ভাৰতীয় চলচিত্ৰ ক্ষেত্ৰত বহু মহান মহান পৰিচালকে অন্তৰ্ভূক্তি লাভ কৰিছে। তেওঁলোকৰ সৃষ্টি সমূহৰ বাবে আজিও আমাৰ ছবিৰ ভঁৰাল চহকী হৈ আছে। এনে এগৰাকী পৰিচালক আছিলে সত্যজিৎ ৰায়। তেওঁ এনে এগৰাকী পৰিচালক আছিলে যাৰ নিয়মাৱলী অনুসৰণ কৰিবলৈ বাধ্য হৈছিল হলীউড জগতৰ বিভিন্ন পৰিচালকেও। মুঠতে, তেওঁ যি ছবি নিৰ্মাণৰ নিদৰ্শন দাঙি ধৰিছিলে তাৰ বাবে “অস্কাৰ” এৱাৰ্ডো তেওঁক দিবলৈ ঘৰলৈ আহিছিলে লোক।
১৯৯২ চনত অনুষ্ঠিত “অস্কাৰ এৱাৰ্ড” ত তেওঁক “লাইফটাইভ এছিভমেণ্ট এৱাৰ্ড” দিয়াৰ ঘোষণা কৰা হৈছিল যদিও তেওঁৰ অধিক বেমাৰৰ ফলত তেওঁ শ্ব’টোলৈ যাব পৰা নাছিল আৰু সেইবাবেই এৱাৰ্ড দিবলৈ তেওঁৰ বাসগৃহলৈ আহিছিল লোকসকল। ইয়াৰ পিছত উক্ত বৰ্ষটোতে ২৩ এপ্ৰিল তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে পৰিচালক গৰাকীয়ে।
১৯২১ চনৰ মে’ত জন্মগ্ৰহণ কৰা সত্যজিত ৰায় কেৱল বোলছবি নিৰ্মাতাই নহয়; তেওঁ আছিল বিশ্ব বিখ্যাত পৰিচালক,প্ৰযোজক, লিখক, চিত্ৰগৃহণৰ লগতে সংলাপ প্ৰস্তুতকৰ্তা। তেওঁৰ সৃষ্টিৰাজি ভাৰতবৰ্ষতেই সীমাবদ্ধ নাথাকি সমগ্ৰ বিশ্বতেই উজ্বলিছিল। বৰ্তমানৰ বহু পৰিচালক অথবা ছবি নিৰ্মাণকাৰীৰ অনুপ্ৰেৰণাৰ একমাত্ৰ কাৰণ হৈছে সত্যজিত ৰায়। জন্মৰ ৩ বছৰ পিছতেই পিতৃহাৰা হোৱা সত্যজিত ৰায়ৰ বাবে সফলতাৰ ছিৰি বগোৱা কোনোদিনেই সহজ নাছিল। উল্লেখ্য যে,চলচিত্ৰ জগতৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হোৱাৰ সমান্তৰালকৈ সত্যজিত ৰায় আছিল এজন গ্ৰাফিক ডিজাইনাৰ। তেওঁ জিম কাৱৰ্টৰ উপন্যাস “মেন ইটৰ্স অৱ কুমাওঁ” তথা জৱহৰলাল নেহৰুৰ “ডিস্কভাৰী অৱ ইণ্ডিয়া” ৰ বেতুপাতো ডিজাইন কৰিছিল।
১৯৫২ চনত “পথেৰ পাঁচালি” ৰ শ্বুটিং ৰ বাবে গুণা-গঁথা কৰা সময়ছোৱাত সত্যজিত ৰায়ে হাত পতা স্বত্বেও তেওঁ আৰ্থিক সহায় লাভ কৰা নাছিল। অৱশেষত, পশ্চিম বংগল চৰকাৰে তেওঁক সহায় কৰে আৰু ১৯৫৫ চনত উক্ত চিনেমাখন তেওঁৰ প্ৰথম বোলছবি ৰূপে মুক্তি লাভ কৰে। “পথেৰ পাঁচালি” কলকাতাৰ চিত্ৰগৃহত কেইবাটাও সপ্তাহ “হাউচফুল” হোৱাৰ লগতে ছবিখনে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ গ্ৰহণ কৰে। প্ৰায় ৪ কুৰি ফিছাৰ ফিল্ম, ডকুমেণ্টৰী, চৰ্ট ফিল্ম প্ৰস্তুতকৰ্তা সত্যজিত ৰায়ে বঙালী চিনেমাৰ লগতে হিন্দী চিনেমাতো হাত দিছিল। তেওঁৰ একমাত্ৰ হিন্দী চিনেমা হৈছে “ছটৰঞ্জ কে খিলাড়ী” (১৯৭৭)। ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰৰ ফালৰ পৰা ৩২ টাকৈ বঁটাপ্ৰাপ্ত এই গৰাকী পৰিচালকক তেওঁৰ মৃত্যু দিৱসত জনাইছো একাঁজলি শ্ৰদ্ধাঞ্জলি।
Add comment