Rupaliparda.com
অপেক্ষা "লক-ডাউন" খোলাৰঃ মন্টুমণিৰ কন্ঠৰে আহি আছে তিনিটাকৈ ন-গীত- 1

অপেক্ষা “লক-ডাউন” খোলাৰঃ মন্টুমণিৰ কন্ঠৰে আহি আছে তিনিটাকৈ ন-গীত-

আকৌ এটি নতুন গীতৰ প্ৰস্তুতিত ব্যস্ত কন্ঠশিল্পী মন্টুমণি শইকীয়া। প্ৰায় প্ৰত্যেকটো গীতেই জনপ্ৰিয় হোৱা এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যাও অধিক। জানিব পৰা মতে, “লক-ডাউনৰ ফলত মন্টুমণিৰ আগন্তুক “লাহে লাহে আহি” গীতটিৰ শ্বুটিং স্থগিত হৈছে যদিও এই “লক-ডাউন” খোলা পিছতেই তেওঁৰ তিনিটাকৈ গীত মুক্তি লাভ হোৱাৰ সম্ভাৱনা । আগন্তুক সময়ত মুক্তি পাবলগীয়া “লাহে লাহে আহি” শীৰ্ষক গীতটিত সংগীত দিছে ধ্ৰুৱ ঠাকুৰীয়াই লগতে গীতটি কম্পোজ কৰিছে মৃত্যুঞ্জয় কাকতিয়ে। মন্টুমণি শইকীয়াৰ”কৃষ্ণচূড়া” এলবামটিত অন্তৰ্ভূক্ত এই গীতটিৰ ইতিমধ্যে মুকলি কৰা হৈছে প্ৰমো’। প্ৰায় প্ৰত্যেকজন শিল্পীৰ সমান্তৰালকৈ বিহুৰ এই সময়ছোৱাত চচিয়েল মিডিয়াৰ বিভিন্ন পেজৰ দ্বাৰা দৈনন্দিন লাইভ আহি নিজ অনুৰাগীক মনোৰঞ্জন কৰোৱাইছে মন্টুমণিয়ে।

অপেক্ষা "লক-ডাউন" খোলাৰঃ মন্টুমণিৰ কন্ঠৰে আহি আছে তিনিটাকৈ ন-গীত- 2


যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে “পাহি” এলবামটিৰ সৈতে ৰাইজৰ সন্মুখলৈ আহি পিছলৈ “জাপে দিম দিচাং” ত শীৰ্ষক গীতটিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰিছিল। উল্লেখ্য যে, চলিত বৰ্ষৰ বিহুৰ সময়ছোৱাত কন্ঠশিল্পী গৰাকীৰ অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰত ক্ৰমে দিল্লী, কলকাত, ডুবাইতো বিহুৰ অনুষ্ঠান আছিল; কিন্তু “কভিড ১৯” ৰ সন্ত্ৰাসৰ ফলত সকলো স্থগিত হোৱাত দৈনন্দিন লাইভত গীত পৰিৱেশন কৰিয়ে মন্টুমণিয়ে অনুৰাগীক প্ৰদান কৰিছে মনোৰঞ্জন।


“চেল্ফী লে লে ৰে”, “ৰৈ ৰৈ চাওঁ তোক”, “বগী বগী ছোৱালী” ইত্যাদি তেওঁৰ গীত সমূহ বৰ্তমানেও জনপ্ৰিয় হৈ আছে সকলোৰে মাজত। ইয়াৰ উপৰিও, ৰূপালীপৰ্দাৰ জৰিয়তে কন্ঠশিল্পী গৰাকীয়ে সকলো জনসাধাৰণকে “লক-ডাউন” ৰ সকলো নীতি নিয়ম মানি ঘৰতে থাকি সজাগ আৰু সচেতন হৈ থকাৰ আহ্বান জনায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.