Rupaliparda.com
জনপ্ৰিয়তাৰ আঁৰত লুকাই আছে ইৰফান খানৰ কঠোৰ শ্ৰমঃ 1

জনপ্ৰিয়তাৰ আঁৰত লুকাই আছে ইৰফান খানৰ কঠোৰ শ্ৰমঃ

ভাৰতীয় চলচিত্ৰ ক্ষেত্ৰত অকল্পনীয় ক্ষতি। ২০২০ চনৰ আজিৰ তাৰিখটো হয়টো কোনোৱে পাহৰিব নোৱাৰিব। ভাৰতীয় চলচিত্ৰ ক্ষেত্ৰৰ এগৰাকী দক্ষ অভিনেতা; যাৰ অভিনয়ো অভিনয় নাছিল,সেই অভিনেতা গৰাকীৰ মৃত্যুয়ে এতিয়া কেৱল শোকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। কেৱল ৫৩ বছৰ বয়সতে মৃত্যু বৰণ কৰা অভিনেতা ইৰফান খানৰ অভিনয়ে য’ত এদিন দৰ্শকক আপ্লুত কৰিছিল তথা হহুুঁৱাইছিল; তেওঁৰ মৃত্যুত আজি কান্দিছে দেশ-বিদেশৰ কোটি কোটি দৰ্শক। কোকিলাবেন হাস্পাতালত নিজৰ অন্তিমটো ক্ষণ গণা অভিনেতা গৰাকীক অমিতাভ বচ্ছনৰ পৰা আৰম্ভ কৰি অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰো তাৰকাই তেওঁলৈ যাঁচে শ্ৰদ্ধাঞ্জলি। ইৰফান খানৰ বহুল জনপ্ৰিয়তাৰ আঁৰতো কিন্তু লুকাই আছিল তেওঁৰ কঠোৰ শ্ৰম।

জনপ্ৰিয়তাৰ আঁৰত লুকাই আছে ইৰফান খানৰ কঠোৰ শ্ৰমঃ 2


কেৰিয়াৰৰ আৰম্ভণিতে উচ্চতাৰ বাবে বিপদত পৰিছিল অভিনেতা গৰাকী। ১৯৮৮ চনত যেতিয়া তেওঁ National School of Drama ত শিক্ষা গ্ৰহণ কৰি আছিল; সেইটো সময়তে পৰিচালক মীৰা নায়ৰে এখন ছবিৰ বাবে গ্ৰহণ কৰিছিল ইৰফান খানক। মীৰা নায়ৰে নিজেও কৈছিল যে “মই ইৰফানৰ লুক দেখি, তেওঁৰ দৃঢ়তা দেখি পচন্দ কৰিছিলো।” অভিনেতা গৰাকী এইখিনি কথাৰ পৰাই উৎসাহিত হোৱাৰ লগতে তেওঁ আধাতে শিক্ষা এৰি মীৰা নায়াৰৰ ছবিখনৰ বাবে হোৱা কৰ্মশালাত যোগদান কৰিবলৈ মুম্বাইলৈ গুচি আহিছিল। কিন্তু কৰ্মশালা হৈ থকা সময়ছোৱাতে মীৰা নায়ৰে অনুভৱ কৰিছিল যে ইৰফান খান তেওঁৰ চৰিত্ৰটো অৰ্থাৎ “ষ্ট্ৰীট কিড” ৰ দৰে নেদেখে। ফলত তেওঁক ছবিখনত এনে এটা চৰিত্ৰ দিয়া হয়; যিটো নাথাকিলেও হয়টো কোনোৱে মন নকৰিব।

জনপ্ৰিয়তাৰ আঁৰত লুকাই আছে ইৰফান খানৰ কঠোৰ শ্ৰমঃ 3
P


এই ঘটনাটোৰ পিছতেই ইৰফান খানৰ উপলদ্ধি হৈছিল যে তেওঁ যিকোনো পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিব পাৰে আৰু শেষত, এয়াই হ’ল। যাৰ প্ৰমাণ আজি প্ৰত্যেক জনসাধাৰণে লাভ কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform