অমিতাভ বচ্ছন তথা আয়ূসমান খুৰানা অভিনীত বহু প্ৰত্যাশিত ছবি “গোলাব সিতাবো” চলিত মাহৰ ১৭ এপ্ৰিল তাৰিখেই মুক্তি লাভ কৰা কথা আছিল কিন্তু “লক-ডাউন” ৰ ফলত সকলো সাল-সলনি ঘটি অনিশ্চয়তাত সোমাই পৰিছে। চিত্ৰগৃহত কেতিয়াকৈ ছবি সমূহ মুক্তি দিব পৰা যাব তাক লৈ অনিশ্চয়তাৰ সন্মুখীন হৈছে পৰিচালক, প্ৰযোজকৰ লগতে চিনেমা হ’লৰ মালিক সন্থাও। এনেতে বিভিন্ন ছবিক OTT প্লেটফৰ্মত মুক্তি দিয়াৰ কথা আমি ইতিমধ্যে আপোনালোকক জনাইছো; বহুতেই ইয়াত সঁহাৰিও জনাইছে। এনেতে, খবৰ আহিছে যে অমিতাভ-আয়ূসমানৰ উক্ত ছবিখনো হয়টো মুক্তি লাভ কৰিব পাৰে ডিজিটেল প্লেটফৰ্মত ।

ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শুজিত চৰকাৰে কয় যে, “প্ৰত্যেকজন পৰিচালকে নিজ নিজ ছবিসমূহ ছবিগৃহতেই মুকলি কৰিব খোজে আৰু সেই একেটাই মইও বিচাৰো। কিন্তু, আজিৰ যি পৰিস্থিতি সেয়া হয়তো কোনোৱে কল্পনাও কৰা নাছিল। গতিকে, যদি প্ৰয়োজন হয় মই ছবি খন ডিজিটেলী মুক্তি দিবলৈ সাজু আছো; কিন্তু এই সকলোবোৰ ৩ মে’ পিছতহে জানিব পাৰিম।”

উক্ত ছবিখনক লৈ প্ৰত্যেকজন দৰ্শক উৎসাহিত হয় আছিল কিয়নো ইয়াত পোন প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছিল অমিতাভ বচ্চন আৰু আয়ূসমান খুৰানাই। ছবিখনত অমিতাভৰ ফাৰ্ষ্ট লুকটোও পচন্দ কৰিছিল বহু লোকে।
Add comment