Rupaliparda.com
সংগীত, ছবি অথবা নাটক নহয়; "মুকাভিনয়" উপভোগেৰে চাওঁক "মাস্ক ইজ মাষ্ট"- 1

সংগীত, ছবি অথবা নাটক নহয়; “মুকাভিনয়” উপভোগেৰে চাওঁক “মাস্ক ইজ মাষ্ট”-

আকৌ এবাৰ “মুকাভিনয়” প্ৰদৰ্শনেৰে জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা উদীয়মান যুৱ শিল্পী মিনাংক ডেকাৰ। বৰ্তমান নৱ প্ৰজন্মৰ শিল্পী সমূহে কোৱাৰেন্টাইনৰ সময়ছোৱাত কিছু গঠনমূলক কাম কৰাক লৈ যথেষ্ট সমাদৰো লাভ কৰিছে জনসাধাৰণৰ। একাংশৰ সংগীত চৰ্চাৰ লগতে একাংশই নিজ নিজ ক্ষেত্ৰত আৰু অকণমান আগবাঢ়ি যোৱাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰত মুকাভিনয়ৰে কৰা মিনাংক ডেকাৰ প্ৰচেষ্টা সমূহে প্ৰায়ে জনসাধাৰণক আমোদ প্ৰদান কৰিবলৈ সক্ষম হৈছে।


সম্প্ৰতি “লক-ডাউন” তথা “ক’ৰ’ণা” ৰ এনে পৰিস্থিতিত বাহিৰলৈ ওলাই যাওঁতে প্ৰত্যেক জনসাধাৰণে নিজ সাজ যোৰৰ সৈতে পিন্ধি যাবলগীয়া এবিধ আৱশ্যকীয় বস্তু হৈছে এখন “মাস্ক”। এই “মাস্ক” খনক উদ্দেশ্যিয়ে ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত মিনাংক ডেকাই প্ৰস্তুত কৰে এটি “মাস্ক ইজ মাষ্ট” শীৰ্ষক ভিডিঅ’। মুকাভিনয় যোগেৰে জনসাধাৰণৰ মাজত সজাগ সচেতনতা বৃদ্ধিৰ চেষ্টা কৰা মিনাংক ডেকাই প্ৰায়ে গঠন মূলক কিছু কাম কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।

সংগীত, ছবি অথবা নাটক নহয়; "মুকাভিনয়" উপভোগেৰে চাওঁক "মাস্ক ইজ মাষ্ট"- 2


ইয়াৰ পূৰ্বেও তেওঁ “ক’ভিড ১৯” ক উদ্দেশ্যি এটা ভিডিঅ’ প্ৰস্তুত কৰি ওলাইছিল য’ত এই মহামাৰীটোৰ পৰা গা এৰাই চলিবলগীয়া নিয়মাৱলী সমূহ দেখুৱাইছিল। লগতে, মিনাংক ডেকাই প্ৰকৃতি বিষয়ক কিছু কামৰ সৈতেও জড়িত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.