Rupaliparda.com
মৃত্যুৰ আগমূহুূৰ্তলৈ মনোৰঞ্জন কৰোৱাইছিল ঋষি কাপুৰেঃ 1

মৃত্যুৰ আগমূহুূৰ্তলৈ মনোৰঞ্জন কৰোৱাইছিল ঋষি কাপুৰেঃ

জন্ম, মৃত্যু আৰু বিবাহ; এই তিনিওটা বস্তুত কোনো মানুহৰ জোৰ নাথাকে। ইয়াত থাকে কেৱল নিয়ঁতিৰ ইচ্ছা; কোনো এজন লোক পৃথিৱীৰ পৰা আঁতৰি যোৱা পিছত ইয়াত ৰৈ যায় তেওঁলোকৰ আশা, আকাংশা ইত্যাদি। আজি হঠাৎ অহা ঋষি কাপুৰৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে বলীউড ক্ষেত্ৰক; ঋষি কাপুৰৰ সৈতেই গুচি গ’ল তেওঁৰ সমষ্ট ইচ্ছা ও সপোন। তেওঁৰ পুত্ৰৰ বিবাহৰ লগতে ঋষি কাপুৰে বিচাৰিছিল বিশ্বত হৈ থকা এই “ক’ভিড ১৯” ৰ সৈতে একযোঁট হৈ যুঁজিবলৈ। “ক’ৰ’ণা” ৰ এই সময়ছোৱাত অভিনেতা গৰাকীয়ে প্ৰায়ে বিভিন্ন পোষ্ট কৰি জনসাধাৰণক ইয়াৰ পৰা বাচি থাকিবলৈ লগতে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছিল। মৃত্যুৰ শেষৰটো সময়লৈ অভিনেতাগৰাকীয়ে মনোৰঞ্জন কৰাই থকা বুলি প্ৰকাশ কৰে হাস্পাতালত উপস্থিত ডাক্তৰ -নাৰ্চসকলে।

মৃত্যুৰ আগমূহুূৰ্তলৈ মনোৰঞ্জন কৰোৱাইছিল ঋষি কাপুৰেঃ 2


ইয়াৰ লগতে অভিনেতা গৰাকীয়ে এইটো সময়ত কৰ্তব্যৰত হৈ থকা চিকিৎসক, নাৰ্চসকলৰ ওপৰত একাংশই কৰা বিদ্বেষৰ বিৰোধিতা কৰি তেওঁৰ শেষৰটো টুইট কৰে এপ্ৰিল মাহৰ ২ তাৰিখে। তেওঁ নিজৰ শেষৰটো পোষ্টত লিখে যে,” সকলো জাতি ধৰ্মৰ ভাই ভনীসকললৈ মই হাত যোৰ কৰি প্ৰাৰ্থনা কৰিছো যে কৃপা কৰি অহিংসা নকৰিব। ডক্টৰ, নাৰ্চ, পুলিচকৰ্মীক শিলগুটি নামাৰিব আৰু তেওঁলোকক নামাৰিবও। তেওঁলোকে নিজৰ ক্ষতি কৰি আপোনালোকক জীৱন দান দি আছে। আমি সকলোৱে মিলি ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব। জয় হিন্দ। “

মৃত্যুৰ আগমূহুূৰ্তলৈ মনোৰঞ্জন কৰোৱাইছিল ঋষি কাপুৰেঃ 3


ঋষি কাপুৰে প্ৰায়ে ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন পোষ্ট কৰি জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰিছিল। অভিনেতা গৰাকীৰ মৃত্যুত এতিয়া শোকস্তদ্ধ প্ৰত্যেকজন তাৰকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.