Rupaliparda.com
"…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ'লে মই শিল্পী হিচাপে ব্যৰ্থ"- অভিশ্ৰুতি বেজবৰুৱা 1

“…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ’লে মই শিল্পী হিচাপে ব্যৰ্থ”- অভিশ্ৰুতি বেজবৰুৱা

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাতি লাভ কৰা শিল্পী সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী হৈছে অভিশ্ৰুতি বেজবৰুৱা। কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী অভিশ্ৰুতিয়ে কন্ঠদান কৰা গীত সমূহৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সংস্পৰ্শলৈ অহা অভিশ্ৰুতি বেজবৰুৱাই কেৱল মাত্ৰ ১৯ বছৰ বয়সতে আকাশবাণীৰ শাস্ত্ৰীয় সংগীত (সৰ্বভাৰতীয় স্তৰত) প্ৰতিযোগিতাত অসমৰ প্ৰথম গৰাকী যুৱতী হৈ জয়ী লাভ কৰিছিল। জীৱনৰ প্ৰথম ভাগতেই সংগীত বিষাৰদ শেষ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে। শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা “কেৰু-মণি-ঠুৰিয়া” শীৰ্ষক গীতটিৰ গৰাকী অভিশ্ৰুতিৰ সৈতে আমি পাতিছো কিছু কথা।

"…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ'লে মই শিল্পী হিচাপে ব্যৰ্থ"- অভিশ্ৰুতি বেজবৰুৱা 2


ৰূপালী পৰ্দাৰ আজিৰ দেওঁবৰীয়া বিশেষ সাক্ষাৎকাৰত জানো চোন আহক গায়িকা গৰাকীৰ বিষয়ে কিছু কথাঃ

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত??

অভিশ্ৰুতিঃ মই সৰুৰ পৰাই এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত। মোৰ মা-দেউতাই সংগীত অথবা নৃত্য হওঁক; প্ৰত্যেকটো কলা বিষয়ৰ সৈতে মোক চিনাকী কৰি দিছিল। ইয়াৰ উপৰিও খেলা-ধূলাৰ ক্ষেত্ৰতো মোক আগুৱাই নিছিল। গতিকে, মই ৬ বছৰৰ পৰাই মোৰ এই সংগীত যাত্ৰাটো আৰম্ভ কৰিছিলো। মোৰ ঘৰৰ ওচৰতেই আমাৰ সকলোৰে চিনাকী পবিত্ৰ ডেকা খুৰাৰ এখন সংগীত বিদ্যালয় আছিল “ঐক্যতান” নামেৰে; তাতেই মই প্ৰথমবাৰৰ বাবে সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলো গুৰু পুষ্প ৰঞ্জন ডে’ ছাৰৰ পৰা।
তাৰ পিছতেই মোৰ আদিগুৰু দামোদৰ বৰা ছাৰৰ পৰা তালিমৰ শিক্ষা গ্ৰহণ কৰো। তেওঁৰেই সংগীত মহাবিদ্যালয়ত মই “বিষাৰদ” পাছ কৰিছিলো। ইয়াৰ উপৰিও, মোৰ অন্য এগৰাকী গুৰু মা মন্দিৰা লাহিৰী বাইদেউ; তেওঁৰ সৈতে মই সংগীতৰ “এডভান্স ট্ৰেইনিঙ” বাবে আগবাঢ়িছিলো। ইয়াৰ পিছত, টিদেন বসুমতাৰী ছাৰৰ সৈতে মই আকৌ তালিম ল’বলৈ সক্ষম হৈছিলো।

"…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ'লে মই শিল্পী হিচাপে ব্যৰ্থ"- অভিশ্ৰুতি বেজবৰুৱা 3


আছলতে, মই ৰাজস্থানতহে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলো; গতিকে যেতিয়াই মই দুমাহৰ বন্ধ পাওঁ তেতিয়াই মই ইয়ালৈ আহি সংগীতৰ শিক্ষা গ্ৰহণত মনোনিৱেশ কৰিছিলো। মোৰ দ্বাদশ শ্ৰেণীৰ পিছত আকৌ এবাৰ মই প্ৰফেচনেলি শাস্ত্ৰীয় সংগীতটো ল’বলৈ পদ্মভূষণ পণ্ডিত ৰাজন- সাজন মিশ্ৰ; তেওঁলোকৰ দ্বাৰা মই তালিম ল’বলৈ আৰম্ভ কৰো । বিগত ২০০৫ চনৰ পৰা বৰ্তমান সময়লৈ মই তেওঁলোকৰ সৈতে জড়িত আৰু এতিয়াও মই তালিম লৈ আছো তেওঁলোকৰ পৰা। যিহেতু মোৰ পৰিয়াল লক্ষ্মীনাথ বেজবৰুৱাৰ বংশধৰ; ফলত মোৰ বৰদেউতা, পেহী আদি সকলোবোৰ সংগীত ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত। মোৰ দেউতাই মেণ্ডুলিন, বেঞ্জো আদি বাদ্যযন্ত্ৰ বজাইছিল; তেওঁলোকৰ পৰাই হয়টো মইও সংগীতৰ প্ৰতি আকৰ্ষিত হৈ ইয়াৰ মাজত সোমাই পৰিলো।

প্ৰশ্নঃ শেহতীয়াকৈ আপোনাৰ এটি গীত “কেৰু-মণি-ঠুৰিয়া” ই শ্ৰোতাৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তনভী, নিশিতা আদি অভিনেত্ৰী সমূহে আপোনাৰ গীতটিৰ ভিডিঅ’ ত নৃত্য কৰাও আমি দেখিছো। এটা গীতত লাভ কৰা শ্ৰোতাৰ এনে সঁহাৰিত আপোনাৰ কেনে অনুভৱ হয়?

অভিশ্ৰুতিঃ আছলতে, সঁচাকৈ ক’বলৈ গ’লে “কেৰু-মণি-ঠুৰিয়া” গীতটি এই বহাগৰ বাবেই প্ৰস্তুত কৰিছিলো আৰু খুবেই স্ফূৰ্তিত বনাইছিলো গীতটো। মই যোৱা চাৰি বছৰৰ পৰা যিটো টীমৰ সৈতে কাম কৰিছো; দিগন্ত ভাৰতী দা, পৰাণ দা, ইবছন লাল বৰুৱা আৰু সমুজ্জল কাশ্যপ এই আটাইকেইজনৰ সৈতে মই এটা ভাল টীম হিচাপে কাম কৰি আহিছো। গতিকে, প্ৰত্যেকবছৰে আমি চেষ্টা কৰো যে আমি নতুন কিবা এটা আপোনালোকলৈ দিওঁ আৰু এই গীত সমূহৰ মাজত নতুনত্ব কিবা এটা আনিবলৈ আমি সকলোৱে বহু চৰ্চা কৰো। চলিত বছৰৰ ৰঙালী বিহুক উদ্দেশ্যি আমি কৰা এই গানটোক লৈ সকলোবোৰ ইমান উৎসাহিত হৈ আছিলো যদিও পৰিস্থিতি বোৰ ক্ৰমশঃ বেয়া পিনে ঢাল খোৱা ফলত মই ২৫ মাৰ্চত গীতটোক মুক্তি দিব নোৱাৰিলো।

"…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ'লে মই শিল্পী হিচাপে ব্যৰ্থ"- অভিশ্ৰুতি বেজবৰুৱা 4

তথাপিও মনত এটা চিন্তা হৈছিল যে; বহাগ যদি গুচি যায় তেতিয়াহ’লে গীতটোৰ মহত্ব একোৱে নাথাকিব গতিকে মই ভাবিলো যে শ্ৰোতাক যদি মই খুব বেছি চাৰি মিনিট এটাৰ কাৰণেই মনোৰঞ্জন দিব পাৰো তেতিয়াহ’লে মই গীতটো মুক্তি দিয়াই ভাল হ’ব। গীতটি মুক্তি দিয়াৰ পিছত শ্ৰোতাৰ যি সঁহাৰি মই লাভ কৰিছো সেয়া সঁচাকৈ সোভাগ্যজনক। কাৰণ,তেওঁলোকৰ সঁহাৰি নহ’লে গীতটিয়ে কোনোপধ্যেই ইমান সফল নহ’লহেতেঁন। মই “কেৰু চেলেঞ্জ” বুলিও টিক-টকত আৰম্ভ কৰিছিলো য’ত আমাৰেই অভিনেত্ৰী ক্ৰমে নিশিতা বা, সুনীতা কৌশিক, তনভী, চুমিয়ে গীতটিত ভিডিঅ’ বনালে। লগতে, মই চচিয়েল মিডিয়াত কণ কণ ছোৱালীবোৰকো ইমান সুন্দৰকৈ নচা দেখিছো যে মোৰ খুবেই ভাল লাগিছে।


আনকি, অষ্ট্ৰলিয়া তথা বিদেশৰ পৰাও গীতটিক লৈ ভিডিঅ’ আহিছে। আছলতে, এইবোৰ দেখি মই সঁচাকৈ সুখী; কাৰণ এগৰাকী অসমীয়া কন্ঠশিল্পী হিচাপে যদি মই মোৰ শ্ৰোতাক এটা ভাল কন্টেটে দিব নোৱাৰো তেতিয়াহ’লে মই শিল্পী হোৱাটো একেবাৰেই ব্যৰ্থ। কিন্তু, “কেৰু-মণি-ঠুৰিয়া” ই শ্ৰোতাৰ বহুল সঁহাৰি পোৱাত মই খুবেই সুখী।

প্ৰশ্নঃ “লক-ডাউন” ৰ ফলত বাতিল কৰা হৈছে বিহু ফাংছন; এনেক্ষেত্ৰত শিল্পী সমূহে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি আপুনি ভাৱেনে?

"…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ'লে মই শিল্পী হিচাপে ব্যৰ্থ"- অভিশ্ৰুতি বেজবৰুৱা 5

অভিশ্ৰুতিঃ আপোনালোকে জানেই ছাগে, মই বৰ বেছি বিহু ফাংছনৰ সৈতে জড়িত নহওঁ; প্ৰত্যেকটো বছৰত প্ৰায় ৫-৬ খনহে মই ফাংছন কৰো। তথাপিও, ক্ষতি হৈছে এইবছৰত; কিয়নো বহু আৰ্টিষ্ট এই সময়টোলৈয়ে অপেক্ষা কৰি থাকে। এইটো সময়ত আৰ্টিষ্ট বোৰৰ ওচৰলৈ অহা টকাটোৱে তেওঁলোকক গোটেই বছৰটোৰ হিচাপ কৰাত সহায় কৰে। কিন্তু, যদিহে এইটো বছৰত নাহিল গতিকে কিবা এটা ক্ষতি নিশ্চয় হ’ব।
মই এইটোও ক’ব খুজো যে আজি কালি বহু উপায় আছে যেনে তেওঁলোকে চিৰিয়েলত বেকগ্ৰাউণ্ড মিউজিক কৰিব পাৰে বা থিয়েটাৰত অথবা চনী, টাইমছ মিউজিক আদিৰ দৰে প্লেটফৰ্মৰ সৈতেও জড়িত হৈ তেওঁলোকে কিবা টকা এটা নিজৰ ওচৰত আনিব পাৰে। আৰু, বিহু নোহোৱা মানে সাংঘাতিক ক্ষতি হোৱা মিউজিচিয়েনৰ বাবেও কাৰণ তেওঁলোকৰো পৰিয়াল আছে। গতিকে, আশা কৰিছো; এইবাৰৰ দৰেই যাতে আৰু কেতিয়াও নহয়।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

"…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ'লে মই শিল্পী হিচাপে ব্যৰ্থ"- অভিশ্ৰুতি বেজবৰুৱা 6

অভিশ্ৰুতিঃ চলিত বৰ্ষৰ বাবেই আছলতে এটি গীতৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে। দিগন্ত ভাৰতী দাৰ খুব সুন্দৰ কথাৰে ৰচিত গীতটিত সংগীত ব্যৱস্থাপনা কৰিছে পলাশ সূৰ্য্য গগৈয়ে। অকণ ফিউজনৰ টুইষ্ট থকা গীতটোৰ মিউজিক এৰেঞ্জমেন্ট তথা প্ৰযোজনাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে; মাত্ৰ মোৰ ভকেল ডাবিঙৰ কাম বাকী আছে। ২০১৯ বৰ্ষটোত যিহেতো মই গীত দিবলৈ নাই পৰা গতিকে মই ২০২০ চনৰ বাবে কিছু পৰিকল্পনা কৰি থৈছিলো। অকণমান পৰিস্থিতিবোৰ ভাল হ’লেই হয়তো কামবোৰ সম্পূৰ্ণ কৰিম।
লগতে, মোৰ জয় বৰুৱাৰ দাৰ সৈতেও আন এটি গীত আহি আছে, য’ত তেওঁ খুব সুন্দৰকৈ সুৰ দিছে। সাগৰ সৌৰভৰ কথাৰে ৰচিত এই গীতটিত শ্ৰোতাই বৰ বেলেগ ধৰণৰ সোঁৱাদ পাব বুলি মই ক’ব পাৰো। এই গীতটিত প্ৰণৱ শইকীয়া সংগীত ব্যৱস্থাপনাৰ দায়িত্বত আছে। কিন্তু, গীত দুটি মুক্তি দিবলৈ অকণমান অপেক্ষা কৰিম যিহেতু “কভিড ১৯” নামৰ এই মহামাৰীটোৱে বৰ্তমান পৰিস্থিতিটো সুস্থ কৰি ৰখা নাই।

প্ৰশ্নঃ “ক’ভিড ১৯” ক উদ্দেশ্যি ৰূপালীপৰ্দাৰ জৰিয়তে আপোনাৰ অনুৰাগী ও জনসাধাৰণক কি বাৰ্তা প্ৰেৰণ কৰিব?

"…মই যদি এগৰাকী শিল্পী হৈ শ্ৰোতাক ভাল কন্টেন্টে দিব নোৱাৰো তেতিয়াহ'লে মই শিল্পী হিচাপে ব্যৰ্থ"- অভিশ্ৰুতি বেজবৰুৱা 7

অভিশ্ৰুতিঃ হয়, মই ৰূপালীপৰ্দাৰ জৰিয়তে সকলোকে ইয়াকেই অনুৰোধ কৰিম যে ঘৰতেই থাকক, সুৰক্ষিত থাকক। আপোনালোকক চাৰিওফালৰ পৰিৱেশটো চেনিটাইজ কৰি নিজেও হাতত ধুই থাকিবলৈ চেষ্টা কৰক। উক্ত কথাখিনি প্ৰত্যেকেই হয়টো আপোনালোকক কৈছে বা আপোনালোকেও নিজেই জানে। কিন্তু, মইও এবাৰ আপোনালোকক কোৱাটো উপযোগী বুলি ভাবো যিহেতু এই মাধ্যমেৰে মই আপোনালোকৰ কাষ চাপিছো। লগতে, আশা কৰিছো যে আপোনালোক সকলোৱে চৰকাৰে যিখিনি নিয়মাৱলী আমাক বান্ধি দিছে সেইখিনি উলংঘা নকৰি যাতে চৰকাৰৰ কাম সঁহাৰি জনায়। কিয়নো, আমাৰ চৰকাৰে দিন-ৰাতি একাকাৰ কৰি যথেষ্ট কষ্ট কৰিছে। ইয়াৰ উপৰিও, মই বুলিয়ে নহয় আমি সকলোবে এনে সময়ত আমাৰ বাবে কষ্ট কৰি থকা প্ৰত্যেকজন ডাক্তৰ, নাৰ্চ, ক্লিনাৰ তথা প্ৰশাসন, গেলামাল দোকানী আদিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। চৰকাৰ খনে যে ইমান সুন্দৰকৈ পৰিকল্পনা কৰি সকলোবোৰ কাম কৰি আছে গতিকে মই মোৰ ফালৰ পৰা আটাইলৈ কৃতজ্ঞতা জনাইছো। আমি বৰ্তমান এটাই কাম কৰিব লাগে আমি ঘৰত থাকিব লাগে। “লক-ডাউন” শেষ হোৱা পিছতো যাতে দায়িত্বশীল নাগৰিকৰ দৰেই আপোনালোক ওলাই যায় মই তাৰেই অনুৰোধ কৰিম।

…… ধন্যবাদ বা। আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল।

অভিশ্ৰুতিঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform