Rupaliparda.com
বুছান চলচিত্ৰ মহোৎসৱলৈ খঞ্জন কিশোৰ নাথৰ "A Boy with a gun( কাঁচিচিনিঠু)"- 1

বুছান চলচিত্ৰ মহোৎসৱলৈ খঞ্জন কিশোৰ নাথৰ “A Boy with a gun( কাঁচিচিনিঠু)”-

কাৰ্বি আংলংৰ বৈঠালাংছ নামে ঠাইত জন্মগ্ৰহণ কৰা খঞ্জন কিশোৰ নাথে তেওঁ প্ৰায় সমূহ ছবিত নিজৰ গাওঁৰ কৃষ্টি-সংস্কৃতি আদি প্ৰতিফলিত কৰে বুলি চলচিত্ৰ সমালোচক উৎপল দত্তৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে এই পৰিচালক গৰাকীয়ে কাৰ্বি সমাজৰ এক অস্থিৰ সময়ক দেশৰ চুকে-কোণে থকা দৰ্শকৰ মাজলৈ আনিবলৈ প্ৰচেষ্টা চলাইছিল আৰু ইয়াৰ ফলতেই নিৰ্মাণ কৰি উলিয়াইছিল কাৰ্বি ভাষাৰ এখন চুটি ছবি “A Boy with a gun( কাঁচিচিনিঠু)”। উক্ত চুটি ছবিখন বুছান চলচিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। প্ৰায় কেইবাখনো চুটি ছবিৰ নিৰ্মাতা খঞ্জন কিশোৰ নাথে মুম্বাইত থাকি গ্ৰহণ কৰিছিল চলচিত্ৰ নিৰ্মাণৰ আনুষ্ঠানিক শিক্ষা।

বুছান চলচিত্ৰ মহোৎসৱলৈ খঞ্জন কিশোৰ নাথৰ "A Boy with a gun( কাঁচিচিনিঠু)"- 2


বৰ্তমানলৈ মুঠ ৭ খন চুটি ছবি আৰু এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰা উক্ত পৰিচালকগৰাকীৰ প্ৰায় আটাইবোৰ সৃষ্টিকেই প্ৰদৰ্শিত কৰা হৈছে বিভিন্ন ছবি সমাৰোহত। শেহতীয়াকৈ নিৰ্মিত কাৰ্বি ভাষাৰ ” “The Boy with a gun( কাঁচিচিনিঠু)” শীৰ্ষক ছবিখনেও ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ বহুৰ সমাদৰ। ১৫ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন চিনেমালয় আৰু জবলেছ ষ্টুডিঅ’ৰ বেনাৰত প্ৰযোজনা কৰিছে খঞ্জন কিশোৰ আৰু চামানলা দৰ্জে নুৰ্বোই। ছবিখনৰ সহঃ প্ৰযোজকৰ দায়িত্বত যুঁটীয়াভাৱে আছে সূৰজ গুঞ্জল আৰু ৰাহুল ৰেড্ডী।

বুছান চলচিত্ৰ মহোৎসৱলৈ খঞ্জন কিশোৰ নাথৰ "A Boy with a gun( কাঁচিচিনিঠু)"- 3


পৰিচালক গৰাকীৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই চুটি ছবিখনৰ চিনেমেটো’গ্ৰাফী কৰিছে জয়ন্ত মাথৱানে লগতে ইয়াৰ সম্পাদনা কৰিছে বিকাশ দত্তই। ক্লাৰছং ছেনাৰ, দ্বিপেশ্বৰ ৰংহাং আৰু কামিনী বেইপীৰ অভিনয়েৰে নিৰ্মিত ছবিখনৰ চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে দেৱজিৎ গায়নে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform