Rupaliparda.com
বিবাদত নাটানিবলৈ আহ্বান চনু নিগমৰঃ 1

বিবাদত নাটানিবলৈ আহ্বান চনু নিগমৰঃ

বিগত বহু দিনৰ পৰা চনু নিগম বিভিন্ন বিবাদত সোমাই পৰিছিল। আছলতে, চনু নিগমৰ কিছু পূৰণা টুইটক লৈ বৰ্তমান আলোচনা হৈছে সচেতন মহলত। কন্ঠশিল্পী গৰাকীয়ে ২০১৭ চনত মজ্জিদৰ পৰা অহা আজানক কেন্দ্ৰ কৰি এক টুইট দিছিল; যাক লৈ সেইটো সময়ত চৰ্চা ও বিবাদতো সোমাই পৰিছিল তেওঁ। উক্ত বিষয়টোক লৈ চনু নিগমে প্ৰেছ কনফাৰেন্সো ৰাখি নিজৰ মত ব্যক্ত কৰে; বৰ্তমান কন্ঠশিল্পী গৰাকী তেওঁৰ পৰিয়ালৰ সৈতে ডুবাইত আছে। পূৰণা কথাবোৰক আকৌ এবাৰ জনসাধাৰণে চৰ্চাৰ বিষয় কৰা ফলত চনু নিগমে অসন্তোষ প্ৰকাশ কৰি কয় যে,

বিবাদত নাটানিবলৈ আহ্বান চনু নিগমৰঃ 2


“বৰ্তমান ক’ৰ’ণা ভাইৰাছ” ৰ দৰে এই অদৃশ্য মহামাৰীটোৰ সৈতে একযোঁট হৈ যুদ্ধ কৰাৰ সময়; ইয়াৰ বাহিৰে প্ৰাথমিক কাম আৰু অইন হ’বই নোৱাৰে।” ইয়াৰ লগতে তেওঁ কয় যে, “মই বিগত তিনি বছৰৰ পৰা টুইটাৰত নাই; গতিকে আকৌ এবাৰ বিবাদত সোমাবালৈ মই নাই বিচৰা।” জানিব পৰা মতে, মজ্জিদ সমূহত লাউডস্পীকাৰত আজান দিয়াৰ ফলত চনু নিগমে এক টুইট কৰে; কিন্তু ইয়াৰ পিছতে তেওঁ প্ৰেছ কনফাৰেন্স যোগেৰে নিজ কথা ব্যক্ত
কৰে। তেওঁ কয় যে তেওঁ দিয়া টুইটতো সামাজিক অসুবিধাক কেন্দ্ৰ কৰি দিয়া হৈছিল; জাতিভেদক লৈ নহয়।

বিবাদত নাটানিবলৈ আহ্বান চনু নিগমৰঃ 3


এনেবোৰ কথাৰ পিছতেই চনু নিগমক উদ্দেশ্যি একাংশই কয় যে, যদিহে কোনো ব্যক্তিয়ে চনু নিগমৰ চুলি কাটিবলৈ সক্ষম হয় তেন্তে তেওঁক ১০ লাখ টকা দিয়া হ’ব। এই কথা শুনি চনু নিগমে নিজেই নিজৰ চুলি খুড়াই পেলায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.