Rupaliparda.com
স্বামীয়ে ক'লে নেহাই কৰিছে প্ৰতাৰণাঃ কিন্তু বহুতৰ মতে "Its her choice"- 1

স্বামীয়ে ক’লে নেহাই কৰিছে প্ৰতাৰণাঃ কিন্তু বহুতৰ মতে “Its her choice”-

আকৌ এবাৰ চচিয়েল মিডিয়াত ট্ৰোল অভিনেত্ৰী ও ৰ’ডিজৰ বিচাৰক নেহা ধূপিয়া। “লক-ডাউন” ৰ সময়ছোৱাত সকলো চিলেব্ৰেটীয়ে নিজ বাসগৃহতেই থাকি পৰিয়ালৰ সৈতে সময় কটোৱা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰত সকলোৱে বিভিন্ন ধৰণে নৃত্য কৰি, গান গাই, কবিতা লিখাৰ দৰেই কিছুদিন পূৰ্বে অভিনেতা আয়ূসমান খুৰানা আৰু তাহিৰা কাশ্যপে টিকটকত এটা চেলেণ্ড গেম খেলে। যিটো গেমকেই আকৌ খেলিবলৈ চেষ্টা কৰে নেহা ধূপিয়া ও তেওঁৰ স্বামী অংগদে। চচিয়েল মিডিয়াত উক্ত টিকটক ভিডিঅ’টো শ্বেয়াৰ কৰা পিছতেই পুনৰ বাৰ ট্ৰোলৰ সন্মুখীন হ’ল নেহা ধূপিয়া। এই ভিডিঅ’টোত নেহা ধূপিয়া আৰু অংগদ বেদীয়ে সুন্দৰ ৰূপত খেল বিধ খেলি গৈ থাকে কিন্তু শেষৰ প্ৰশ্ন এটাত নেহা ধূপিয়াই উত্তৰ নিদি তেওঁ দিয়া এক্সপ্ৰেছনে এতিয়া হহুঁৱাইছে দৰ্শকক।

https://www.instagram.com/p/B_MUBzjnx3D/?igshid=14s3j96rqt4eq


প্ৰশ্নটো আছিল যে, “তেওঁলোকৰ সম্পৰ্কত কোনে অধিক প্ৰতাৰণা কৰিছে?” ইয়াৰ উত্তৰত নেহা ধূপিয়াই কোনো উত্তৰ নিদি কেৱল নিজ স্বামীৰ ফালে চাবলৈ ধৰে আৰু আনহাতে তেওঁৰ স্বামী অংগদ বেদীয়ে প্ৰশ্নটোৰ উত্তৰত আঙুলিয়াই দিয়ে নেহা ধূপিয়াৰ পিনে। এই ভিডিঅ’টো আপলোড কৰাৰ পিছতেই এতিয়া কমেন্টত সকলোৱে নেহাক জোকাবলৈ আৰম্ভ কৰাৰ লগতে কয় যে, “Its her choice”।

স্বামীয়ে ক'লে নেহাই কৰিছে প্ৰতাৰণাঃ কিন্তু বহুতৰ মতে "Its her choice"- 2


উল্লেখ্য যে, জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ৰডি’জৰ আৰম্ভ হোৱা ১৮ তম সংস্কৰণত যেতিয়া এগৰাকী প্ৰতিযোগিয়ে অডি’শ্বন দিবলৈ আহিছিল তেতিয়াই তেওঁক বিশেষ কাৰণবশত অভিনেত্ৰী গৰাকীয়ে কটু বাক্য শুনাইছিল। আছলতে, অডিশ্বন দিবলৈ অহা ল’ৰাজনক যেতিয়া সোধা হৈছিল যে তেওঁ কিয় নিজৰ প্ৰেয়সীৰ ওপৰত হাত উঠাইছিল তেতিয়া কৈছিল যে, তেওঁৰ প্ৰেয়সীয়ে তেওঁক প্ৰতাৰণা কৰি আন ৫ গৰাকী ল’ৰাৰ লগত নিজৰ সম্বন্ধ ৰাখিছিল আৰু সেইবাবেই ল’ৰাজনেই নিজৰ প্ৰেয়সীক চৰ মাৰিবলৈ বাধ্য হৈছিল। ল’ৰাজনৰ এই উত্তৰত নেহা ধূপিয়াই খং কৰি তেওঁক গালি পৰাৰ লগতে কয় যে, “সেয়া ছোৱালীজনীৰ নিজ ইচ্ছা”। উক্ত শাৰীটোকে কেন্দ্ৰ কৰি বিগত দিনত সৃষ্টি হোৱা দেখা গৈছিল বিভিন্ন “মিম”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform