়ন নীলিমৰ "হিয়া দিয়া"- 1

“লক-ডাউনে” হয়টো পেলাব পাৰে ঋণাত্মক প্ৰভাৱঃ তথাপিও আহিব নয়ন নীলিমৰ “হিয়া দিয়া”-

“লক-ডাউন” খোলাৰ পিছতেই শিল্পী সমূহ ব্যস্ত হৈ পৰিব নিজ নিজ কৰ্মত। “লক-ডাউন” য়ে বিগত সময়ৰ পৰা একাংশ শিল্পীৰ কৰ্মত বাধা স্বৰূপ থিয় দিছে যদিও এই বন্ধ খোলাৰ পিছতেই আকৌ নতুন উদ্যমৰে থিয় হ’ব অসমীয়া ছবি ও সংগীত জগতৰ শিল্পী সমূহ। ইতিমধ্যে এই কথাৰ আভাষ দাঙি ধৰিছে কেইবাগৰাকীও অভিনেতা তথা কন্ঠশিল্পীয়ে। আমি সকলোৱে জানো যে,”লক-ডাউন” ৰ ফলত বিভিন্ন শ্বুটিঙৰ লগতে স্থগিত কৰি ৰখা হৈছে অনুষ্ঠানসমূহো। বেয়া দিন আহিব পাৰে বুলিও একাংশই নিজা মত ব্যক্ত কৰিছে; তৎস্বত্বেও কিন্তু নিজ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাই শিল্পী সমূহ। অসমীয়া পৰিচালক বিশ্বজিৎ বৰাই নিজ আগন্তুক প্ৰকল্পৰ বিষয়ে জনোৱাৰ সমান্তৰালকৈ এইবাৰ অভিনেতা নয়ন নীলিমেও তেওঁৰ আহিবলগীয়া চুটি ছবি এখনৰ বিষয়ে দৰ্শকক জানিবলৈ দিয়ে।


“লক-ডাউন শেষ হোৱা পিছতেই নয়ন নীলিম ব্যস্ত হৈ পৰিব তেওঁৰ এই চুটি ছবিখনৰ শ্বুটিঙত। “হিয়া দিয়া ” শীৰ্ষক এই চুটি ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে তেওঁৰ ব্যক্তিগত ফেচবুক পেজত। ইয়াৰ পূৰ্বে, “কোৱাৰেন্টাইন” ৰ সময়ছোৱাত দৰ্শকৰ মাজত সজাগ ও সচেতনতা বৃদ্ধি কৰোৱাবলৈ নয়ন নীলিমৰ সৈতে তেওঁৰ আত্মীয়ই অভিনেতা গৰাকীৰে আগন্তুক ছবি “বন্ধু” ৰ শীৰ্ষ গীতটিৰ সুৰ আৰু সংগীতেৰে প্ৰস্তুত কৰি উলিয়াইছিল এটি “কভিড ১৯” ৰ গীত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.