Rupaliparda.com
"মলয়া বাইদেউৰ জীয়েকৰ" অনুৰাগী হোৱা প্ৰথমজন পুৰুষৰ বাল্যকালঃ 1

“মলয়া বাইদেউৰ জীয়েকৰ” অনুৰাগী হোৱা প্ৰথমজন পুৰুষৰ বাল্যকালঃ

আচুৰ্য্য বৰপাত্ৰ বৰ্তমানৰ সংগীত ক্ষেত্ৰৰ এক উল্লেখনীয় নাম। তেওঁৰ গীতসমূহৰ জনপ্ৰিয়তাৰ লগতে তেওঁ অনুৰাগীৰ সংখ্যাও অধিক। গোলাঘাটৰ সৰুপথাৰৰ এই গৰাকী শিল্পীৰ কেৱল মাত্ৰ গীতেৰেই নহয়; তেওঁৰ ব্যক্তিত্বক লৈও আকৰ্ষিত দৰ্শক। “লক-ডাউন” সময়ছোৱাত ঘৰতেই থাকি সময় কটাইছে বৰ্তমান আচুৰ্য্যই। তেওঁৰ পোষ্ট সমূহত তেওঁ নিজেই উল্লেখ কৰিছিল যে কোৱাৰেন্টাইনত তেওঁ কেনেদৰে ব্যস্ত হৈ পৰিছে ঘৰুৱা শাক-পাচলি উৎপাদনত। অলপতে, আচুৰ্য্যই চচিয়েল মিডিয়াত আপলোড কৰা এখন ফটোত দেখিবলৈ পোৱা গৈছে অনুৰাগীৰ কমেন্টৰ ভিৰ। বাল্য কালৰ এখন ফটো দৰ্শকক দেখুৱাই দৰ্শককেই ফটোখনত কোন আছে অনুমান কৰিবলৈ কয় কন্ঠশিল্পী গৰাকীয়ে।

https://www.instagram.com/p/B_RkAgWleR6/?utm_source=ig_web_copy_link


তেওঁৰ ফটোখনত বিভিন্ন জন অনুৰাগীৰ লগতে নীলোৎপল বৰাইও কমেন্ট কৰে আৰু কয় যে, “মলয়া বাইদেউৰ জীয়েকক প্ৰথম চকু দিয়া বালক জন।” উল্লেখ্য যে, আচুৰ্য্য বৰপাত্ৰই কিছুদিন পূৰ্বে “অসম আৰোগ্য নিধি” লৈ ৩০ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। গীত তথা কৰ্মৰে প্ৰতিটো ক্ষেত্ৰত আগৰণুৱা এনেবোৰ শিল্পীক লৈ সদায় গৌৰন্বিত হৈ পৰে অসমীয়া।

"মলয়া বাইদেউৰ জীয়েকৰ" অনুৰাগী হোৱা প্ৰথমজন পুৰুষৰ বাল্যকালঃ 2


কন্ঠশিল্পী গৰাকীৰ দ্বাৰা শেহতীয়াকৈ কন্ঠদান কৰা এটি গীতৰ সম্পূৰ্ণ ভাগ মুক্তি লাভ কৰা নাই যদিও গীতটিৰ এটি অংশৰ আভাষ দি থৈছে আচুৰ্য্যই। “পাৰা যদি হোৱানা মোৰ” শীৰ্ষক গীতটিৰ জৰিয়তে আকৌ এবাৰ শ্ৰোতাৰ ওচৰলৈ আহিব আচুৰ্য্য বৰপাত্ৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.