Rupaliparda.com
কেতিয়াবা চিত্ৰকাৰ; কেতিয়াবা ৰান্ধনীঃ অমৃতা গগৈৰ "কোৱাৰেন্টাইন স্পেচিয়েল"- 1

কেতিয়াবা চিত্ৰকাৰ; কেতিয়াবা ৰান্ধনীঃ অমৃতা গগৈৰ “কোৱাৰেন্টাইন স্পেচিয়েল”-

“কোৱাৰেন্টাইন” ত অভিনেত্ৰী সমূহৰ নতুন নতুন প্ৰতিভা দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি দিছে ফিটনেছত গুৰুত্ব; কোনোৱে আকৌ ঘৰতেই নিজে নৃত্য কৰি আনকো প্ৰদান কৰিছে অনলাইন ডেন্স ক্লাছ। এনেক্ষেত্ৰত,অভিনেত্ৰী অমৃতা গগৈ কেৱল কচৰৎ কৰাই নহয়; ৰান্ধনী হৈ নিজ বাসগৃহতেই প্ৰস্তুত কৰিছে বিভিন্ন ব্যঞ্জন। আকৌ, এইবাৰ অভিনেত্ৰী গৰাকীয়ে নিজেই আঁকিছে ছবি। চচিয়েল মিডিয়াত তেওঁ বিভিন্ন বস্তু প্ৰস্তুত অথবা দৰ্শকক দেখুৱাই আপলোড কৰিছে পোষ্ট সমূহ। ইয়াৰ উপৰিও অমৃতাই ব্যক্তিগত ইউটিউব চেনেলত আপলোড কৰে তেওঁ নিজে প্ৰস্তুত কৰা লালমোহন আৰু কাপকেকৰ ৰেচিপি। অমৃতাই কিছুদিন পূৰ্বে এক ব্যতিক্ৰমী কচৰৎৰ নিয়ম দেখুৱাই মনোৰঞ্জন কৰোৱাইছিল দৰ্শকৰ।


অসমীয়া ছবিক্ষেত্ৰৰ উল্লেখনীয় অভিনেত্ৰী অমৃতা গগৈক বিগত বছৰৰ ডিচেম্বৰ মাহত মুক্তিপ্ৰাপ্ত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল। অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে দৰ্শকক আকৰ্ষণ কৰিছিল যদিও ছবিখন মুক্তি পোৱা সময়ছোৱাতে ৰাজ্যত আৰম্ভ হোৱা “কা” বিৰোধী আন্দোলনে ছবিখনৰ বস্ক অফিচ কালেকচনত প্ৰভাৱ বিস্তাৰ কৰে। চলিত বৰ্ষতো অমৃতাৰ কেইবাখনো ছবি মুক্তি লাভ কৰা কথা আছিল। এই ছবিসমূহ এতিয়া কেতিয়াকৈ মুক্তি লাভ কৰিব সেয়া এতিয়াও অনিশ্চয়তাৰ কবলত।

https://www.instagram.com/p/B_e5YAipnwn/?utm_source=ig_web_copy_link


উল্লেখ্য যে, “ছয়গাঁৱৰ চম্পা” লগতে “অহেতুক” ত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰা অমৃতা গগৈৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। প্ৰায়ে বিভিন্ন পোষ্টৰ দ্বাৰা দৰ্শকক আপ্লুত কৰে অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform