Rupaliparda.com
১মে' তাৰিখৰ পৰা আপোনালোকৰ কাষলৈ "বৰনদী ভটিয়ায়"- 1

১মে’ তাৰিখৰ পৰা আপোনালোকৰ কাষলৈ “বৰনদী ভটিয়ায়”-

“কোৱাৰেন্টাইন” ৰ সময়ছোৱাত বহু ন-ন প্ৰক্ৰিয়াৰে জনসাধাৰণক ব্যস্ত ও মনোৰঞ্জন কৰোৱা হৈছে। বৰ্তমান সময়ত হিন্দী তথা ইংৰাজী ছবিসমূহ উপলদ্ধ বিভিন্ন এপ ক্ৰমে নেটফ্লিক্স, এমেজন প্ৰাইম, হটষ্টাৰ আদিয়ে দৰ্শকক নিজ সময় অতিবাহিত কৰাৰ সহজ উপায় প্ৰদান কৰিছে। সেইবাবেই হয়টো বৰ্তমান বহু কেইখন ছবিক OTT প্লেটফৰ্মত লৈ অনা ব্যৱস্থা কৰা হৈছে। শেহতীয়াকৈ হটষ্টাৰত হিন্দী ছবি “অংগ্ৰেজী মিডিয়াম” ক উপলদ্ধ কৰিছে; আনহাতে এমেজন প্ৰাইম টাইমত উপলদ্ধ কৰা হৈছে “ভূত” লগতে “থপ্পড়” ছবি দুখন। এই আটাইসমূহৰ সমান্তৰালকৈ বৰ্তমান অসমীয়া ছবিয়ো আগবাঢ়িছে দৰ্শকক ঘৰতে বহি অসমীয়া ছবিৰ সোঁৱাদ দিবলৈ। অহা ১ মে’ তাৰিখৰ পৰা Moviesaints.com ত উপলদ্ধ হ’ব বিগত বৰ্ষৰ জনপ্ৰিয় ছবি “বৰনদী ভটিয়ায়”। ছবিখনে অসমীয়া দৰ্শকক ছবিগৃহলৈ আনিবলৈ সক্ষম হোৱাৰ উপৰিও ই লাভ কৰিছে চতূৰ্থ শৈলধৰ বৰুৱা” ৰ শ্ৰেষ্ঠ ছবি বঁটা ।

১মে' তাৰিখৰ পৰা আপোনালোকৰ কাষলৈ "বৰনদী ভটিয়ায়"- 2


মাজুলীৰ সন্তান তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অনুপম কৌশিক বৰা দ্বাৰা নিৰ্মিত বৰনদী ভটিয়ায়ত আছে মাজুলী বাসীৰ দূৰ্দশা, হতাশা আদি। বৰনদীৰ বুকুতেই আছে নিঁভাজ অসমীয়া জাতিটোৰ মেৰুদণ্ড সদৃশ মাজুলী। চিনেমাখনত আছে মাজুলী বাসীৰ দৃষ্টিৰে দেখা পোৱা মাজুলীৰ আচল ৰং। হাস্যব্যংগৰে পৰিচালক গৰাকীয়ে বিষাদ লগতে আশা-হেঁপাহৰ যি বাখ্যা কৰিছে; সেই বাখ্যাই দৰ্শকক মোহাচ্ছন্ন কৰিছে। সীমিত বাজেটেৰে নিৰ্মিত হ’লেও চিনেমাখনৰ নেৰেটিভে দৰ্শকক শেষলৈকে ধৰি ৰাখিবলৈ সক্ষম হৈছে বুলি ছবিখন উপভোগ কৰি বিভিন্নজনে মতামত দিয়ে। ছবিখনক লৈ নিৰ্দ্দিষ্ট এটা শাৰীৰে দৰ্শকক আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছিল; যিটো আছিল “পানী লগা ডাঙৰ বেমাৰ নহয় -সৰুও নহয়”।

১মে' তাৰিখৰ পৰা আপোনালোকৰ কাষলৈ "বৰনদী ভটিয়ায়"- 3


উক্ত ছবিখনত অভিনয় কৰিছে দৰথী ভৰদ্বাজ, অনুপম কৌশিক বৰা, সোণমণি শৰ্মা, ৰাজীৱ নাথ, হিমাংশু গগৈ, কৌশিক নাথ, কেনী বসুমতাৰী, পলাশ মেছ,গুণমণি বৰুৱা, দিগন্ত কোঁৱৰ আৰু মনিষা ভূঞাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform