কেৱল মাত্ৰ বলীউডেই নহয়; বি-টাউন অভিনেতা ইৰফান খানৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছে অসমীয়া ছবি ক্ষেত্ৰও। আছলতে, ইৰফান খানে নিজেই অভিনয়ৰে সকলোৰে মুখত এমোঁকাৰা হাঁহি বিৰিঙাই ৰখাত সফল হৈছিল বাবেই তেওঁৰ মৃত্যুত বৰ্তমান কান্দোনৰ ৰোল উঠিছে। তেওঁ নিজৰ সংলাপক জীৱন্ত কৰি তুলিবলৈও সক্ষম হৈছিল। ১৯৬৭ চনত জয়পুৰত জন্মগ্ৰহণ কৰা ইৰফান খানক লৈ চচিয়েল মিডিয়াত অসমীয়া শিল্পী সমাজৰ প্ৰত্যেজন শিল্পীয়ে নিজৰ শোক ব্যক্ত কৰি পোষ্ট প্ৰদান কৰিছে।

অংগৰাগ পাপন মহন্তকে আৰম্ভ কৰি নীলোৎপল বৰা, বাহাৰুল ইছলাম, গৰিমা শইকীয়া গাৰ্গেও নিজ নিজ একাউন্ট যোগে পোষ্ট কৰি অভিনেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও নিজ শোক ব্যক্ত কৰে।
Add comment