Rupaliparda.com
শ্বাহৰুখ খানৰ "ৰজা" সদৃশ উত্তৰত গুণমুগ্ধ দৰ্শকঃ 1

শ্বাহৰুখ খানৰ “ৰজা” সদৃশ উত্তৰত গুণমুগ্ধ দৰ্শকঃ

বলীউড কিং শ্বাহৰুখ খানৰ বিগত বহু ছবি ফ্লপ হোৱা দেখিবলৈ পোৱা গৈছিল লগতে দৰ্শকে পচন্দ কৰা নাছিল তেওঁৰ এই ছবিৰ ষ্টৰী লাইন। এনেক্ষেত্ৰত, আপোনাৰ মনতো সন্দেহ উপজিছে যে কিং খানৰ অৱসৰ লোৱাৰ সময় আহিছে হয়টো বলীউডৰ পৰা। গতিকে, এই সন্দেহৰ উত্তৰ এইবাৰ কিং খানে নিজাববীয়াকৈ দিলে দৰ্শকক। আছলতে, সোমবাৰে কিং খানে টুইটাৰ একাউন্টত #AskSrk শীৰ্ষক এক কাৰ্যক্ৰম ৰাখে; য’ত অনুৰাগীয়ে তেওঁৰ সৈতে কথা পতাৰ উপৰিও তেওঁক বিভিন্ন প্ৰশ্ন কৰিব কৰে। উক্ত কাৰ্যক্ৰমতে এজন ইউজাৰে তেওঁক সোধে যে, “আপোনাৰ বাবে এয়া শুদ্ধ সময় নহয়নে বলীউডৰ পৰা অৱসৰ লোৱা?”


এই প্ৰশ্নৰ উত্তৰত কিং খানে যি কয় সেই উত্তৰে বৰ্তমান বহু অনুৰাগীক উৎফুল্লিত কৰি তোলে। তেওঁ কয় যে, “এই বিষয়ে চুপাৰষ্টাৰক সুধিব লাগিব; দূৰ্ভাগ্যৱশতঃ মইটো এজন কিং।” তেওঁৰ এই উত্তৰটোত বৰ্তমান দৰ্শক মুগ্ধ হৈ পৰিছে আৰু টুইটটোক ভাইৰেল কৰি তুলিছে চচিয়েল মিডিয়াত। শ্বাহৰুখ খানে প্ৰায়ে নিজৰ হাঁহিসুলভ স্বভাৱেৰে দৰ্শকৰ হৃদয় জিনা দেখিবলৈ পোৱা যায়।

শ্বাহৰুখ খানৰ "ৰজা" সদৃশ উত্তৰত গুণমুগ্ধ দৰ্শকঃ 2


উল্লেখ্য যে, ইয়াৰ লগতে, ১৯৬৫ চনত জন্মগ্ৰহণ কৰা শ্বাহৰুখ খানে ৰোমাণ্টিক কাহিনীকে ধৰি একচন থ্ৰীলাৰলৈ প্ৰায় ৭২ খন ছবিত অভিনয় কৰিছে। ২০০৫ চনত ভাৰত চৰকাৰে “পদ্মশ্ৰী” বঁটাৰে সন্মানিত কৰা শ্বাহৰুখ খানে “দীৱানা” ছবিখনৰ পৰা ছবি ক্ষেত্ৰখনত খোজ দিয়ে। মন কৰিবলগীয়া যে, শ্বাহৰুখ খান অভিনীত প্ৰায় ১১ খন ছবিয়ে ১০০ কোটি টকীয়া বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হয়। ১৯৯৪ চনৰ পৰা ২০১১ লৈ তেওঁক ৮ বাৰকৈ ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform