Rupaliparda.com
অভিনেতা/অভিনেত্ৰী নহয়; এইবাৰ পৰিচালকৰ সংঘৰ্ষৰে "Breath Of Vision"- 1

অভিনেতা/অভিনেত্ৰী নহয়; এইবাৰ পৰিচালকৰ সংঘৰ্ষৰে “Breath Of Vision”-

ভিন্ন কনচেপ্টৰ সৈতে আগবঢ়া নৱ প্ৰজন্মৰ নতুন নতুন চিন্তাই এতিয়া আকৰ্ষিত কৰিছে দৰ্শকক। প্ৰত্যেকদিনাই নতুন গীত, চুটি ছবি তথা কিছু নতুন সৃষ্টিয়ে আপ্লুত কৰাৰ লগতে দৰ্শকে কোৱাৰেন্টাইনৰ এই সময়খিনিত নিজকেগ মনোৰঞ্জন কৰোৱাই ৰাখিবলৈও সক্ষম হৈছে। নৱপ্ৰজন্মৰ ভিন্ন প্ৰতিভাৰ সোঁৱাদ ল’বলৈ সক্ষম হোৱা দৰ্শকে চচিয়েল মিডিয়া যোগে এফালৰ পৰা শ্বেয়াৰ কৰিছে বস্তুবোৰ। যাৰ ফলত বৰ্তমান ভাইৰেল হৈ পৰিছে আন এখন চুটি ছবি “Breath Of Vision”। ২০১৭ চনতে নিৰ্মিত এই চুটি ছবিখনত বৰ্তমান পৰিস্থিতিৰ এক সুক্ষ্ম আভাষ দিয়া হৈছে। এখন চুটি ছবি, ছবি বা গীতত অভিনয়ৰ বাবে কেৱল একোজন অভিনেতা/ অভিনেত্ৰীয়ে সংঘৰ্ষ তথা পৰিশ্ৰম কৰিবলগীয়া নহয়; ইয়াৰ সৈতে জড়িত হৈ থাকে এজন পৰিচালকৰ দীৰ্ঘদিনীয়া পৰিকল্পনা।

অভিনেতা/অভিনেত্ৰী নহয়; এইবাৰ পৰিচালকৰ সংঘৰ্ষৰে "Breath Of Vision"- 2
অভিনেতা/অভিনেত্ৰী নহয়; এইবাৰ পৰিচালকৰ সংঘৰ্ষৰে "Breath Of Vision"- 3


১০ মিনিট দৈৰ্ঘ্যৰ চুটি ছবি “Breathe of Vision” ত তাৰেই উপস্থাপন কৰা হৈছে।মায়ানগৰীত নিজৰ সপোনক আকাৰ দিবলৈ যোৱা এগৰাকী পৰিচালকৰ মানসিক অৱস্থাক দেখুওৱা হৈছে চুটি ছবিখনত। জ্ঞান গৌতমৰ কাহিনী,চিত্ৰনাট্য তথা চিনেমেটো’গ্ৰাফীৰে নিৰ্মিত চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল প্ৰাঞ্জল গৈয়াৰী আৰু ইয়াৰ প্ৰযোজনা মনোজ বৰকটকী আৰু জ্ঞান গৌতমৰ।কেইবাখনো ছবি সমাৰোহত মনোনয়ন প্ৰাপ্ত উক্ত চুটি ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল মনোজ বৰকটকীয়ে। প্ৰদীপ পলৰ সম্পাদনাৰে চুটি ছবিখনত বেকগ্ৰাউণ্ড মিউজিক দিছে ধৃতিস্মান মিশ্ৰাই লগতে ইয়াত চাউণ্ড ডিজাইন কৰিছে মানস প্ৰতিম গোস্বামীয়ে। ডি.আই কালাৰিষ্ট প্ৰাথৱিশ হেগড়ে আৰু মিক্সিং ইঞ্জিনিয়াৰ হৈছে অবিনাশ সিং তথা চুটি ছবিখনত ফলী আৰ্টিষ্ট হিচাপে আছিল মনোজ য়াদব। চুটি ছবিখনৰ ডাবিং আৰ্টিষ্ট হৈছে নিতেশ শাহী, প্ৰাঞ্জল গৈয়াৰী আৰু প্ৰদীপ পল।

অভিনেতা/অভিনেত্ৰী নহয়; এইবাৰ পৰিচালকৰ সংঘৰ্ষৰে "Breath Of Vision"- 4


নৱপ্ৰজন্মৰ এনে ধৰণৰ সৃষ্টিয়ে দৰ্শকক আকৰ্ষিত কৰাৰ লগতে এনে সময়ত তেওঁলোকৰ কামসমূহক উৎসাহিতও কৰিছে বিভিন্নজনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform