“লক- ডাউন” আৰম্ভ হোৱা সময়ছোৱাৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰত্যেকজন লোকৰ মনলৈ অহা এটা স্বাভাৱিক ও প্ৰয়োজনীয় প্ৰশ্ন আছিল যে “এই লক-ডাউনে” কেনে প্ৰভাৱ পেলাব অসমীয়া চলচিত্ৰ ক্ষেত্ৰত?” এই প্ৰশ্নটোক লৈ বিভিন্ন জন পৰিচালকে ৰূপালীপৰ্দাত নিজ মত ব্যক্ত কৰিছিল। এইবাৰো এই একেটা প্ৰশ্নক লৈ ৰূপালীপৰ্দা কাষ চাপিছিল অসমীয়া “ৰক্তবীজ” আৰু “বহ্নিমান” ছবিৰ পৰিচালক বিশ্বজিৎ বৰাৰ। উক্ত প্ৰশ্নটোৰ উত্তৰত তেওঁ নিজ মনৰ কথা ব্যক্ত কৰাৰ লগতে অইনৰ সৈতে তেওঁৰ মতৰ ভিন্নতা থাকিব পাৰে বুলিও প্ৰকাশ কৰে। এই বিষয়টোক লৈ তেওঁ কয় যে,

“লকডাউনে ইতিমধ্যে গোটেই পৃথিৱীৰ লগতে অসমীয়া চলচ্চিত্ৰ জগততো প্ৰচুৰ ভাবে ক্ষতি কৰিছে। বিভিন্ন উত্থান পতন অসমীয়া চলচ্চিত্ৰই দেখি আহিছে, তথাপিও ইয়াৰ গতি স্তব্ধ হোৱা নাছিল আৰু আজিও নাই হোৱা। মই জনাত এই বছৰ আহিবলগীয়া অসমীয়া ছবিৰ সংখ্যা কোনোগুণে কম নহয়। প্ৰায় ২৭/২৮ খন ছবি মুক্তি দিয়াৰ কথা আছিল এই বছৰতে, তাৰ মানে প্ৰায় ৬/৭ কোটি টকা এই চিনেমা সমুহৰ নামত প্ৰযোজকে খটুৱাইছে। আজিৰ তাৰিখত ইমান টকাও কম কথা নহয়। তাৰে ভিতৰত আমাৰে দুখনকৈ ছবি সম্পূৰ্ণ হৈ উঠিছিল (লখিমী আৰু গড অন দ্য বেলকনি’)। এতিয়া কথা হৈছে – লকডাউন কিমান দিন চলিব তাৰ কোনো ঠিক নাই, আৰু ইয়াৰ প্ৰতিষেধক নোলোৱালৈকে মানুহৰ স্বাভাৱিক জীৱন – যাপন যে সোনকালে ঘুৰি নাহিব সেইয়াও আমি নিশ্চিত।
আমি যদি সৰ্বভাৰতীয় প্ৰেক্ষাপটত চাঁও – কৰোনা’ই সৰ্বাধিক ধৰণে ক্ষতি কৰিছে মুম্বাইত। যিহেতু হিন্দী চিনেমাৰ মূল ঠাই মুম্বাই, সেয়েহে বিভিন্ন বাতৰি পঢ়ি অনুমান হৈছে যে এইবছৰ ডাঙৰ ডাঙৰ হিন্দী চিনেমা বোৰ মুক্তি দিয়াৰ পৰা বিৰত থাকিব। ইতিমধ্যে পোন প্ৰথম বাৰৰ বাবে ভাৰতীয় চিনেমাই ‘ZERO BOX OFFICE MONTH’ ঘোষণা কৰিছে আৰু খুব সম্ভব ই আৰু তিনিমাহ ধৰি বৰ্তি থাকি আকৌ এটা নতুন ৰেকৰ্ড কৰিব। সেইবাবেই এতিয়া আনকি বহু কেইটা কৰ্পোৰেট কোম্পানী জড়িত থকা ছবি ক্ৰমে – সুৰ্য়বংসী, ৮৩, লক্ষ্মী বোম্ব’ আদি ডাঙৰ ছবি চিনেমা হ’লত মুক্তি নিদি ‘OTT’ প্লেটফৰ্মৰ সহায়ত দিবৰ বাবে দাম দৰ চলিছে!

পিছে হিন্দী চিনেমা মুক্তি দিলেও নিদিলেও আমি অসমৰ ক্ষেত্ৰত এক বেলেগ পৰিবেশ আশা কৰিব পাৰো। কাৰণ ক’ৰ’না’ই তুলনামূলকভাৱে অসম বা উত্তৰ পূৰ্বাঞ্চলত খুব বেছি পৰিমাণে প্ৰভাৱ পেলাব পৰা নাই; আৰু যদি পৰৱৰ্তী সময়ত এই ৰোগ বিধত আৰু মানুহ আক্ৰান্ত নহয়, তেতিয়া হয়তো অহা জুলাই মাহৰ পৰা অসমত পৰিস্থিতি কিছু পৰিমাণে হলেও শাম কাটিব। লাহে লাহে শ্ব’পিং মল, চিনেমা হ’ল বা অন্যান্য ৰাজহুৱা স্থান বোৰত মানুহ আহিব ল’ব, সেই সময়তে পূৰ্ণ সুযোগ লৈ অসমীয়া ছবিয়ে এটা উল্লেখযোগ্য ভূমিকা হয়তো ল’ব পাৰে। কাৰণ মানুহে ঘৰতে যদিও নেটফ্লিক্স, এমেজ’ন বা অন্যান্য প্লেটফৰ্মত চিনেমা, চিৰিয়েল বা ৱেবচিৰিক উপভোগ কৰিছে, কিন্তু কিছুয়ে চিনেমা হ’ললৈ আহি ছবি চোৱাৰ সোৱাদ নিশ্চয় পাহৰিব পৰা নাই আৰু চৰকাৰেও নিশ্চয় চিনেমা হ’লবোৰত সামান্য নিয়মাৱলীৰ যোগেদি মানুহক চিনেমা চোৱাৰ অনুমতি দিব। লগতে, চিনমা হ’লৰ কৰ্তৃপক্ষই এই দিশতো গুৰুত্ব দিব, সেইবাবে দৰ্শকৰ ভয় কিছু কমিব আৰু চাবলৈ আহিব।
এতিয়া মূল কথা হ’ল যে যিহেতু হিন্দী চিনেমাৰ প্ৰকোপ এই সময়ত অসমত ক’ম হব সেয়েহে আমাৰ থলুৱা অসমীয়া চিনেমাই খুব ভাল ধৰণে বজাৰ এখন লাভ কৰাৰ সম্পূৰ্ণ পৰিৱেশ থাকিব। যদি সন্মানীয় সকলো চিনেমাৰ মানদণ্ড কিছু ভাল হয় অথবা ৰাইজক ভাল লগাব পাৰে তেন্তে মানুহ নিশ্চয় আহিব। আজিৰ তাৰিখত যে অকল চিনেমাৰ প্ৰযোজক, পৰিচালকেই চিনেমা মুক্তি দিব নোৱাৰি সমস্যাত পৰিছে এনে নহয়, চিনেমা হ’লৰ মালিক, ডিষ্ট্ৰিবউট’ৰ, চিনেমা চলোৱা বিভিন্ন চেটেলাইট ছাৰ্ভাৰ বোৰেও সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছে, তেওঁলোককো এতিয়া চিনেমা লাগে! মুঠতে আগতে যিবোৰ চিনেমা থিয়েটাৰ পক্ষই (CINEMA HALL) বা বাকী আন কোনোবাই অসমীয়া চিনেমাক মাহী আইৰ চকুৰে চাইছিল (যেনে ভাল সময়ৰ শ্ব’ নিদিয়া, ভাল থিয়েটাৰত মুক্তি দিবলৈ আগ্ৰহ নেদেখুৱা বোৰ) এতিয়া নকৰে, কাৰণ তেওঁলোক জীয়াই থাকিবলৈ চিনেমা লাগিবই!
দুদিন আগত আমি মুম্বাইৰ জনপ্ৰিয় এজন ট্ৰেড’ পণ্ডিত বন্ধুৰ লগত কথা পাতিছিলো। তেওঁ কৈছিল বৰ্তমান অসমৰ দৰে আঞ্চলিক চিনেমা বোৰে খুব পৰিপাতিকৈ চিনেমা মুক্তি দিলে খুব ভাল এটা আশা কৰিব পাৰি। তেওঁ কয় যে চৰকাৰৰ হস্তক্ষেপত কিছু ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। যেনেঃ

১) হ’লৰ টিকেটৰ মূল্য হ’লৰ মালিকে নিৰ্ধাৰন কৰিব নোৱাৰে; সেই মূল্য চিনেমাৰ প্ৰযোজক অথবা ডিষ্ট্ৰিবউট’ৰে কৰিব।
২) চিনেমা চলোৱা যিবোৰ বিভিন্ন চেটেলাইট ছাৰ্ভাৰ আছে, তেওঁলোকে লোৱা ডিজিটেল ফিছ আৰু তেওঁলোকৰ প্ৰতিটো শ্ব’ৰ নামত লোৱা পইছাৰ ‘NEGOTIATION’; তাক কৰাটো নিতান্ত্য প্ৰয়োজন কাৰণ এই খিনি খৰছ এই মূহুৰ্তত অসমীয়া চিনেমা প্ৰযোজকৰ বাবে বহুত হ’ব। যিহেতু সকলোৱে এটা অনিশ্চয়তাৰ যোগেদি ইয়াক পৰীক্ষা কৰিব, সেইক্ষেত্ৰত অকল এটা পাৰ্টি লাভাম্বিত হ’লে অসমীয়া চিনেমাৰ প্ৰযোজকৰ আৰু অবস্থা কাহিল হ’ব; ইয়াত দুয়ো পাৰ্টিৰ উমৈহটীয়া প্ৰচষ্টা লাগিব।
৩) চৰকাৰে ছবিৰ লগত সন্নিবিষ্ট বিভিন্ন ধৰনৰ ‘টেক্স’ হ্ৰাস কৰি এখন ছবিৰ বাবে দৰ্শকে দিয়া মূল্যৰ বেছি অংশ যাতে প্ৰযোজকে লাভ কৰে; তাৰ প্ৰচেষ্টা কৰিব লাগিব।
৪) যিহেতু এতিয়া ৰাইজ ঘৰে ঘৰে সোমাই আছে, সেইবাবে যিমান পৰা যায় – ‘OFF LINE’ প্ৰমোচনতকৈ কম খৰচতে ‘ONLINE’ প্ৰমোছনত মনোনিবেশ কৰিলে লাভালাভ হ’ব বুলি আশা কৰিব পৰা যায়।

মোৰ সামান্য জ্ঞানৰে এই মুহুত্বত এইয়াই অনুভব হৈছে বাবে প্ৰকাশ কৰিছো। হয়তো ইয়াত কাৰোবাৰ মতৰ অমিল থাকিব পাৰে, আৰু সেইতো মই স্বাভাবিক বুলি ধৰি লৈছো; ধন্যবাদ।”
Add comment