Rupaliparda.com
নিজ অনুৰাগীক আমোদ দিয়াৰ চেষ্টা ৰাকেশ ৰিয়ানৰঃ 1

নিজ অনুৰাগীক আমোদ দিয়াৰ চেষ্টা ৰাকেশ ৰিয়ানৰঃ

বৰ্তমান সকলো শিল্পীয়ে কেৱল এটাই প্ৰয়াস কৰিছে যে কেনেদৰে কিছু সময়ৰ বাবে তেওঁৰ সকলো অনুৰাগী অথবা দৰ্শকক মনোৰঞ্জন কৰোৱাব পৰা যায়! সেইবাবেই হয়টো তেওঁলোকে চচিয়েল মিডিয়াত একটিভ হৈ থকাৰ উপৰিও বিভিন্ন ধৰণৰ পোষ্ট দি দৰ্শকক আমোদ প্ৰদান কৰিছে। নিজ বাসগৃহতেই থাকি য’ত কোনোৱে চুটি ছবিৰ নিৰ্মাণ কৰিছে; তাতেই আকৌ কোনোৱে নিজ নিজ গীত সমূহৰ মুক্তি দিছে ঘৰৰ পৰাই। মুঠতে, নিজ অনুৰাগীক কোনো ক্ষেত্ৰতেই আমনি নিদিয়াৰ প্ৰচেষ্টা। অসমীয়া সংগীত শিল্পী সমূহৰ ভিতৰত উল্লেখনীয় ৰাকেশ ৰিয়ানৰ বৰ্তমানৰ প্ৰায় প্ৰত্যেকটো গীতেই জনপ্ৰিয় হৈ উঠিছে। তেওঁৰ গীতক বন্ধৰ সময়ছোৱাতো আকোঁৱালি লৈছে বহু শ্ৰোতা ও দৰ্শকে।


কিছুদিন পূৰ্বে তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “অস্ত বেলি” ৰ জনপ্ৰিয়তা মাৰ নৌযাওঁতেই আন এক ৰোমান্টিক গীতৰ সৈতে প্ৰস্তুত হৈছে কন্ঠশিল্পী গৰাকী। “তুমি আৰু মই” শীৰ্ষক গীতটিৰ সৈতে আকৌ এবাৰ আহি আছে ৰাকেশ ৰিয়ান। ইতিমধ্যে গীতটিৰ প্ৰমো’ও লাভ কৰিছে মুক্তি। উক্ত ৰোমান্টিক গীতটি হৈছে ৰাকেশ ৰিয়ানৰ “মই” এলবামটিত অন্তৰ্ভূক্ত আন এটি গীত। “তুমি আৰু মই” গীতটিৰ কথা মৃণাল বৰগোঁহাইৰ লগতে ইয়াৰ কম্পোজিচন ৰাকেশ ৰিয়ানৰ। গীতটিৰ সংগীত প্ৰযোজনা প্ৰিয়ম গগৈ আৰু মৃণাল বৰগোঁহাইৰ।


উল্লেখ্য যে, ৰাকেশ ৰিয়ানৰ “আছুতীয়া কৈ থ’লো” শীৰ্ষক গীতটিয়ে শেহতীয়াকৈ লাভ কৰিছিল এক মিলিয়নতকৈও অধিক ভিউৱাৰচ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform